• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 4, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 4, 2026 9:50 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

গুৱাহাটীৰ হোটেল বিলাস ইনত সংঘটিত গুলীচালনাত নিহত ভঁৰালী পৰিয়ালৰ সদস্যসকলৰ বৰপেটাস্থিত বাসগৃহত আজি উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি তথা সাংসদ গৌৰৱ গগৈ। শোকসন্তপ্ত পৰিয়ালৰ লোকসকলক সাক্ষাৎ কৰি গভীৰ সমবেদনা জ্ঞাপন কৰে তেওঁ। আপোনজনক হেৰুওৱাৰ বেদনা কোনো সান্ত্বনাই দূৰ কৰিব নোৱাৰে বুলি উল্লেখ কৰি এই কঠিন সময়ত পৰিয়ালটোৰ দুখৰ সমভাগী হোৱা বুলি কয় গৌৰৱ গগৈয়ে।

পৰিয়ালটোক সাক্ষাৎ কৰাৰ পিছত সংবাদ মাধ্যমৰ আগত গুলীচালনাৰ ঘটনা আৰু অভিযুক্ত ঘনকান্ত গগৈৰ এনকাউণ্টাৰ সন্দৰ্ভত মন্তব্য কৰে সাংসদগৰাকীয়ে। তেওঁৰ মতে, এই সমগ্ৰ ঘটনাৰ আঁৰত কেৱল ঘনকান্ত গগৈয়ে অকলে জড়িত আছিল বুলি এতিয়াই নিশ্চিত হ’ব নোৱাৰি। ঘনকান্ত কোনো শক্তিশালী ভূ-মাফিয়া বা সম্পত্তি দখলকাৰী চক্ৰৰ অংশ হোৱাৰ সম্ভাৱনাও নুই কৰিব নোৱাৰি। তেওঁ কেৱল এজন শ্বুটাৰ আছিল নেকি, নে তেওঁৰ আঁৰত আন কোনো শক্তিশালী লোক জড়িত আছিল, সেই দিশটোও তদন্তৰ আওতালৈ আনিব লাগে বুলি মন্তব্য কৰে গগৈয়ে।

Apply Now

পৰিয়ালৰ লোকসকলৰ সৈতে হোৱা আলোচনাৰ কথা উল্লেখ কৰি গৌৰৱ গগৈয়ে কয় যে এই ঘটনাৰ আঁৰত আৰু বহু তথ্য লুকাই থাকিব পাৰে। ঘনকান্ত গগৈৰ সৈতে জড়িত আন ব্যক্তি আৰু শক্তিসমূহৰ বিষয়েও গভীৰ তদন্ত হ’ব লাগে। কেৱল অভিযুক্তৰ এনকাউণ্টাৰ হ’ল বুলিয়েই গোচৰটোৰ তদন্ত সামৰি পেলোৱাটো উচিত নহয় বুলিও স্পষ্ট কৰি দিয়ে তেওঁ।

ৰাজ্যৰ আইন-শৃংখলা পৰিস্থিতিক লৈও প্ৰশ্ন তোলে কংগ্ৰেছৰ সভাপতিগৰাকীয়ে। তেওঁ কয়, অসমত দিনক দিনে এনকাউণ্টাৰৰ ঘটনা বৃদ্ধি পাইছে, আনহাতে অপৰাধৰ ঘটনাও কমা নাই। ঘনকান্ত গগৈ কেৱল গুলীচালনা কৰা ব্যক্তি হ’ব পাৰে বুলি উল্লেখ কৰি তেওঁৰ আঁৰত কোনো ডাঙৰ ভূ-মাফিয়া চক্ৰৰ হাত থাকিব পাৰে বুলি সন্দেহ প্ৰকাশ কৰে গৌৰৱ গগৈয়ে।

গুৱাহাটীৰ জি এছ ৰোডৰ পৰা বিমানবন্দৰৰ কাষৰ অঞ্চললৈকে গুৰুত্বপূৰ্ণ স্থানত মাটি থকা পৰিয়ালসমূহক ভূ-মাফিয়াই আগতীয়াকৈ লক্ষ্য কৰি লোৱাৰ অভিযোগো তোলে তেওঁ। তেওঁৰ মতে, বলেৰে সম্পত্তি হস্তগত কৰিব নোৱাৰিলে ভাবুকি দিয়া অথবা ভুৱা গোচৰত ফচাই সম্পত্তি দখল কৰাৰ অভিযোগ পূৰ্বেও উত্থাপিত হৈছে।

সেয়ে কেৱল এজন শ্বুটাৰক গ্ৰেপ্তাৰ কৰি বা এনকাউণ্টাৰ কৰিয়েই আৰক্ষীয়ে দায়িত্ব সামৰিব নোৱাৰে বুলি মন্তব্য কৰে গৌৰৱ গগৈয়ে। তেওঁ কয়, এই ঘটনাৰ আঁৰত থকা মূল চক্ৰটো কোন, সম্পত্তিৰ দখলদাৰ কোন আৰু এই অপৰাধৰ পৰিকল্পনাৰ আঁৰত কোন আছে, সেই কথা পোহৰলৈ আহিব লাগিব। মূল অভিযুক্ত আৰু তেওঁৰ আঁৰত থকা লোকসকলক চিনাক্ত কৰি আইনৰ আওতালৈ অনাৰ দাবী জনায় সাংসদগৰাকীয়ে। অন্যথা ভৱিষ্যতে আন কোনো পৰিয়ালেও এনে ভয়ংকৰ ঘটনাৰ সন্মুখীন হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰে তেওঁ।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

November 4, 2026 9:50 pm
এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

November 4, 2026 9:20 pm
নিৰ্বাচন আয়ুক্তক আজীৱন আইনী দায়মুক্তি প্ৰদানৰ অভিযোগ! মোদী চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিলে উচ্চতম ন্যায়ালয়ে

নিৰ্বাচন আয়ুক্তক আজীৱন আইনী দায়মুক্তি প্ৰদানৰ অভিযোগ! মোদী চৰকাৰৰ পৰা ব্যাখ্যা বিচাৰিলে উচ্চতম ন্যায়ালয়ে

November 4, 2026 8:00 pm
গোপীনাথ বৰদলৈ ট্ৰফীত জিলাই জিলাই ফুটবলৰ মহাৰণ! গোৱালপাৰাত চেম্পিয়ন পুৰণা শ্মশান যুৱক সংঘ, কামৰূপ মহানগৰৰ ফাইনেলত ডিবিআই-এএছইবি

গোপীনাথ বৰদলৈ ট্ৰফীত জিলাই জিলাই ফুটবলৰ মহাৰণ! গোৱালপাৰাত চেম্পিয়ন পুৰণা শ্মশান যুৱক সংঘ, কামৰূপ মহানগৰৰ ফাইনেলত ডিবিআই-এএছইবি

November 4, 2026 7:34 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

ভঁৰালী পৰিয়ালৰ হত্যাকাণ্ডৰ আঁৰত ভূ-মাফিয়াৰ শক্তিশালী চক্ৰ থকাৰ সন্দেহ গৌৰৱ গগৈৰ

November 4, 2026 9:50 pm
এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

এগৰাকীতকৈ বেছি বিয়া কৰালেই বিপদ! হেৰুৱাব লাগিব চৰকাৰী চাকৰি

November 4, 2026 9:20 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd