শব্দৰ অৰ্থক লৈ এইবাৰ নতুন বিতৰ্কত সোমাই পৰিছে বিহাৰৰ ৰাজনীতি। ৰাজ্যখনত অপৰাধৰ পৰিমাণ সন্দৰ্ভত এক আজৱ মন্তব্য কৰি তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে মুখ্যমন্ত্ৰী সম্ৰাট চৌধুৰী। দিল্লীৰ এখন অনুষ্ঠানত অংশগ্ৰহণ কৰি তেওঁ কৰা মন্তব্যক লৈ এতিয়া বিৰোধী দলসমূহে সৰৱ হৈ পৰিছে। মুখ্যমন্ত্ৰীৰ যুক্তিক লৈ ৰাজনৈতিক মহলত সৃষ্টি হৈছে হাঁহিৰ খোৰাকৰো।
দিল্লীত ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ (NHAI) এটা অনুষ্ঠানত অংশগ্ৰহণ কৰি সম্ৰাট চৌধুৰীয়ে কয়, “আমাৰ ইয়াত কোনো অপৰাধ নাই। অপৰাধৰ ধাৰণাই সম্পূৰ্ণৰূপে শেষ হৈ গৈছে। ‘ক্ৰাইম’ থাকিব পাৰে, কিন্তু কোনো ‘অপৰাধ’ নাই। ইয়াত কোনো অপৰাধীও নাই।” মুখ্যমন্ত্ৰীৰ এই মন্তব্যই স্বাভাৱিকতেই প্ৰশ্নৰ সৃষ্টি কৰিছে। কিয়নো ইংৰাজী ‘ক্ৰাইম’ আৰু অসমীয়া ‘অপৰাধ’ৰ অৰ্থ একেই।
এই মন্তব্যক লৈ প্ৰথমে সৰৱ হৈ পৰে বিৰোধী ৰাষ্ট্ৰীয় জনতা দল। বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা দলটোৰ নেতা তেজস্বী যাদৱে মুখ্যমন্ত্ৰীক তীব্ৰ সমালোচনা কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সঁচাকৈয়ে সম্ৰাট চৌধুৰীৰ নেতৃত্বত বিহাৰক এনেদৰে ধ্বংস কৰিব বিচাৰিছে নেকি বুলিও প্ৰশ্ন কৰে তেজস্বীয়ে।
নিজৰ এক্স হেণ্ডেলত মুখ্যমন্ত্ৰীৰ মন্তব্যৰ এটা ভিডিঅ’ ভাগ-বতৰা কৰি তেজস্বীয়ে আন এক প্ৰশ্ন উত্থাপন কৰে। তেওঁৰ মতে, মঞ্চত উপস্থিত থকা বিষয়াসকলে এনে এজন মুখ্যমন্ত্ৰীৰ সৈতে কাম কৰি নিজকে সন্মানিত অনুভৱ কৰে নে অপমানিত অনুভৱ কৰে? অতীতত সাতজন লোকৰ হত্যাকাণ্ডৰ গোচৰৰ সৈতে জড়িত থকাৰ অভিযোগ থকা এজন ব্যক্তিক লৈও তেজস্বীয়ে কটাক্ষ কৰে।
কংগ্ৰেছ নেতা পৱন খেৰাইও এই সুযোগতে মুখ্যমন্ত্ৰীক ব্যংগ কৰে। সম্ৰাট চৌধুৰীৰ যুক্তিৰ আৰ্হিতে তেওঁ লিখিছে, “দৰিদ্ৰতা থাকিব পাৰে, কিন্তু দৰিদ্ৰ কোনো লোক নাই।” মুখ্যমন্ত্ৰীৰ মন্তব্যক এনেদৰে আন এক উদাহৰণেৰে উপহাস কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।
আনহাতে, আৰজেডিৰ মুখপাত্ৰ এজাজ আহমেদে কয় যে হিন্দী ‘অপৰাধ’ আৰু ইংৰাজী ‘ক্ৰাইম’ৰ অৰ্থ একেই। চৰকাৰৰ শীৰ্ষ পদত থকা ব্যক্তিয়ে এনে মন্তব্য কৰাৰ আগতে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা উচিত আছিল বুলিও তেওঁ মন্তব্য কৰে।
উল্লেখযোগ্য যে সম্ৰাট চৌধুৰীয়ে নিজৰ ৰাজনৈতিক জীৱনৰ আৰম্ভণি কৰিছিল আৰজেডিৰ পৰাই। অৱশ্যে ১৯৯০ৰ দশকত তেওঁৰ নিজৰ জিলা মুঙ্গেৰত সাতজন লোকৰ হত্যাকাণ্ডক লৈ তেওঁৰ বিৰুদ্ধে এটা গোচৰ ৰুজু হৈছিল। এই গোচৰ ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত আৰু তেওঁক মিছা অভিযোগত জড়িত কৰা হৈছিল বুলি সম্ৰাটে পূৰ্বৰে পৰা দাবী কৰি আহিছে।
চলিত বৰ্ষৰ এপ্ৰিল মাহত বিহাৰৰ দীৰ্ঘদিনীয়া মুখ্যমন্ত্ৰী নীতিশ কুমাৰে পদত্যাগ কৰাৰ পিছতে বিজেপিৰ প্ৰথম মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে সম্ৰাট চৌধুৰীয়ে। বৰ্তমান নীতিশ কুমাৰ ৰাজ্যসভাৰ সাংসদ। আনহাতে, তেওঁৰ পুত্ৰ নিশাদ কুমাৰে বিহাৰৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব পালন কৰি আছে।
ইফালে, এই বিতৰ্ক সন্দৰ্ভত এনডিএৰ সহযোগী দল লোক জনশক্তি পাৰ্টিৰ মুৰব্বী তথা কেন্দ্ৰীয় মন্ত্ৰী চিৰাগ পাছোৱানে পোনপটীয়াকৈ কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে। অৱশ্যে অপৰাধ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সম্ৰাট চৌধুৰীৰ স্পষ্ট দৃষ্টিভংগী থকা বুলি তেওঁ প্ৰশংসা কৰে। এটা সৰ্বভাৰতীয় সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি চিৰাগে কয় যে মুখ্যমন্ত্ৰী আৰু গৃহমন্ত্ৰী দুয়োটা দায়িত্বতে থকা সম্ৰাটে নিশ্চয় তথ্য আৰু পৰিসংখ্যাৰ আধাৰতে এই মন্তব্য কৰিছে। এজন বিহাৰবাসী হিচাপে তেৱোঁ ৰাজ্যখনক অপৰাধমুক্ত হোৱাটো বিচাৰে আৰু বিনিয়োগকাৰীৰ বাবে এক সম্ভাৱনাপূৰ্ণ স্থান হিচাপে গঢ়ি উঠাটো কামনা কৰে বুলি মন্তব্য কৰে চিৰাগ পাছোৱানে।
মুখ্যমন্ত্ৰীৰ মতে বিহাৰত ‘ক্ৰাইম’ থাকিব পাৰে, কিন্তু ‘অপৰাধ’ নাই। পিছে একেটা অৰ্থৰ দুটা শব্দৰ মাজত পাৰ্থক্য বিচাৰি উলিওৱা এই যুক্তিয়ে ৰাজ্যখনৰ আইন-শৃংখলা পৰিস্থিতি সন্দৰ্ভত নতুন প্ৰশ্নৰহে জন্ম দিছে।





