দাম্পত্য কলহ কেতিয়াও গৰ্ভপাতৰ ভিত্তি হ’ব নোৱাৰে বুলি স্পষ্ট কৰি দিছে উচ্চতম ন্যায়ালয়ে। স্বামীৰ সৈতে হোৱা মনোমালিন্যৰ বাবে এগৰাকী মহিলাই তেওঁৰ ছমাহৰো অধিক সময়ৰ গৰ্ভাৱস্থা সমাপ্ত কৰিবলৈ অনুমতি বিচাৰি দাখিল কৰা আবেদনৰ সোমবাৰে শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতখনে এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে। আনহাতে, মহিলাগৰাকীৰ স্বামীয়ে গৰ্ভস্থ সন্তানটিৰ ওপৰত পিতৃ হিচাপে তেওঁৰো অধিকাৰ থকা বুলি দৰ্শাই এই গৰ্ভপাতৰ আবেদনৰ তীব্ৰ বিৰোধিতা কৰে।
ন্যায়াধীশ বি ভি নাগৰত্না আৰু ন্যায়াধীশ আৰ মহাদেৱনৰ বিচাৰপীঠে কয় যে ধৰ্ষণ, যৌন নিৰ্যাতন অথবা ভ্ৰূণৰ কোনো শাৰীৰিক জটিলতা থাকিলেহে গৰ্ভপাতৰ অনুমতি দিব পাৰি, কিন্তু বৰ্তমানৰ গোচৰটো সম্পূর্ণ পৃথক। স্বামী আৰু শহুৰেকৰ পৰিয়ালৰ লোকৰ সৈতে হোৱা কাজিয়া বা দুৰ্ব্যৱহাৰৰ অজুহাতত যদি এগৰাকী মহিলাই গৰ্ভপাত কৰোৱাৰ সিদ্ধান্ত লয়, তেন্তে সমাজখন কোন দিশে আগবাঢ়িব বুলি বিচাৰপীঠে প্ৰশ্ন উত্থাপন কৰে। গৰ্ভস্থ সন্তানটি ভালপোৱাৰ ফলশ্ৰুতি আৰু সেই সন্তানটিৰ ওপৰত পিতৃৰো অধিকাৰ আছে বুলি উল্লেখ কৰি উচ্চতম ন্যায়ালয়ে মহিলাগৰাকীক গৰ্ভপাতৰ বাবে জোৰ নিদিবলৈ বুজনি দিয়ে, কিয়নো গৰ্ভস্থ ভ্ৰূণটি বৰ্তমান সম্পূর্ণ সুস্থ অৱস্থাত আছে।
শুনানিৰ সময়ত বিচাৰপীঠে মন্তব্য কৰে, “পত্নীয়ে স্বামীৰ বিৰুদ্ধে আৰু স্বামীয়ে পত্নীৰ বিৰুদ্ধে কথা কোৱাটো স্বাভাৱিক, কিন্তু ইয়াৰ অৰ্থ এইটো নহয় যে সেই কাৰণতে আপুনি গৰ্ভপাত কৰাব লাগিব। এয়া কোনো যৌন নিৰ্যাতন বা অবিবাহিত মহিলা গৰ্ভৱতী হোৱাৰ ঘটনা নহয়। স্বামী আৰু শহুৰেকৰ ঘৰৰ সৈতে হোৱা কাজিয়াৰ বাবে যদি পত্নীয়ে গৰ্ভপাত বিচাৰে, তেন্তে সমাজ হিচাপে আমি ক’লৈ গৈ আছোঁ? পিতৃৰ অধিকাৰৰ কি হ’ব?” ভাৰ্চুৱেল মাধ্যমযোগে বিচাৰপীঠৰ সৈতে হোৱা বাৰ্তালাপত আবেদনকাৰী মহিলাগৰাকীয়ে কয় যে তেওঁ এই গৰ্ভাৱস্থা অব্যাহত ৰাখিব নিবিচাৰে আৰু স্বামীৰ পৰা বিবাহ বিচ্ছেদ বিচাৰে।
আনহাতে, মহিলাগৰাকীৰ স্বামীয়ে আদালতক জনায় যে সন্তান জন্ম হোৱাৰ পাছত তেওঁ নিজেই সন্তানটিৰ দায়িত্ব ল’ব আৰু লালন-পালন কৰিব। সেয়েহে তেওঁ গৰ্ভপাতৰ অনুমতি নিদিবলৈ আদালতক অনুৰোধ জনায়। স্বামীয়ে পত্নীৰ চৰিত্ৰক লৈ উত্থাপন কৰা অভিযোগৰ বাবেই দুয়োৰে মাজত এই বিবাদৰ সূত্ৰপাত হোৱা বুলি জানিব পাৰি বিচাৰপীঠে বুজাবুজিৰ প্ৰথম পদক্ষেপ হিচাপে স্বামীক সকলো অভিযোগ প্ৰত্যাহাৰ কৰি এখন শপতনামা দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে। আদালতখনে গোচৰটোৰ পৰৱৰ্তী শুনানি বুধবাৰলৈ ধাৰ্য কৰিছে।





