গাড়ী ৰখাক লৈ সামান্য বাক্বিতণ্ডা। তাৰ পিছতে ৰাজপথত অস্ত্ৰ উলিয়াই নিৰ্বিচাৰে গুলীচালনা। মাত্ৰ ২২ ছেকেণ্ডৰ ভিতৰতে পাঁচ জাঁই গুলী চলাই তিনিজন লোকক হত্যা কৰিলে এজন যুৱকে। লক্ষ্ণৌৰ সাদাতগঞ্জ অঞ্চলত সংঘটিত এই নৃশংস হত্যাকাণ্ডৰ এক গা শিহৰণকাৰী ভিডিঅ’ বৃহস্পতিবাৰে পোহৰলৈ অহাৰ পিছতে সমগ্ৰ দেশতে চাঞ্চল্যৰ সৃষ্টি হৈছে। ভিডিঅ’টোত দেখা গৈছে, শুক্লা উপাধিৰ ৩০ বছৰীয়া অভিযুক্ত যুৱকজনে দিনৰ পোহৰতে অতি কম সময়ৰ ভিতৰত পাঁচ জাঁই গুলী চলাইছে।
আৰক্ষী সূত্ৰৰ খবৰ অনুসৰি, যোৱা ২৬ অক্টোবৰৰ পুৱা প্ৰায় ১০.৩০ বজাত এটা খালী মাটিত গাড়ী ৰখাক কেন্দ্ৰ কৰি দুটা পক্ষৰ মাজত তীব্ৰ তৰ্কাতৰ্কিৰ সূত্ৰপাত হৈছিল। বাক্বিতণ্ডা চলি থকাৰ মাজতে হঠাৎ নিজৰ লগত থকা আগ্নেয়াস্ত্ৰ উলিয়াই গুলীচালনা কৰিবলৈ আৰম্ভ কৰে অভিযুক্ত শুক্লাই। ভাইৰেল হোৱা ভিডিঅ’টোত প্ৰথমে দুজাঁই গুলী চলোৱাৰ পিছত আগ্নেয়াস্ত্ৰত পুনৰ গুলী ভৰাই আন তিনিজাঁই গুলী চলোৱা দেখা গৈছে। গুলীচালনাৰ সময়ত অভিযুক্তজনে চিঞৰি চিঞৰি কৈছিল, “তেওঁলোকে মোক ইটাৰে মাৰিছিল, সেয়েহে মই গুলী চলাইছোঁ।”
এই আক্ৰমণত গুৰুতৰভাৱে আহত হয় ৬২ বছৰীয়া শিৱাজী তিৱাৰী, ৫৫ বছৰীয়া শিৱেন তিৱাৰী আৰু ৩০ বছৰীয়া সুয়শ তিৱাৰী। ৰক্তাক্ত অৱস্থাত তিনিওজনকে ততাতৈয়াকৈ কিং জৰ্জ মেডিকেল বিশ্ববিদ্যালয়ৰ ট্ৰমা চেণ্টাৰলৈ লৈ যোৱা হয় যদিও চিকিৎসকে তেওঁলোকক মৃত ঘোষণা কৰে। ঘটনাৰ পিছতে স্থানীয় লোকসকলে অভিযুক্তজনক আগুৰি ধৰাত আৰক্ষীয়ে ঘটনাস্থলীৰ পৰাই তেওঁক আটক কৰে। পৰৱৰ্তী সময়ত তেওঁক গ্ৰেপ্তাৰ কৰা হয়। অভিযুক্তৰ পৰা হত্যাকাণ্ডত ব্যৱহৃত পিষ্টল আৰু ব্যৱহাৰ কৰা চাৰিটা কাৰ্তুজ উদ্ধাৰ কৰা হৈছে। আৰক্ষীয়ে অভিযুক্তক গ্ৰেপ্তাৰ কৰা দৃশ্যও ইতিমধ্যে সামাজিক মাধ্যমত বিয়পি পৰিছে। জানিব পৰা মতে, শুক্লাই পূৰ্বে মাৰ্চেণ্ট নেভিত নেভিগেচন বিষয়া হিচাপে কৰ্মৰত আছিল।
নিহত শিৱেন তিৱাৰীৰ পত্নী ৰুচি তিৱাৰীৰ লিখিত অভিযোগৰ ভিত্তিত আৰক্ষীয়ে আঠজন লোকৰ বিৰুদ্ধে হত্যা আৰু দাঙ্গাৰ অভিযোগত গোচৰ ৰুজু কৰিছে। আনহাতে, দিনৰ পোহৰতে সংঘটিত এই ভয়ংকৰ হত্যাকাণ্ডক লৈ আৰক্ষীৰ ভূমিকা সন্দৰ্ভতো প্ৰশ্ন উত্থাপন হৈছে। কৰ্তব্যত গাফিলতিৰ অভিযোগত লক্ষ্ণৌৰ আৰক্ষী আয়ুক্ত তৰুণ গাবাই ঘটনাৰ পিছতে সাদাতগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া সন্তোষ কুমাৰ আৰ্য আৰু কাশ্মীৰী মহল্লা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া অজয় কুমাৰ চৌৰাছিয়াক নিলম্বন কৰে।
সংবাদ সংস্থা পিটিআইৰ তথ্য অনুসৰি, নিহত তিনিজনৰ মাজৰ এজন লক্ষ্ণৌত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰ এছ এছ) জিলা পৰ্যায়ৰ দায়িত্বত আছিল। ঘটনাটোক কেন্দ্ৰ কৰি ক্ষোভিত হৈ পৰিছে বিজেপিৰ কেইবাগৰাকীও নেতা আৰু সংঘৰ সমৰ্থক। তিৱাৰী পৰিয়ালৰ সদস্যসকলে দোষীৰ বিৰুদ্ধে দ্ৰুত বিচাৰ আৰু কঠোৰ শাস্তিৰ দাবীত অঞ্চলটোত প্ৰতিবাদ সাব্যস্ত কৰিছে। হত্যাকাণ্ডৰ পিছত সমগ্ৰ চহৰখনতে উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হোৱাত অঞ্চলটোত অতিৰিক্ত নিৰাপত্তাৰক্ষী মোতায়েন কৰা হৈছে।




