• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2026 3:36 pm
20
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ককৰোচ জনতা পাৰ্টি (CJP)-ৰ মুখপাত্ৰ সৌৰভ দাসৰ বিৰুদ্ধে দাখিল কৰা এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদনৰ ভিত্তিত জাননী জাৰি কৰিছে মাদ্ৰাজ উচ্চ ন্যায়ালয়ে। ন্যায় ব্যৱস্থা আৰু উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ অভিযোগ তুলি সৌৰভ দাসৰ পৰিচয় আৰু পাৰিবাৰিক পটভূমিৰ তদন্ত, পাছপ’ৰ্ট আৰু আধাৰ কাৰ্ড বাতিল কৰাৰ লগতে তেওঁৰ সমাজমাধ্যমৰ একাউণ্ট বন্ধ কৰাৰ দাবী জনোৱা হৈছে এই আবেদনত। শুকুৰবাৰে গোচৰটোৰ শুনানি গ্ৰহণ কৰি সৌৰভ দাসসহ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও বিভাগলৈ জাননী প্ৰেৰণ কৰে আদালতে। অৱশ্যে এই পৰ্যায়ত অভিযোগসমূহৰ সত্যাসত্য সন্দৰ্ভত কোনো সিদ্ধান্ত দিয়া নাই ন্যায়ালয়ে।

মুখ্য ন্যায়াধীশ সুশ্ৰুত অৰবিন্দ ধৰ্মাধিকাৰী আৰু ন্যায়াধীশ জি অৰুণ মুৰুকনৰ বিচাৰপীঠত গোচৰটোৰ শুনানি অনুষ্ঠিত হয়। চেন্নাইৰ জামিন পল্লাভৰমৰ বাসিন্দা আৰ গণেশ কুমাৰে এই ৰাজহুৱা স্বাৰ্থজড়িত আবেদনখন দাখিল কৰিছে। আবেদনকাৰীৰ অভিযোগ অনুসৰি, সৌৰভ দাসে বাৰে বাৰে ন্যায় ব্যৱস্থা, আনকি ভাৰতৰ মুখ্য ন্যায়াধীশ আৰু উচ্চতম ন্যায়ালয়ৰ আন ন্যায়াধীশসকলৰ বিৰুদ্ধেও আপত্তিজনক মন্তব্য কৰি আহিছে।

Apply Now

আবেদনখনত কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়সহ সংশ্লিষ্ট কৰ্তৃপক্ষক সৌৰভ দাস আৰু তেওঁৰ পৰিয়ালৰ সদস্যসকলৰ পৰিচয় তথা অতীতৰ বিষয়ে বিশদ, সম্পূৰ্ণ আৰু নিৰপেক্ষ তদন্ত কৰাৰ নিৰ্দেশ দিবলৈ আদালতক অনুৰোধ জনোৱা হৈছে। বিশেষকৈ তেওঁৰ মাতৃ আৰু প্ৰকৃত পিতৃৰ পৰিচয় সন্দৰ্ভতো তদন্তৰ দাবী জনাইছে আবেদনকাৰীয়ে। আবেদনখনত উল্লেখ কৰা অনুসৰি, তেওঁলোক পুডুচেৰীত বাস কৰে।

তদন্তৰ জৰিয়তে প্ৰয়োজনীয় কাৰণ পোহৰলৈ আহিলে সৌৰভ দাসৰ পাছপ’ৰ্ট আৰু আধাৰ কাৰ্ড বাতিল কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈও আবেদন জনোৱা হৈছে। ইয়াৰ উপৰি কেন্দ্ৰীয় তথ্য-প্ৰযুক্তি মন্ত্ৰ্যালয়ক তেওঁৰ এক্স আৰু ইনষ্টাগ্ৰামৰ একাউণ্ট বন্ধ কৰাৰ নিৰ্দেশ দিবলৈও আদালতক অনুৰোধ জনাইছে আবেদনকাৰীয়ে। ভৱিষ্যতে ন্যায় ব্যৱস্থাৰ বিৰুদ্ধে তেওঁৰ অভিযোগ অনুসৰি কৰা অপমানজনক মন্তব্য বন্ধ কৰাৰ ব্যৱস্থা গ্ৰহণৰো দাবী উত্থাপন কৰা হৈছে।

গোচৰটোত চেন্নাইৰ আঞ্চলিক পাছপ’ৰ্ট বিষয়া, আধাৰ কৰ্তৃপক্ষ, কেন্দ্ৰীয় গৃহ মন্ত্ৰ্যালয়, বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়, আইন আৰু ন্যায় মন্ত্ৰ্যালয় তথা তথ্য-প্ৰযুক্তি মন্ত্ৰ্যালয়ক পক্ষভুক্ত কৰা হৈছে। ইয়াৰ লগতে এক্স আৰু ইনষ্টাগ্ৰামৰ অভিযোগ নিষ্পত্তিৰ দায়িত্বত থকা বিষয়াসকলকো গোচৰটোত পক্ষ কৰা হৈছে।

শুনানিৰ সময়ত আবেদনকাৰীৰ অধিবক্তা বি জগন্নাথে আদালতক জনায় যে যোৱা ৭ অক্টোবৰত সংশ্লিষ্ট কৰ্তৃপক্ষৰ ওচৰত এই সন্দৰ্ভত অভিযোগ দাখিল কৰা হৈছিল যদিও কোনো উত্তৰ লাভ কৰা নাই। তেওঁৰ মতে, ন্যায় ব্যৱস্থা সন্দৰ্ভত সৌৰভ দাসৰ কথিত মন্তব্যৰ ধৰণ গ্ৰহণযোগ্য নহয়। সেয়েহে বিষয়টোত চৰকাৰী পৰ্যায়ত তদন্তৰ প্ৰয়োজন আছে।

শুকুৰবাৰে জাননী জাৰি কৰি ছয় সপ্তাহৰ ভিতৰত জবাব দাখিল কৰিবলৈ সংশ্লিষ্ট পক্ষসমূহক নিৰ্দেশ দিয়ে ন্যায়ালয়ে। ইয়াৰ পাছতে গোচৰটোৰ পৰৱৰ্তী শুনানি অনুষ্ঠিত হ’ব। অৱশ্যে মন কৰিবলগীয়া যে, এই পৰ্যায়ত সৌৰভ দাসৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সত্যতা নিৰূপণ কৰা নাই আদালতে। তেওঁৰ পৰিচয়, পাছপ’ৰ্ট, আধাৰ কাৰ্ড অথবা সমাজমাধ্যমৰ একাউণ্ট সন্দৰ্ভতো কোনো চূড়ান্ত নিৰ্দেশ দিয়া হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm
ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

ইউৰোপৰ সৈতে যুদ্ধৰ বাবে সাজু ৰাছিয়া; সকীয়াই দিলে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে

October 30, 2026 1:43 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd