তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলৰ পৰা একেলগে আঠজন যুৱক সন্ধানহীন হোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্য। বিগত পোন্ধৰ দিন ধৰি যুৱককেইজনৰ কোনো সন্ধান নোপোৱাত উদ্বিগ্ন হৈ পৰিছে পৰিয়ালৰ লোক। আনহাতে, চোৰাংচোৱা সূত্ৰৰ তথ্য অনুসৰি, সন্ধানহীন যুৱককেইজনে আলফা স্বাধীনত যোগদান কৰিছে বুলি জানিব পৰা গৈছে।
জানিব পৰা মতে, তিনিচুকীয়াৰ কৰ্দৈগুৰি, টেকেৰী, কাকপথাৰ আৰু পেঙেৰী অঞ্চলৰ একাংশ যুৱক হঠাৎ ঘৰৰ পৰা নিৰুদ্দেশ হৈছে। ইয়াৰ ভিতৰত কৰ্দৈগুৰিৰ লক্ষ্যজিৎ মৰাণ, বিপ্লৱ মৰাণ, হাতী মৰাণ আৰু নিপু বৰুৱা আছে। দুৰ্গাপূজা চাবলৈ ওলাই যোৱাৰ পাছৰে পৰা যুৱককেইজনৰ কোনো সন্ধান পোৱা নাই বুলি জানিব পৰা গৈছে।
ইফালে, পেঙেৰীৰ টেকেৰী গাঁৱৰ পৰাও নিৰুদ্দেশ হৈছে আন চাৰিজন যুৱক। তেওঁলোক হৈছে গৌৰাংগ বৰুৱা, উপজিৎ মৰাণ, বাস্তৱ বৰুৱা আৰু সত্য বাংৰা। বিগত পোন্ধৰ দিন ধৰি যুৱককেইজনৰ সৈতে পৰিয়ালৰ লোকে কোনো যোগাযোগ কৰিব পৰা নাই।
আঠজনকৈ যুৱকৰ হঠাৎ সন্ধানহীন হোৱাৰ ঘটনাই অঞ্চলকেইটাত উদ্বেগৰ সৃষ্টি কৰিছে। চোৰাংচোৱা সূত্ৰৰ তথ্য সঁচা হ’লে যুৱককেইজন আলফা স্বাধীনত যোগদান কৰা ঘটনাই পুনৰ এবাৰ ৰাজ্যখনত যুৱকসকলৰ উগ্ৰপন্থী সংগঠনৰ প্ৰতি আকৰ্ষণক লৈ প্ৰশ্নৰ অৱতাৰণা কৰিছে। অৱশ্যে, এই সন্দৰ্ভত আনুষ্ঠানিক নিশ্চিতিৰ অপেক্ষা কৰা হৈছে।





