• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 1, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

তৃণমূল পৰ্যায়ত ফুটবলৰ বিকাশ আৰু উদীয়মান খেলুৱৈসকলক উপযুক্ত মঞ্চ প্ৰদানৰ লক্ষ্যৰে অসম ক্ৰিকেট সন্থাৰ সহযোগত গুৱাহাটী ক্ৰীড়া সন্থাই জিলা ক্ৰীড়া সন্থাসমূহৰ সৈতে মিলি দেওবাৰৰ পৰা ৰাজ্যৰ বিভিন্ন জিলাত ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতাৰ পাতনি মেলিছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 1, 2026 8:02 pm
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটী ক্ৰীড়া সন্থাৰ উদ্যোগত, অসমৰ জিলা ক্ৰীড়া সন্থাসমূহৰ সহযোগত আৰু অসম ক্ৰিকেট সন্থাৰ পৃষ্ঠপোষকতাত দেওবাৰৰ পৰা ৰাজ্যজুৰি ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ফুটবল প্ৰতিযোগিতা ২০২৬ আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। প্ৰতিযোগিতাখনৰ সঞ্চালক পৰেশ চন্দ্ৰ দাসে জাৰি কৰা এক প্ৰেছ বিজ্ঞপ্তি অনুসৰি, ৰাজ্যখনৰ তৃণমূল পৰ্যায়ত ফুটবলৰ প্ৰচাৰ, প্ৰসাৰ আৰু উদীয়মান খেলুৱৈসকলক প্ৰতিযোগিতামূলক মঞ্চ প্ৰদানৰ লক্ষ্যৰে একেলগে কেইবাখনো জিলাত এই ঐতিহ্যমণ্ডিত প্ৰতিযোগিতাখনৰ জিলা পৰ্যায়ৰ খেলসমূহ আৰম্ভ কৰা হৈছে। মধ্য অসমৰ ২ নং ক্লাষ্টাৰৰ অধীনত নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত উদ্বোধনী অনুষ্ঠানত নগাঁও ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত প্ৰাক্তন সন্তোষ ট্ৰফী খেলুৱৈ দীপক দাসে আনুষ্ঠানিকভাৱে প্ৰতিযোগিতাখন উদ্বোধন কৰে। একেদৰে উজনি অসম মণ্ডলৰ ১ নং ক্লাষ্টাৰৰ খেলসমূহ তিনিচুকীয়া জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকলৰ উপস্থিতিত তিনিচুকীয়াত উদ্বোধন কৰা হয়।

 

Apply Now

উত্তৰ গুৱাহাটীৰ ফুলুঙস্থিত জিটিচি ফুটবল একাডেমী খেলপথাৰত অনুষ্ঠিত কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ প্ৰথমখন খেলত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবে গ্ৰীণফিল্ড এফ চিক ৮-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে। বিজয়ী দলটোৰ হৈ লালহ্ৰিয়াত পুইয়াই ৪২, ৫৬ আৰু ৭০ মিনিটত হেট্ৰিক অৰ্জন কৰাৰ লগতে পি কলিতাই ৬ মিনিটত, এল লণ্ডোৱে ৮ মিনিটত, এম কলিতাই ২০ মিনিটত, এন ৰাভাই ২৬ মিনিটত আৰু ৰাণা ৰায়ে ৬৬ মিনিটত এটাকৈ গ’ল স্ক’ৰ কৰে। একেখন খেলপথাৰত অনুষ্ঠিত দ্বিতীয়খন খেলত এএছইবি স্প’ৰ্টছ ক্লাবে গুৱাহাটী চিটি এফ চিক ২-০ গ’লত পৰাস্ত কৰে। এএছইবিৰ হৈ পাপু দেউৰীয়ে ৪২ মিনিটত আৰু ইমানুৱেল স্বৰ্গীয়াৰীয়ে ৬৫ মিনিটত গ’ল দুটা দিয়ে। ইফালে, ৫ নং ক্লাষ্টাৰৰ অন্তৰ্গত শিলচৰত অনুষ্ঠিত এখন খেলত লেনৰুৱল এফ চিয়ে স্প’ৰ্টিং স্পিৰিট ৱাই চিক ২২-৩ গ’লৰ এক বিশাল ব্যৱধানত পৰাস্ত কৰে। কাৰ্বি আংলঙত চিৰিণ্টি এফ চিয়ে ইয়ং গান এফ চিক ৫-৪ গ’লত পৰাস্ত কৰাৰ বিপৰীতে ইউনাইটেড ব্ৰাদাৰ্ছ এফ চি আৰু কাছা এফ চি চিৰ খেলখন গ’লশূন্যভাৱে অমীমাংসিত হৈ ৰয়।

 

১ নং ক্লাষ্টাৰৰ অধীনত মাজুলীত পহৰিচুক ৰাইজিং এফ চিয়ে জাগৰণ এফ চিক ৩-১ গ’লত আৰু জেননেক্সট এফ চিয়ে ত্ৰিবেণী এফ চিক ৩-২ গ’লত পৰাস্ত কৰে। যোৰহাটত কাকজান এফ চিয়ে অল ষ্টাৰ ক্লাবক ২-০ গ’লত হৰুৱায় আৰু ৰোৱাৰ্ড ক্লাব বনাম যোৰহাট টাউন ক্লাবৰ খেলখন অমীমাংসিতভাৱে সমাপ্ত হয়। শিৱসাগৰৰ পিয়লি ফুকন ষ্টেডিয়ামত হালুৱাটিং ফুটবল ক্লাবে গোঁহাইবাৰী ফুটবল ক্লাবক ৫-১ গ’লত আৰু শিৱসাগৰ চিলড্ৰেন এফ চি চিয়ে জামুগুৰি ফুটবল ক্লাবক ৪-২ গ’লত পৰাস্ত কৰে। চৰাইদেউত হিংগৰাজান এফ চিয়ে জুটুলনী এফ চিক ৩-২ গ’লত আৰু মাহমৰা নৱজ্যোতি সংঘই মঞ্জুশ্ৰী টি ইষ্টেট এফ চিক ৫-০ গ’লত পৰাস্ত কৰে। আনহাতে, ২ নং ক্লাষ্টাৰৰ ধেমাজিত লিভিং ফুটবল একাডেমীয়ে মৰ্ণিং এফ চিক ১-০ গ’লত আৰু ড্ৰেগন ক্লাবে মিলন জ্যোতি সংঘক ৩-২ গ’লত হৰুৱায়। মঙলদৈত মুদৈবাৰী জংলৌৰী ক্লাবে ইউনাইটেড ক্লাব মঙলদৈক ২-০ গ’লত আৰু শান্তিপুৰ সংঘই মঙলদৈ টাউন ক্লাবক ৪-০ গ’লত পৰাস্ত কৰে।

 

৩ নং ক্লাষ্টাৰৰ নগাঁৱত নগাঁও টাউন ক্লাবে কছমাৰী উপ ক্ৰীড়া সন্থাক ৭-২ গ’লত আৰু উদয় ক্লাবে ষ্টাৰ স্প’ৰ্টিং ক্লাবক ২-০ গ’লত পৰাস্ত কৰে। পশ্চিম কাৰ্বি আংলঙত ডিএছএই টুম্প্ৰেং এফ চিক ৬-১ গ’লত আৰু আমৰি চিনথং এফ চিয়ে ভথাতলাংছ’ এফ এক ৩-২ গ’লত হৰুৱায়। মৰিগাঁৱত জাগীৰোড ক্ৰীড়া সন্থাই অসমী জ্যোতি ক্লাবক ২-০ গ’লত আৰু কুশতলী আঞ্চলিক ক্ৰীড়া সন্থাই চৰাই বাহলী আঞ্চলিক ক্ৰীড়া সন্থাক ১-০ গ’লত পৰাস্ত কৰে। হোজাইত কাংলেই ক্লাবে কঠালতলী ফ্ৰেণ্ডছ ক্লাবক ৫-২ গ’লত আৰু শংকৰদেৱ নগৰ এছ এই কাকী এফ চিক ৪-১ গ’লত হৰুৱায়। ৪ নং ক্লাষ্টাৰৰ বাক্সাত আঠিয়াবাৰী ভেনাছ ক্লাবে বৰমা ইউনাইটেড এফ চিক ৩-১ গ’লত পৰাস্ত কৰে আৰু বাগানপাৰা ড্ৰেগন ক্লাব বনাম জপাডং জাৰ্মান ক্লাবৰ খেলখন ০-০ গ’লত অমীমাংসিত থাকে। বৰপেটাত নৱৰূপ ক্লাবে চেঙা আঞ্চলিক ক্ৰীড়া সংঘক ৭-২ গ’লত আৰু টাউন এথলেটিক ক্লাবে বৰনগৰ এফ চিক ৩-০ গ’লত হৰুৱায়। ধুবুৰীত কে জি ফুটবল কোচিং চেণ্টাৰে বিবেকানন্দ ক্লাবক ১-০ গ’লত পৰাস্ত কৰে আৰু চাপটগ্ৰাম এফ চি বনাম জ্যোতি সংঘৰ খেলখন ২-২ গ’লত অমীমাংসিত হয়। ইয়াৰ উপৰি ৬ নং ক্লাষ্টাৰৰ তামুলপুৰত ৰণজোঁট ক্লাবে গোৰেশ্বৰ টাউন এফ চিক ১-০ গ’লত, গোৱালপাৰাত পুৰণা শ্মশান ইউথ ক্লাবে বৰদামাল আঞ্চলিক এছ এক ৩-২ গ’লত আৰু ৰাজাপাৰা আঞ্চলিক এছ এই তাৰাইবাৰী এফ চিক ২-০ গ’লত, নলবাৰীত ডলফিন স্প’ৰ্টছ ক্লাবে ৰানাৰ্ছ ক্লাবক ২-০ গ’লত আৰু সোণাপুৰ স্প’ৰ্টছ ক্লাবে নৰ্থ কামৰূপ এছ চিক ৩-১ গ’লত তথা কামৰূপ জিলাত ছয়গাঁও এফ চিয়ে প্ৰাইভেট স্প’ৰ্টছ একাডেমীক ৩-১ গ’লত আৰু আছাম ৱাৰিয়ৰ্ছ এফ চিয়ে আছাম ৰাইন’ এফ চিক ২-১ গ’লত পৰাস্ত কৰে।

 

উল্লেখযোগ্য যে পূর্বৰ একালৰ মেজৰ নটেন্দ্ৰ নাথ শৰ্মা সোঁৱৰণী এই ঐতিহ্যমণ্ডিত ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীয়ে অসমৰ ক্ৰীড়া ইতিহাসত এক বিশেষ স্থান দখল কৰি আহিছে। কাইলৈ অৰ্থাৎ ২ নৱেম্বৰৰ দিনা দিনৰ ১:৩০ বজাত কামৰূপ মহানগৰ জিলা পৰ্যায়ৰ পৰৱৰ্তী খেলত এ ৱাৰিয়ৰ্ছ এফ চি ইণ্ডিয়া আৰু ডিবিআই স্প’ৰ্টছ ক্লাবৰ মুখামুখি হ’ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

দিল্লীত মমতা বেনাৰ্জীৰ হুংকাৰ! ‘ভোট চুৰি, য়েছ পাপা’ শ্লোগানেৰে উত্তাল ৰামলীলা ময়দান

November 1, 2026 5:32 pm
ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

ভোটাৰ পঞ্জীয়নত ব্যাপক বিসংগতি: উত্তৰ প্ৰদেশত ৮০৬ গৰাকী কম্পিউটাৰ সহায়কৰ ব্যৱহাৰিক অধিকাৰ কাঢ়িলে নিৰ্বাচন আয়োগে

November 1, 2026 4:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

‘জৰুৰী গোচৰসমূহ আৰু অধিক কাৰ্যকৰীভাৱে চিনাক্ত কৰিব পৰা নাযায় নেকি?’ ক্ৰমবৰ্ধমান আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়িক প্ৰক্ৰিয়াৰ পৰ্যালোচনাৰ আহ্বান মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

November 1, 2026 8:44 pm
ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

ৰাজ্যজুৰি আৰম্ভ ৭১ সংখ্যক লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী: কামৰূপ মহানগৰত গিৰিজানন্দ স্প’ৰ্টছ ক্লাবৰ ৮-০ গ’লত বৃহৎ জয়

November 1, 2026 8:02 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd