• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোৰ পথটোত এটা বৃহৎ গহ্বৰ সৃষ্টি হোৱাৰ লগতে বিমানখনৰ জ্বলি থকা টুকুৰাবোৰ সিঁচৰতি হৈ পৰে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 2, 2026 7:56 am
10
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আমেৰিকাৰ দক্ষিণ ফ্ল’ৰিডাৰ ঘন জনবসতিপূৰ্ণ অঞ্চলত এখন বিলাসী ব্যক্তিগত বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। দেওবাৰে বিয়লি সংঘটিত হোৱা এই ঘটনাত বিমানত থকা ৯ জন লোকৰ আটাইকেইজন লোক নিহত হয়।

লিয়াৰজেট ৬০(Learjet 60)মডেলৰ বিমানখন হঠাতে আকাশৰ পৰা পোনে পোনে তললৈ সৰি পৰি তীব্ৰ শব্দৰে বিস্ফোৰণ ঘটে। লগে লগে বিমানখনত অগ্নিকাণ্ড সংঘটিত হয়। এই ঘটনাৰ বাবে অঞ্চলটোৰ কেইবাটাও ঘৰ ক্ষতিগ্ৰস্ত হয়।

আৰক্ষীয়ে জনোৱা মতে, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ মাৰ-এ-লাগো ৰিজ’ৰ্টৰ পৰা মাত্ৰ ১৪ কিলোমিটাৰ দূৰত্বত অৱস্থিত পাম বিচ কাউন্টিৰ ক্ৰীশ্বেভেন অঞ্চলত সংঘটিত হৈছে এই দুৰ্ঘটনা।

Apply Now

টেক্সাছৰ অষ্টিন-বাৰ্গষ্ট্ৰম আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ পৰা বাহামাৰ নৰ্থ এলিউথেৰা বিমানবন্দৰলৈ গৈ আছিল বিমানখন।  প্ৰথম অৱস্থাত বিমানখনে বোকাৰেটনৰ পৰা উৰা মাৰিছিল বুলি কিছু খবৰ ওলাইছিল যদিও এই কথা নিশ্চিত হোৱা নাই। প্ৰায় ৮০০০ ফুট উচ্চতাত উৰি থাকোঁতে হঠাৎ সোঁফালে ঘূৰি ক্ষেপণাস্ত্ৰৰ বেগত মাটিৰ ফালে নামি আহে বিমানখন।

মিলিটাৰী ট্ৰেইল আৰু ১০ এভিনিউ নৰ্থৰ ওচৰত স্থানীয় সময় অনুসৰি দুপৰীয়া প্ৰায় ১ বজাত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয়। প্ৰত্যক্ষদৰ্শীৰ মতে, বিমানখনে গছত খুন্দা মাৰি বিদ্যুৎ পৰিবাহী তাঁৰ ভাঙি পেলোৱাৰ পূৰ্বে পথত পৰি যায়।

দুৰ্ঘটনাটোৰ ফলত অঞ্চলটোৰ পথটোত এটা বৃহৎ গহ্বৰ সৃষ্টি হোৱাৰ লগতে বিমানখনৰ জ্বলি থকা টুকুৰাবোৰ সিঁচৰতি হৈ পৰে। আকাশখন ডাঠ ক’লা ধোঁৱাই আৱৰি ধৰিছিল। পাৰ হৈ যোৱা এখন গাড়ীৰ কেমেৰাত বন্দী হয় ভয়ংকৰ বিস্ফোৰণৰ ছবি।

দুৰ্ঘটনা সংঘটিত হোৱাৰ সময়ত অঞ্চলটোত আকাশ ডাৱৰীয়া হোৱাৰ লগতে বৰষুণ পৰিছিল আৰু বজ্ৰপাত হৈছিল। মিয়ামি বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা মতে, ঘণ্টাত প্ৰায় ১৫ৰ পৰা ২৫ মাইল বেগত ধুমুহা বলিছিল। দুৰ্ঘটনাটো কাৰণ বতৰ সম্পৰ্কীয় নেকি তাৰ তদন্ত অব্যাহত আছে। আমেৰিকাৰ পৰিবহণ সচিব শ্বেন ডাফীয়ে এই ঘটনাত শোক প্ৰকাশ কৰে।

WATCH: New video captures the aircraft crash in Greenacres, Florida. https://t.co/LTy88l1Xkz

— AZ Intel (@AZ_Intel_) November 1, 2026

দুৰ্ঘটনাৰ পিছতে আৰক্ষীয়ে মিলিটাৰী ট্ৰেইলৰ সকলো লেন বন্ধ কৰি দিয়ে। অৱশ্যে বিকল্প পথৰ পৰামৰ্শ দিয়া হয়। ফেডাৰেল এভিয়েশন এডমিনিষ্ট্ৰেচন (এফ এ এ) আৰু নেশ্যনেল ট্ৰেন্সপ’ৰ্টেশন ছেফটি ব’ৰ্ড (এন টি এছ বি) ঘটনাস্থলীত উপস্থিত হৈ দুৰ্ঘটনাৰ কাৰণ নিৰ্ণয়ৰ বাবে উচ্চ পৰ্যায়ৰ তদন্ত আৰম্ভ কৰিছে। একে সময়তে আমেৰিকাৰ পৰিবহণ বিভাগে সমগ্ৰ পৰিস্থিতিৰ ওপৰত চকু ৰাখিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

জেনেভাত ৩৪ কোটি টকাৰ এপাৰ্টমেণ্ট; কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ পুৰীতকৈও অধিক সম্পত্তি পত্নীৰ

November 2, 2026 8:52 am
ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

ঘন জনবসতিপূৰ্ণ অঞ্চলত ভাঙি পৰিল বিলাসী ব্যক্তিগত বিমান; ফ্ল’ৰিডাত ৯ জন লোকৰ মৃত্যু

November 2, 2026 7:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd