• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, October 29, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

কিন্তু কোনো বিশেষ ৰাজনৈতিক মতাদৰ্শ ধাৰণ কৰা বা কোনো বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক হোৱাৰ বাবে প্ৰাৰ্থীক চৰকাৰী চাকৰিৰ বাবে অযোগ্য বুলি গণ্য কৰিব নোৱাৰি। অৰ্থাৎ চৰকাৰী চাকৰি পোৱাত সেই প্ৰাৰ্থীসকলৰ কোনো বাধা নাথাকিব।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
October 29, 2026 2:34 pm
21
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

‘ক্ষমতা সলনিৰ পৰিকল্পনা’ লৈ হিংসাত্মক কাৰ্যকলাপত জড়িত হ’লে চৰকাৰী চাকৰি নাপাব। উত্তৰ প্ৰদেশ চৰকাৰে এই সন্দৰ্ভত এক অধিসূচনা জাৰি কৰিছে। একাধিক খবৰ অনুসৰি চাকৰি প্ৰাৰ্থীসকলৰ কেৰেক্টাৰ ভেৰিফিকেশ্যন বা চৰিত্ৰ পৰীক্ষাৰ নিয়ম আৰু কঠোৰ কৰি যোগী আদিত্যনাথ চৰকাৰে স্পষ্ট কৰি দিছে যে ‘ক্ষমতা সলনিৰ পৰিকল্পনা’ লৈ হিংসাত্মক কাৰ্যকলাপত জড়িতসকলক চৰকাৰী চাকৰি দিয়া নহ’বও পাৰে।

সংবাদ মাধ্যম এনডিটিভিৰ এক বাতৰি অনুসৰি এলাহাবাদ উচ্চ ন্যায়ালয়ৰ নিৰ্দেশত নিযুক্তি আৰু কৰ্মী বিভাগৰ প্ৰধান সচিব এম দেৱৰাজে এই অধিসূচনা জাৰি কৰিছে। ইয়াত উল্লেখ কৰা হৈছে যে যদি কোনো চাকৰি প্ৰত্যাশী কোনো সংগঠনৰ সৈতে জড়িত হৈ থাকে যাৰ উদ্দেশ্য হিংসাৰ জৰিয়তে সমাজৰ যিকোনো প্ৰচলিত ব্যৱস্থা সলনি কৰা, তেন্তে তেওঁক চৰকাৰৰ অধীনত নিযুক্তি প্ৰক্ৰিয়াৰ বাবে অযোগ্য বুলি গণ্য কৰা হ’ব।

ৰাজনৈতিক দলৰ সমৰ্থক হ’লে কি হ’ব?

কিন্তু কোনো বিশেষ ৰাজনৈতিক মতাদৰ্শ ধাৰণ কৰা বা কোনো বিশেষ ৰাজনৈতিক দলৰ সমৰ্থক হোৱাৰ বাবে প্ৰাৰ্থীক চৰকাৰী চাকৰিৰ বাবে অযোগ্য বুলি গণ্য কৰিব নোৱাৰি। অৰ্থাৎ চৰকাৰী চাকৰি পোৱাত সেই প্ৰাৰ্থীসকলৰ কোনো বাধা নাথাকিব। একেদৰে গাইডলাইনত উল্লেখ আছে যে কেৱল এফআইআৰ দাখিল হোৱাৰ বাবেই বা তদন্ত বাকী থাকিলে সংশ্লিষ্ট প্ৰাৰ্থীৰ বাবে চৰকাৰী চাকৰিৰ দুৱাৰ বন্ধ নহ’ব।

Apply Now
‘ক্ষমতা সলনি’ৰ দাবী আৰু বিতৰ্ক

ভোটাৰ তালিকাৰ বিশেষ ব্যাপক সংশোধনী বা এছ আই আৰ বিৰোধী আন্দোলন আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদী কাৰ্যসূচীৰ সময়তে এই নিৰ্দেশনা চৰ্চালৈ আহিছে। বিৰোধী ৰাজনৈতিক দলসমূহে একেলগে সেই আন্দোলন চলাই আছে। ৰাজপথলৈ ওলাই আহিছে ককৰোচ জনতা পাৰ্টিও।

ইয়াৰ মাজতে ‘ক্ষমতা সলনি’ৰ দাবীও উত্থাপন হ’ল। ককৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে, আইছাৰ সভাপতি নেহা বৰা, আৰু ৰাজ্যসভাৰ সাংসদ কপিল ছিবালৰ উপস্থিতিত জ্যেষ্ঠ অধিবক্তা প্ৰশান্ত ভূষনে যুক্তি আগবঢ়ায়, ‘আমি ক্ষমতাৰ পৰিৱৰ্তন বিচাৰো। ক্ষমতা সলনি কৰাটো প্ৰতিজন নাগৰিকৰ সাংবিধানিক অধিকাৰ।’

তেওঁ লগতে কয়, ‘আমি সকলোৱে ক্ষমতাৰ পৰিৱৰ্তন বিচাৰো। তাত কিবা দোষ আছে নেকি? চৰকাৰ পৰিবৰ্তন প্ৰতিজন নাগৰিকৰ গণতান্ত্ৰিক অধিকাৰ। চৰকাৰৰ প্ৰতি অসন্তুষ্টি কোনো অপৰাধ নহয়।’ এ

ই মন্তব্যৰ পিছতে তীব্ৰ বিতৰ্কৰ সৃষ্টি হয়। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অভিযোগ কৰে যে, ‘তেওঁলোকে (প্ৰতিবাদকাৰী) দেশৰ যুৱ প্ৰজন্মক বিশৃংখলতাৰ ৰাজনীতিত পণ্য হিচাপে ব্যৱহাৰ কৰিব বিচাৰে। বাংলাদেশত যি হৈছিল, ঠিক সেইদৰেই শাসন ব্যৱস্থা সলনি কৰাৰ পৰিকল্পনা কৰিছে।’

 অৱশ্যে ককৰোচক সমৰ্থন কৰা অভিনেতা প্ৰকাশ ৰাজে দাবী কৰিছিল যে ভাৰত বাংলাদেশ বা নেপালৰ দৰে নহয়। ‘আমি এই শাসন ব্যৱস্থাৰ পতন বিচাৰো।  আমি এই দেশৰ শাসন ব্যৱস্থা (অৱশ্যে) গণতান্ত্ৰিকভাৱে সলনি কৰিম।’

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

অসম সচিবালয়ত কম্পিউটাৰৰ পৰা আলপিনলৈকে নাটনি, প্ৰশাসনিক কাম-কাজত স্থবিৰতা

October 29, 2026 2:28 pm
“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

“মই গৌৰৱেৰে কওঁ মই দিমাগী নক্সাল”: নাছিৰুদ্দিন শ্বাহৰ মন্তব্যক লৈ সৰৱ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু

October 29, 2026 2:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

অনুমতি অবিহনে গ্ৰাহকৰ একাউণ্টৰ পৰা অন্তৰ্ধান ৩৫ কোটি টকা; মেনেজাৰকে ধৰি ৫ কৰ্মচাৰী নিলম্বিত

October 29, 2026 3:17 pm
‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

‘ক্ষমতা সলনিৰ পৰিকল্পনা’লৈ হিংসাত লিপ্ত হ’লে নাপাব চৰকাৰী চাকৰি; নিৰ্দেশ জাৰি চৰকাৰৰ

October 29, 2026 2:34 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd