৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী–২০২৬ৰ জিলা পৰ্যায়ৰ খেলসমূহত মঙলবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তত তীব্ৰ প্ৰতিদ্বন্দ্বিতা দেখা গ’ল। ৩ নৱেম্বৰত ছটা ক্লাষ্টাৰৰ অন্তৰ্গত কেইবাখনো জিলাত অনুষ্ঠিত খেলত বহু দলে জয়লাভ কৰাৰ বিপৰীতে কেইবাখনো খেল ড্ৰ’ত সমাপ্ত হয়। মৰিগাঁও, মঙলদৈ, ধেমাজি, হোজাই, দক্ষিণ শালমাৰা-মানকাচৰ আৰু তামুলপুৰত অনুষ্ঠিত ছেমি ফাইনেলৰ খেলসমূহেও দৰ্শকৰ মাজত বিশেষ আগ্ৰহৰ সৃষ্টি কৰে।
প্ৰথম ক্লাষ্টাৰৰ মাজুলী জিলা পৰ্যায়ৰ খেলত পাথৰিচুক ৰেইজিং এফ চি আৰু নলদোৱাৰ এফ চিৰ মাজৰ খেলখন গ’লশূন্যভাৱে সমাপ্ত হয়। আনখন খেলত ত্ৰিবেণী এফ চিয়ে ৰিভাৰাইন এফ চিক ৩-২ গ’লত পৰাস্ত কৰে। গড়মূৰস্থিত মাজুলী মিনি ষ্টেডিয়ামত এই খেলসমূহ অনুষ্ঠিত হয়।
চৰাইদেউ জিলা পৰ্যায়ৰ খেলত হিংগৰাজন এফ চি আৰু ৰামনগৰ নিউ জেনেৰেচন ক্লাবৰ মাজৰ খেলখন ০-০ গ’লত ড্ৰ’ হয়। আনহাতে, মাহমৰা নবজ্যোতি সংঘই লক্ষ্মী ভাজনী এফ চিক ৩-২ গ’লত পৰাস্ত কৰে। গোৰৈমাৰীৰ মাহমৰা ৰুৰেল স্প’ৰ্টছ কমপ্লেক্সত অনুষ্ঠিত হয় খেল দুখন। ইফালে, তিনিচুকীয়া জিলা পৰ্যায়ৰ খেলত বাৰেকুৰি আৰ এছ এই ডিগবৈ এফ চিক ১-০ গ’লত পৰাস্ত কৰে। বেইথো ৰিগি ৰিগাম এছ এ আৰু ৰাইজিং ষ্টাৰ এফ চিৰ খেলখন ১-১ গ’লত অমীমাংসিত হৈ ৰয়। তিনিচুকীয়াৰ টি এছ ডি এ খেলপথাৰত অনুষ্ঠিত হয় এই খেলসমূহ।
দ্বিতীয় ক্লাষ্টাৰৰ মঙলদৈ জিলা পৰ্যায়ৰ ছেমি ফাইনেলত নৰ্থ মঙলদৈ ক্লাবে শান্তিপুৰ সংঘক ৪-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। আনখন ছেমি ফাইনেলত মুদৈবাৰী জংলাউৰি ক্লাবে চিৰো চেউজী সংঘক ২-১ গ’লত পৰাস্ত কৰে। সোণালীপাম ষ্টেডিয়ামত অনুষ্ঠিত হয় খেল দুখন। ধেমাজি জিলা পৰ্যায়ৰ ছেমি ফাইনেলত মৰ্নিং এফ চিয়ে ছিলাপথাৰ স্প’ৰ্টছ এছ’চিয়েচনক ৪-৩ গ’লত পৰাস্ত কৰে। আনহাতে, লিভিং ফুটবল একাডেমীয়ে ইউনাইটেড মৰ্নিং ক্লাবক ৩-১ গ’লত পৰাস্ত কৰি পৰৱৰ্তী পৰ্যায়লৈ অগ্ৰসৰ হয়। ধেমাজি ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলসমূহ।
তৃতীয় ক্লাষ্টাৰৰ মৰিগাঁও জিলা পৰ্যায়ৰ ছেমি ফাইনেলত জাগীৰোড স্প’ৰ্টছ এছ’চিয়েচনে ৰাণা ক্লাব মৰিগাঁওক ৩-১ গ’লত পৰাস্ত কৰে। আনখন খেলত কুশতলি আঞ্চলিক ক্ৰীড়া সন্থা আৰু মৰী-বুহাগাঁও তিৱা কৃষ্টি সংঘৰ মাজৰ খেলখন ১-১ গ’লত ড্ৰ’ হয়। পৰৱৰ্তী সময়ত অনুষ্ঠিত টাইব্ৰেকাৰত কুশতলি আঞ্চলিক ক্ৰীড়া সন্থাই ৪-৩ গ’লত জয়লাভ কৰে। মণিপুৰ মিনি ষ্টেডিয়ামত অনুষ্ঠিত হয় খেল দুখন।
নগাঁও জিলা পৰ্যায়ৰ খেলত নগাঁও টাউন ক্লাবে কামপুৰ টাউন ক্লাবক ৪-২ গ’লত পৰাস্ত কৰে। আনহাতে, ষ্টাৰ স্প’ৰ্টিং ক্লাবে ৰহা এ কে এছক ৬-০ গ’লৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। নগাঁৱৰ নুৰুল আমিন ষ্টেডিয়ামত অনুষ্ঠিত হয় এই খেলসমূহ। পশ্চিম কাৰ্বি আংলং জিলা পৰ্যায়ৰ ছেমি ফাইনেলত ৪ এইচ এফ চিয়ে ভথাতলাংছ’ এফ চিক ৪-১ গ’লত পৰাস্ত কৰে। জামুহাণ্ডালৰ থং নকবে খেলপথাৰত অনুষ্ঠিত হয় খেলখন।
একেটা ক্লাষ্টাৰৰ হোজাই জিলা পৰ্যায়ৰ ছেমি ফাইনেলত শংকৰদেৱ নগৰ এছ এই ৰংছিনা ক্লাবক ৪-৩ গ’লত পৰাস্ত কৰে। আনখন খেলত কাংলেই ক্লাবে শ্বেলীৰ কোচিং চেণ্টাৰক ১১-১০ গ’লত পৰাস্ত কৰে। এই খেল দুখনো জামুহাণ্ডালৰ থং নকবে খেলপথাৰতে অনুষ্ঠিত হয়।
চতুৰ্থ ক্লাষ্টাৰৰ দক্ষিণ শালমাৰা-মানকাচৰ জিলা পৰ্যায়ৰ ছেমি ফাইনেলত ঝাউডাংগা ক্লাবে দক্ষিণ শালমাৰা-মানকাচৰ দলক ৫-০ গ’লত পৰাস্ত কৰে। আনহাতে, ভগপাৰা চাৰ্মৰশালি স্প’ৰ্টছ ক্লাবে ভগপাৰা স্প’ৰ্টছ চি এণ্ড চি ডেভ ক্লাবক ১-০ গ’লত পৰাস্ত কৰে। খাৰুৱাবান্ধাৰ জনতা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় খেল দুখন।
ধুবুৰী জিলা পৰ্যায়ৰ খেলত কে জি ফুটবল কোচিং চেণ্টাৰে বি এন কলেজ এফ চি চিক ২-১ গ’লত পৰাস্ত কৰে। বালাজান মিনি ষ্টেডিয়াম আৰু ৰাজা পি চি বৰুৱা খেলপথাৰত এই খেল অনুষ্ঠিত হয়। বাক্সা জিলা পৰ্যায়ৰ খেলত আথিয়াবাৰী ভেনাছ ক্লাব আৰু নীলাক্ষী স্প’ৰ্টছ ক্লাবৰ মাজৰ খেলখন ২-২ গ’লত ড্ৰ’ হয়। আনহাতে, মেডাঘাট স্প’ৰ্টছ ক্লাব আৰু জোপাডং জাৰ্মান ক্লাবৰ খেলখন ১-১ গ’লত সমাপ্ত হয়। আথিয়াবাৰী বিদ্যামন্দিৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰ আৰু মেডাঘাট খেলপথাৰত অনুষ্ঠিত হয় এই খেলসমূহ।
পঞ্চম ক্লাষ্টাৰৰ শিলচৰ জিলা পৰ্যায়ৰ খেলত লেনৰুওল এফ চিয়ে উদাৰবন্দ লায়ন্সক ৭-০ গ’লত পৰাস্ত কৰে। আনখন খেলত কল্লাল সংঘই স্প’ৰ্টিং স্পিৰিট ৱাই চিক ৪-১ গ’লত পৰাস্ত কৰে। শিলচৰ ডি এছ এ ষ্টেডিয়াম আৰু ইণ্ডিয়া ক্লাব খেলপথাৰত অনুষ্ঠিত হয় খেল দুখন। হাইলাকান্দি জিলা পৰ্যায়ৰ খেলত ব্লাড মাউথ এ চি আৰু লক্ষ্মীচহৰ এফ চিৰ মাজৰ খেলখন গ’লশূন্যভাৱে সমাপ্ত হয়। আনহাতে, অল জৰিবন এছ এ আৰু ব্ৰজপুৰ-এক্স১ ষ্টাৰৰ খেলখন ২-২ গ’লত ড্ৰ’ হয়। হাইলাকান্দি ডি এছ এ খেলপথাৰত অনুষ্ঠিত হয় এই খেলসমূহ।
ষষ্ঠ ক্লাষ্টাৰৰ তামুলপুৰ জিলা পৰ্যায়ৰ ছেমি ফাইনেলত ডাওগাফু জৌমৌন আফাদে পাটকিজুলি মাইনাও ক্লাবক ২-০ গ’লত পৰাস্ত কৰে। আনখন ছেমি ফাইনেলত পথালিকুছি জি এম চিয়ে কালবাৰী জাংগিলা ক্লাবক ২-১ গ’লত পৰাস্ত কৰে। তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত অনুষ্ঠিত হয় খেল দুখন। কামৰূপ জিলা পৰ্যায়ৰ এখন খেলত ছয়গাঁও এফ চিয়ে জনজাতীয় স্প’ৰ্টিং ক্লাবক ৩-০ গ’লত পৰাস্ত কৰে। সোণতলীত অনুষ্ঠিত এই খেলখনৰ জৰিয়তে ছয়গাঁও এফ চিয়ে জয় সাব্যস্ত কৰে।
ৰাজ্যৰ বিভিন্ন জিলাত অনুষ্ঠিত খেলসমূহৰ ফলাফলে ৭১ সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফীৰ প্ৰতিযোগিতাত ক্ৰমাৎ উত্তেজনা বৃদ্ধি কৰিছে। বিশেষকৈ ছেমি ফাইনেলৰ খেলসমূহত দলসমূহৰ মাজত চলা তীব্ৰ যুঁজে পৰৱৰ্তী পৰ্যায়ৰ প্ৰতিদ্বন্দ্বিতাক অধিক আকৰ্ষণীয় কৰি তুলিব বুলি আশা কৰা হৈছে।





