• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

ফুটেজত দেখা গৈছে যে অভিযুক্তই সেই ঠাইতে থিয় হৈ গাড়ীখন জ্বলি থকা চাই আছিল। সেই সময়ত ওচৰৰ ঘৰৰ পৰা এগৰাকী মহিলাৰ চিঞৰ শুনা গৈছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2026 12:02 pm
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

33
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চুবুৰীয়াৰ গাড়ীৰ এলাৰ্মৰ শব্দত বিৰক্ত হৈ এজন লোকে ভয়ংকৰ অপৰাধ সংঘটিত কৰিলে। কোনোবাই গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই এলাৰ্মটো বাজি উঠিছিল। তাতেই বিৰক্ত হৈ তেওঁ চুবুৰীয়াৰ গাড়ীত জুই লগাই দিয়াৰ অভিযোগ উঠিছে। গুজৰাটত মোৰবিত সংঘটিত হোৱা ঘটনাত অভিযুক্তৰ এই কাণ্ড অঞ্চলটোৰ চিচিটিভি কেমেৰাত ধৰা পৰে।

ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। আৰক্ষীৰ সূত্ৰ অনুসৰি শিখৰ জয়েশ গোহেল নামৰ এজন ব্যক্তিয়ে মোৰবিৰ ৱাঘপাৰা অঞ্চলৰ নিবাসী পেছাত অধিবক্তা পুষ্পা ভাট (৬৩) আৰু স্বামী কৌশিক ভাটৰ গাড়ীত জুই লগাই দিয়াৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীয়ে প্ৰকাশ কৰা চিচিটিভি ফুটেজৰ পৰা দেখা গৈছে যে বুধবাৰে বিয়লি এখন গাড়ীত অভিযুক্তই সেই স্থানলৈ আহিছিল। হাতত মোবাইল ফোন লৈ তেওঁ কেইবাবাৰো দম্পতীৰ গাড়ীৰ আশেপাশে ঘূৰি ফুৰিছিল।

Apply Now

তাৰ পিছত তেওঁ জ্বলনশীল তৰল পদাৰ্থৰ প্লাষ্টিকৰ বটল এটা আনি গাড়ীৰ বনেট আৰু সন্মুখৰ খিৰিকীখনত ছটিয়াই দিলে। তাৰ পিছত তেওঁ দিয়াচলাই জ্বলাই গাড়ীখনৰ ফালে দলিয়াই দিলে। কিছু মুহূৰ্তৰ ভিতৰতে গাড়ীখনত জুই লাগিল।

ফুটেজত দেখা গৈছে যে অভিযুক্তই সেই ঠাইতে থিয় হৈ গাড়ীখন জ্বলি থকা চাই আছিল। সেই সময়ত ওচৰৰ ঘৰৰ পৰা এগৰাকী মহিলাৰ চিঞৰ শুনা গৈছিল।

ইয়াৰ কিছু সময়ৰ পিছতে অভিযুক্তই সেই স্থান এৰি যোৱা দেখা গ’ল। গাড়ীখন তেতিয়াও জ্বলি আছিল। মোৰবি উপ-আৰক্ষী অধীক্ষক জে এম আলে এক বিবৃতিত কয় যে জ্বলনশীল তৰল ব্যৱহাৰ কৰি গাড়ীখনত অগ্নিসংযোগ কৰা হৈছে।

এই কাণ্ডৰ কাৰণ সন্দৰ্ভত তেওঁ কয়, ‘যেতিয়াই কোনোবাই গাড়ীৰ কাষেৰে পাৰ হৈ যায়, তেতিয়াই চেন্সৰৰ বাবে এলাৰ্ম বাজি উঠিছিল।’ সেইবাবেই অভিযুক্তই বিৰক্তিৰ বাবেই এই কাণ্ড সংঘটিত কৰিছিল বুলি আৰক্ষীৰ পৰা প্ৰাথমিকভাৱে জানিব পৰা গৈছে।

মোৰবিৰ এ ডিভিজন থানাৰ আৰক্ষীয়ে এই ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে। এফআইআৰৰ মতে, বুধবাৰে বিয়লি পুষ্পা ভাটে গাড়ীখন ঘৰৰ বাহিৰত ৰখাই থৈ ভিতৰলৈ গৈ জিৰণি লয়। সন্ধিয়া প্ৰায় ৫ বজাত তেওঁৰ গাড়ীত জুই লগা বুলি ফোনত জানিব পাৰে।

#Gujarat #Morbi: Man arrested for torching woman lawyer’s car after sensors kept beeping

A man set a woman lawyer’s parked car on fire after reportedly becoming irritated by its repeatedly beeping sensors in Morbi. CCTV footage of the incident shows the man pouring petrol on the car, setting it ablaze and then filming the act before leaving the scene. Morbi A Division Police have arrested the accused and initiated legal action.

— Siraj Noorani (@sirajnoorani) October 29, 2026

তাৰ পিছত, তেওঁ আৰু তেওঁৰ স্বামীয়ে বাহিৰলৈ ওলাই আহি গাড়ীখনত জুই জ্বলি থকা দেখিলে। তেতিয়ালৈকে সেই স্থানত ভিৰ গোট খাইছিল। পুষ্পাই জৰুৰীকালীন সেৱালৈ ফোন কৰে। তথ্য লাভ কৰাৰ লগে লগে সন্ধিয়া ৫ বজাৰ কিছু সময়ৰ পিছতে অগ্নিনিৰ্বাপক বাহিনী সেই স্থানত উপস্থিত হয়।

জুই শীঘ্ৰে নিৰ্বাপিত হৈছিল যদিও ইতিমধ্যে গাড়ীখনৰ ক্ষতিসাধন হৈছিল। এফ আই আৰত উল্লেখ আছে যে গাড়ীখনৰ ক্ষতি হৈছে প্ৰায় ৩.৫ লাখ টকা। অভিযুক্ত শিখৰ জয়েশ গোহেলৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ বিভিন্ন ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

ভূটানৰ হিমবাহৰ হ্ৰদ ভাঙি ভয়াবহ বান! অসম আৰু উত্তৰ বংগত বানৰ আশংকা, জাৰি সতৰ্কতা

October 30, 2026 10:52 am
কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

কেৰালাত PWD-ৰ সচিব হৈ থকাৰ সময়ত ৭০০ কোটি টকাৰ লোকচান! জ্ঞানেশৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

October 30, 2026 9:50 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

পাকিস্তানত নিহত আন এজন ভাৰত বিৰোধী সন্ত্ৰাসবাদী; লস্কৰৰ গাজীৰ মৃত্যুত ৰহস্য ঘণীভূত

October 30, 2026 12:56 pm
চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

চুবুৰীয়াৰ গাড়ীৰ কাষেৰে পাৰ হৈ গ’লেই বাজি উঠে এলাৰ্ম! খঙৰ ভমকত গাড়ীয়ে জ্বলাই দিলে ব্যক্তিয়ে

October 30, 2026 12:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd