• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 30, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
October 30, 2026 6:50 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰাখণ্ডৰ চামোলি জিলাত সংঘটিত হৈছে এক শোকাৱহ হেলিকপ্টাৰ দুৰ্ঘটনা। বদ্ৰীনাথ ধামৰ পৰা ঋষিকেশলৈ উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় যাত্ৰী কঢ়িয়াই অনা এখন হেলিকপ্টাৰ। হেলিকপ্টাৰখনত থকা ছয়গৰাকী লোকৰ আটাইকেইজনৰ মৃত্যু হোৱা বুলি আশংকা কৰা হৈছে। অৱশ্যে এই পৰ্যন্ত মৃত্যুৰ আনুষ্ঠানিক নিশ্চিতি লাভ কৰা হোৱা নাই।

প্ৰাথমিক তথ্য অনুসৰি, ৩০ অক্টোবৰত ট্ৰান্স নামৰ এটা সংস্থাৰ হেলিকপ্টাৰখনে বদ্ৰীনাথ ধামৰ পৰা ছয়গৰাকী যাত্ৰীসহ ঋষিকেশ অভিমুখে যাত্ৰা আৰম্ভ কৰিছিল। কিন্তু বদ্ৰীনাথ আৰু যোশীমঠৰ মাজৰ আকাশমাৰ্গত হঠাৎ হেলিকপ্টাৰখনৰ সৈতে নিয়ন্ত্ৰণ কক্ষৰ যোগাযোগ বিচ্ছিন্ন হৈ পৰে। তাৰ পিছৰে পৰা হেলিকপ্টাৰখনৰ কোনো সন্ধান লাভ কৰা হোৱা নাছিল।

Apply Now

যোগাযোগ বিচ্ছিন্ন হোৱাৰ খবৰ পোৱাৰ পিছতে তৎপৰ হৈ পৰে জিলা প্ৰশাসন। হেলিকপ্টাৰখনৰ সন্ধানত প্ৰশাসনৰ লগতে সংশ্লিষ্ট কোম্পানীয়েও অভিযান আৰম্ভ কৰে। চামোলিৰ জিলা আয়ুক্ত গৌৰৱ কুমাৰে প্ৰকাশ কৰা মতে, সেনাৰ পৰা লাভ কৰা তথ্যৰ ভিত্তিত হেলিকপ্টাৰখনৰ অৱস্থানৰ সম্ভেদ পোৱা যায়। ইয়াৰ পিছতে দুৰ্ঘটনাৰ বিষয়টো নিশ্চিত হয়।

প্ৰাথমিক অনুসন্ধানত পোহৰলৈ অহা তথ্য অনুসৰি, প্ৰতিকূল বতৰৰ মাজতে চাঁই আৰু থেং গাঁৱৰ ওপৰৰ পাহাৰীয়া অঞ্চলত হেলিকপ্টাৰখন দুৰ্ঘটনাত পতিত হয়। দুৰ্গম অঞ্চলটোত উদ্ধাৰ অভিযান চলোৱাৰ ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিছে।

ইফালে, হেলিকপ্টাৰখনত থকা ছয়গৰাকী লোকৰ কোনো এজনেই জীৱিত অৱস্থাত উদ্ধাৰ হোৱাৰ সম্ভাৱনা ক্ষীণ বুলি আশংকা কৰা হৈছে। অৱশ্যে যাত্ৰীসকলৰ পৰিচয়, দুৰ্ঘটনাৰ সঠিক কাৰণ আৰু ক্ষয়-ক্ষতিৰ সম্পূৰ্ণ তথ্য এতিয়াও প্ৰকাশ কৰা হোৱা নাই। এই সন্দৰ্ভত প্ৰশাসনৰ আনুষ্ঠানিক বিবৃতিৰ অপেক্ষা কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm
বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm
ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

ক’ত আত্মগোপন কৰিছে ঘনকান্তৰ পত্নী জোনমণিয়ে? অভিযান আৰম্ভ কৰিছে আৰক্ষীয়ে

October 30, 2026 5:00 pm
সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

সৌৰভ দাসৰ পাছপ’ৰ্ট-আধাৰ বাতিলৰ আবেদন : ছয় সপ্তাহৰ ভিতৰত জবাব দিব লাগিব কেন্দ্ৰীয় চৰকাৰৰ সংশ্লিষ্ট বিভাগে

October 30, 2026 3:36 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

পাৰ্কিঙক লৈ সামান্য বাক্‌বিতণ্ডা! ২২ ছেকেণ্ডতে পাঁচ জাঁই গুলীচালনাৰে তিনিজনক হত্যা

October 30, 2026 7:45 pm
বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

বদ্ৰীনাথৰ পৰা উভতাৰ পথতে হেলিকপ্টাৰ দুৰ্ঘটনা, ৬জনৰ মৃত্যুৰ আশংকা

October 30, 2026 6:50 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd