ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে বৰ্তমান সময়ত বহু লোকৰ মাজত মানসিক অস্থিৰতা বৃদ্ধি পাইছে। দিনক দিনে মনোবল আৰু সহনশীলতা হ্ৰাস পোৱাৰ লগতে সঘনাই উদ্বেগ আৰু উৎকণ্ঠাত ভোগা দেখা যায়। সৰু সৰু কথাতে খং উঠা, ধৈৰ্য হেৰুওৱা আৰু অনবৰতে দুশ্চিন্তাত ডুবি থকাটো এতিয়া প্ৰায় সকলোৰে এক সাধাৰণ সমস্যাত পৰিণত হৈছে। অৱশ্যে এনে মানসিক অস্থিৰতাৰ পৰা মুক্তি পাবলৈ বেলেগকৈ ঔষধ খোৱা বা কাউন্সেলিং কৰোৱাৰ প্ৰয়োজন নহ’বও পাৰে। নিয়মিতভাৱে যোগাসন অভ্যাস কৰিলেই মনৰ অস্থিৰতা হ্ৰাস পোৱাৰ লগতে হেৰুওৱা আত্মবিশ্বাসো ঘূৰি আহে।
বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) তথ্য অনুসৰি, বিশ্বৰ ১০০ কোটিতকৈও অধিক লোকে বিভিন্ন ধৰণৰ মানসিক সমস্যাত ভুগি আছে। ইয়াৰে সকলো লোকৰে যে মানসিক ৰোগ আছে তেনে নহয়, কিন্তু গৰিষ্ঠসংখ্যক লোকৰে মাজত উদ্বেগ আৰু উৎকণ্ঠা দেখা যায়। ইয়াৰ ফলতেই অত্যধিক দুশ্চিন্তা, পেনিক ডিজঅৰ্ডাৰ (Panic Disorder) অথবা নিঃসংগতাৰ দৰে সমস্যাই গা কৰি উঠে। এই সকলোবোৰ সমস্যাৰ ক্ষেত্ৰত যোগাসন এক ফলপ্ৰসূ সমাধান হ’ব পাৰে।
ভ্ৰামৰী প্ৰাণায়াম
মেটৰ ওপৰত মেৰুদণ্ড পোন কৰি ভৰি ভাঁজ কৰি বহক। মূৰ আৰু ডিঙি পোনকৈ ৰাখি দুয়োখন হাত দুয়োটা আঁঠুৰ ওপৰত থওক। মুখমণ্ডল স্বাভাবিক ৰাখি দাঁতত দাঁত লগাই নধৰাকৈ ওঁঠ দুটা বন্ধ কৰক। ইয়াৰ পাছত কিলাকুটি ভাঁজ কৰি হাত দুখন কাণৰ ওচৰলৈ আনক আৰু মাজৰ আঙুলিৰে কাণ দুখন বন্ধ কৰক। এতিয়া নাকেৰে লাহে লাহে উশাহ লওক। নাকেৰে নিশাহ এৰাৰ সময়ত মুখ নুখুলিকৈ ডিঙিৰ ভিতৰৰ পৰা ভোমোৰাৰ দৰে গুণগুণ শব্দ কৰক। যিমান সময় পাৰে, নিশাহ এৰি এৰি লাহে লাহে এই শব্দ অভ্যাস কৰক।
বীৰভদ্ৰাসন
প্ৰথমে দুয়োখন ভৰিৰ মাজত পৰ্যাপ্ত ব্যৱধান ৰাখি পোন হৈ থিয় দিয়ক। এতিয়া দুয়োখন হাত কাণৰ সমান্তৰালকৈ ওপৰলৈ তুলি নমস্কাৰৰ ভংগীত থিয় হওক। কঁকালৰ পৰা শৰীৰৰ ওপৰৰ অংশটো এফালে ঘূৰাই লওক আৰু যিটো দিশে ঘূৰিছে, সেইফালৰ আঁঠুটো লাহে লাহে ভাঁজ কৰক। পিছফালৰ ভৰিখন আৰু শৰীৰটো পোনকৈ ৰাখি ওপৰলৈ চাওক। এই ভংগীত ৩০ ছেকেণ্ড থকাৰ পাছত ভৰি সলনি কৰি পুনৰ আসনটো অভ্যাস কৰক।
টিট্টিভাসন টিট্টিভাসন বা ‘ফায়াৰফ্লাই প’জ’ (Firefly Pose)
অষ্টাংগ যোগৰ এক অংশ। এই আসনটো কৰিলে শৰীৰৰ সমূহ পেশীৰ সক্ৰিয়তা বৃদ্ধি পোৱাৰ লগতে মনটোও ভাল থাকে। প্ৰথমে দুয়োখন ভৰিৰ পতাৰ মাজত কিছু দূৰত্ব ৰাখি থিয় দিয়ক। লাহে লাহে কঁকাল ভাঁজ কৰি শৰীৰটো তললৈ নমাই আনক, যাতে দুয়োখন হাতৰ তলুৱাই মাটি স্পৰ্শ কৰি থাকে। এতিয়া হাত দুখন ঘূৰাই ভৰিৰ পিছফালে লৈ যাওক। হাতৰ ওপৰত ভৰ দি দুয়োখন ভৰি ওপৰলৈ তুলি মাটিৰ সমান্তৰালকৈ সন্মুখৰ ফালে মেলি দিয়ক। এই অৱস্থাত ৩০ ছেকেণ্ড থকাৰ চেষ্টা কৰক।





