ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভূগৰ্ভত তেল আৰু প্ৰাকৃতিক গেছৰ সন্ধান চলোৱাৰ বাবে অইল ইণ্ডিয়া লিমিটেডে দাখিল কৰা আবেদনৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ পৰা উত্তৰ বিচাৰিছে উচ্চতম ন্যায়ালয়ে। মঙলবাৰে ন্যায়ালয়ে কেন্দ্ৰীয় পেট্ৰ’লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰ্যালয় আৰু অসম চৰকাৰলৈ জাননী জাৰি কৰি তেওঁলোকৰ মতামত বিচাৰে। এক্সটেণ্ডেড ৰীচ্চ ড্ৰিলিং (ইআৰডি) প্ৰযুক্তিৰে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভূগৰ্ভত হাইড্ৰ’কাৰ্বনৰ সন্ধান চলোৱাৰ প্ৰস্তাৱ নাকচ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাই অইলে এই আবেদন দাখিল কৰিছে।
মুখ্য ন্যায়াধীশ সূৰ্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগচী আৰু ন্যায়াধীশ ভি মোহনাৰে গঠিত বিচাৰপীঠে অইলৰ হৈ উপস্থিত থকা জ্যেষ্ঠ অধিবক্তা ৰাকেশ দ্বিবেদীৰ বক্তব্য শুনি এই সিদ্ধান্ত গ্ৰহণ কৰে। দ্বিবেদীয়ে আদালতক জনায় যে প্ৰস্তাৱিত অঞ্চলটোত দেশৰ মুঠ হাইড্ৰ’কাৰ্বন ভাণ্ডাৰৰ প্ৰায় তিনি শতাংশ মজুত থকাৰ অনুমান কৰা হৈছে। সেইবাবে অঞ্চলটোত অনুসন্ধান চলোৱাটো দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ বাবেও গুৰুত্বপূৰ্ণ।
অইলৰ অধিবক্তাগৰাকীৰ মতে, প্ৰস্তাৱিত কামত ব্যৱহাৰ কৰা হ’ব ইআৰডি প্ৰযুক্তি। এই পদ্ধতিত ৰাষ্ট্ৰীয় উদ্যানৰ বাহিৰত স্থাপন কৰা যন্ত্ৰৰ সহায়ত ৪,০০০ মিটাৰতকৈও অধিক গভীৰতালৈ খনন কৰি তাৰ পাছত অনুভূমিক দিশত আগবাঢ়ি ভূগৰ্ভস্থ তেল আৰু গেছৰ ভাণ্ডাৰত উপনীত হোৱা হয়। তেওঁৰ দাবী, এই প্ৰক্ৰিয়াত উদ্যানখনৰ বাহিৰৰ পৰিৱেশত কোনো ধৰণৰ হস্তক্ষেপ নকৰাকৈ ভূগৰ্ভত অনুসন্ধান চলাব পৰা যাব আৰু উদ্ভিদ তথা বন্যপ্ৰাণীৰো ক্ষতি নহ’ব।
বিচাৰপীঠে কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰ্যালয়কে ধৰি সংশ্লিষ্ট কৰ্তৃপক্ষৰ গৱেষণা আৰু উন্নয়ন সম্পৰ্কীয় প্ৰতিবেদনৰ ভিত্তিত প্ৰস্তাৱিত কামৰ অনুমতি দিয়াৰ সম্ভাৱনাৰ ইংগিত দিয়ে। এই গোচৰৰ পৰৱৰ্তী শুনানি ১৭ নৱেম্বৰৰ পাছত অনুষ্ঠিত হ’ব।
উল্লেখ্য যে ইয়াৰ পূৰ্বে ২ ছেপ্টেম্বৰত উচ্চতম ন্যায়ালয়ে অইলক পূৰ্বৰ অন্তৱৰ্তীকালীন আবেদন প্ৰত্যাহাৰ কৰি নতুন আবেদন দাখিল কৰাৰ অনুমতি দিছিল। সেই সময়ত অইলৰ অধিবক্তাই যুক্তি দিছিল যে ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলটোত তেল-গেছৰ অনুসন্ধান দেশৰ শক্তিৰ প্ৰয়োজনীয়তাৰ সৈতে জড়িত এক গুৰুত্বপূৰ্ণ বিষয়। তেওঁ লগতে কৈছিল যে ২০২৩ চনৰ উচ্চতম ন্যায়ালয়ৰ এটা নিৰ্দেশৰ বাবে চৰকাৰে প্ৰস্তাৱটোত অনুমতি দিয়াৰ ক্ষেত্ৰত বাধাৰ সন্মুখীন হৈছে। কিন্তু অইলৰ মতে, তেওঁলোকৰ প্ৰস্তাৱ প্ৰচলিত অৰ্থত খনন কাৰ্য নহয়। উদ্যানৰ বাহিৰত আন্তঃগাঁথনি নিৰ্মাণ কৰি ভূগৰ্ভৰ প্ৰায় ৪,০০০ মিটাৰ গভীৰতালৈ গৈ তেল-গেছৰ সন্ধান চলোৱাৰ পৰিকল্পনা কৰা হৈছে।
এই গোচৰটো ১৯৯৫ চনৰ পৰা উচ্চতম ন্যায়ালয়ত চলি থকা টি এন গোদাবৰ্মন তিৰুমুলপাদ বনাম ভাৰত চৰকাৰ গোচৰৰ সৈতে জড়িত। বন সংৰক্ষণ আৰু পৰিৱেশ সম্পৰ্কীয় আইনী সিদ্ধান্তৰ ক্ষেত্ৰত এই গোচৰে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। পূৰ্বৰ শুনানিত মুখ্য ন্যায়াধীশে স্পষ্ট কৰিছিল যে নতুন কাৰণ বা নতুন পৰিস্থিতিৰ সৃষ্টি হ’লে আবেদনকাৰীয়ে নতুন আবেদন দাখিল কৰিব পাৰে। সেই অনুসৰিয়েই অইলে পূৰ্বৰ আবেদন প্ৰত্যাহাৰ কৰি নতুনকৈ গোচৰ তৰাৰ অনুমতি বিচাৰিছিল আৰু আদালতে সেই অনুমতি প্ৰদান কৰিছিল।
নতুন আবেদনৰ জৰিয়তে অইলে অসম চৰকাৰৰ তিনিচুকীয়া জিলাৰ ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ অধীনত থকা ০.০৬৯ হেক্টৰ বনভূমি প্ৰকল্পটোৰ বাবে ব্যৱহাৰ কৰাৰ অনুমতি নাকচ কৰা সিদ্ধান্তক প্ৰত্যাহ্বান জনাইছে। বন পৰামৰ্শদাতা সমিতিৰ সিদ্ধান্তৰ লগতে ২০২৪ চনৰ ২ আগষ্টত কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰ্যালয়ে জাৰি কৰা নিৰ্দেশো বাতিলৰ দাবী জনাইছে প্ৰতিষ্ঠানটোৱে। ২০২৪ চনৰ ৪ জুলাইত অনুষ্ঠিত মন্ত্ৰ্যালয়ৰ বন পৰামৰ্শদাতা সমিতিৰ বৈঠকৰ কাৰ্যবিৱৰণীকো অইলে প্ৰত্যাহ্বান জনাইছে।
অইলৰ যুক্তি অনুসৰি, ২০২৩ চনৰ ২৬ এপ্ৰিলত উচ্চতম ন্যায়ালয়ে ৰাষ্ট্ৰীয় উদ্যান আৰু অভয়াৰণ্যৰ ভিতৰত তথা ইয়াৰ সীমাৰ পৰা এক কিলোমিটাৰ দূৰত্বৰ ভিতৰত খনন কাৰ্য নিষিদ্ধ কৰি দিয়া নিৰ্দেশ এই প্ৰকল্পৰ ক্ষেত্ৰত প্ৰযোজ্য নহয়। প্ৰতিষ্ঠানটোৰ দাবী, পৰম্পৰাগত খনন আৰু ইআৰডি প্ৰযুক্তিৰে ভূগৰ্ভস্থ হাইড্ৰ’কাৰ্বন অনুসন্ধান একে বিষয় নহয়। তদুপৰি, তেল আৰু প্ৰাকৃতিক গেছৰ অনুসন্ধান তথা উৎপাদনৰ বাবে সুকীয়া আইনী আৰু নিয়ন্ত্ৰণমূলক ব্যৱস্থা আছে।
অইলে লগতে আদালতক জনাইছে যে ২০১৭ চনতো উচ্চতম ন্যায়ালয়ে নিৰ্দিষ্ট চৰ্ত আৰু সুৰক্ষামূলক ব্যৱস্থা মানি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভূগৰ্ভত ইআৰডি প্ৰযুক্তিৰে তেল-গেছ উত্তোলনৰ অনুমতি দিছিল। ৰাষ্ট্ৰীয় বন্যপ্ৰাণী ব’ৰ্ডৰ স্থায়ী সমিতিয়েও এই প্ৰস্তাৱৰ পোষকতা কৰিছিল বুলি আবেদনৰ জৰিয়তে দাবী কৰিছে প্ৰতিষ্ঠানটোৱে। অৱশ্যে সকলো কাম পৰিৱেশ আৰু বন্যপ্ৰাণী সংৰক্ষণৰ চৰ্ত মানিহে কৰিব লাগিব।
২০২০ চনৰ জানুৱাৰীত প্ৰকাশিত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ-সংবেদনশীল অঞ্চল সম্পৰ্কীয় অধিসূচনাৰ কথাও আবেদনৰ জৰিয়তে উল্লেখ কৰিছে অইলে। এই অধিসূচনা অনুসৰি, উদ্যানখনৰ কিছুমান সীমান্তৱৰ্তী অংশত পৰিৱেশ-সংবেদনশীল অঞ্চলৰ বিস্তৃতি শূন্যৰ পৰা ৮.৭ কিলোমিটাৰলৈ নিৰ্ধাৰণ কৰা হৈছে। প্ৰতিষ্ঠানটোৰ দাবী, ২০২০ চনৰ মে’ মাহতে উদ্যানখনৰ ভূগৰ্ভত সাতটা স্থানত সম্প্ৰসাৰিত খনন আৰু হাইড্ৰ’কাৰ্বন পৰীক্ষা চলোৱাৰ বাবে পৰিৱেশ সম্পৰ্কীয় অনুমতি লাভ কৰিছিল। অৱশ্যে বনভূমিত খনন চলাবলৈ পৃথক পূৰ্বানুমতিৰ প্ৰয়োজন।
সেয়েহে অইলে ১৯৮০ চনৰ বন (সংৰক্ষণ আৰু সংবৰ্ধন) অধিনিয়মৰ ২(১)(ii) ধাৰাৰ অধীনত ০.০৬৯ হেক্টৰ বনভূমি বন-বহিৰ্ভূত কামত ব্যৱহাৰৰ অনুমতি প্ৰদান কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক নিৰ্দেশ দিয়াৰ বাবে উচ্চতম ন্যায়ালয়ৰ ওচৰত আবেদন জনাইছে। তিনিচুকীয়া জিলাৰ বাঘজান পেট্ৰ’লিয়াম মাইনিং লীজ এলেকাৰ পৰা ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ ভূগৰ্ভত ইআৰডি প্ৰযুক্তিৰে অনুসন্ধান চলোৱাৰ বাবে এই অনুমতি বিচাৰিছে প্ৰতিষ্ঠানটোৱে।


