পঞ্জাবত নিচাযুক্ত দ্ৰব্যৰ অবাধ প্ৰচলন আৰু নিচাসক্তিৰ সমস্যাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যখনৰ ৰাজনীতি। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী ভগৱন্ত মানক তীব্ৰ ভাষাৰে আক্ৰমণ কৰিলে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। তেওঁৰ অভিযোগ, পঞ্জাবৰ জনসাধাৰণে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজ দি থকাৰ সময়তে মুখ্যমন্ত্ৰী ভগৱন্ত মান নিজেই প্ৰায় প্ৰতিদিনে সন্ধিয়া মদৰ নিচাত ডুবি থাকে।
বুধবাৰে চাংগৰুৰত কংগ্ৰেছৰ ‘ইনছাফ ৰেলী’ত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে ৰাহুল গান্ধীয়ে। ২০২৭ চনৰ বিধানসভা নিৰ্বাচনক লক্ষ্য কৰি পঞ্জাবত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰিয়েই আম আদমী পাৰ্টিৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপ ল’লে কংগ্ৰেছে।
চাংগৰুৰৰ সভাত ৰাহুল গান্ধীয়ে লোকসভাত সাংসদ হিচাপে ভগৱন্ত মানৰ সৈতে একেলগে কটোৱা সময়ৰ কথা উল্লেখ কৰে। তেওঁৰ দাবী, সাংসদ হৈ থকাৰ সময়ত ভগৱন্ত মানে তেওঁলোকৰ সৈতে বহি হাঁহি-ধেমালি কৰিছিল। কিন্তু পুৱা ১১ বজাৰ ভিতৰতে মানৰ মুখৰ পৰা মদৰ গোন্ধ ওলাইছিল বুলি অভিযোগ কৰে ৰাহুলে।
অৱশ্যে ভগৱন্ত মানে ব্যক্তিগতভাৱে মদ্যপান কৰিব নে নকৰে, সেয়া তেওঁৰ নিজা সিদ্ধান্ত বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। কিন্তু যিখন ৰাজ্যত নিচাসক্তি এক ডাঙৰ সামাজিক সমস্যা, সেইখন ৰাজ্যৰ মুখ্যমন্ত্ৰীয়েই যদি প্ৰায় প্ৰতিদিনে সন্ধিয়া নিচাগ্ৰস্ত হৈ থাকে, তেন্তে নিচাযুক্ত দ্ৰব্যৰ বিৰুদ্ধে যুঁজৰ নেতৃত্ব কোনে দিব বুলি প্ৰশ্ন তোলে তেওঁ। পঞ্জাবক এনে এজন নেতাৰ প্ৰয়োজন, যিয়ে নিচাসক্তিৰ বাবে সাধাৰণ মানুহে ভুগি থকা যন্ত্ৰণা বুজিব আৰু আন্তৰিকতাৰে এই সমস্যাৰ মোকাবিলা কৰিব পাৰিব বুলিও মন্তব্য কৰে ৰাহুলে।
ৰাহুল গান্ধীৰ এই মন্তব্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আম আদমী পাৰ্টিয়ে। দিল্লীৰ আপ নেতা সৌৰভ ভৰদ্বাজে কয় যে ৰাহুল গান্ধীৰ দৰে এগৰাকী জ্যেষ্ঠ নেতাৰ পৰা এনে ব্যক্তিগত আক্ৰমণ আশা কৰা নাছিল। তেওঁৰ অভিযোগ, আগন্তুক নিৰ্বাচনৰ পূৰ্বে বিজেপি আৰু কংগ্ৰেছ দুয়োটা দলেই পঞ্জাবক ৰাজনৈতিক আক্ৰমণৰ লক্ষ্য কৰি লৈছে।
কেৱল ভগৱন্ত মানেই নহয়, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকো আক্ৰমণ কৰে ৰাহুল গান্ধীয়ে। তিনিবছৰৰ ভিতৰত পঞ্জাবক নিচাযুক্ত দ্ৰব্যমুক্ত কৰাৰ অমিত শ্বাহৰ প্ৰতিশ্ৰুতিক লৈ প্ৰশ্ন তোলে তেওঁ। ৰাহুলৰ দাবী, এবছৰৰ পাছতে বৰ্তমানৰ চৰকাৰ ক্ষমতাত নাথাকিব। গতিকে তিনিবছৰৰ সময়সীমা ধৰি দিয়া এই প্ৰতিশ্ৰুতিৰ কোনো অৰ্থ নাই।
পঞ্জাবৰ আইন-শৃংখলা পৰিস্থিতিক লৈও ৰাজ্য চৰকাৰক সমালোচনা কৰে কংগ্ৰেছ নেতাগৰাকীয়ে। সভাৰ মঞ্চলৈ আমন্ত্ৰণ জনায় প্ৰয়াত গায়ক সিদ্ধু মুছেৱালাৰ পিতৃ বলকৌৰ সিং সিদ্ধুক। উল্লেখ্য যে, ২০২২ চনৰ ২৯ মে’ত মানছা জিলাত নিজৰ বাহনৰ ভিতৰতে গুলীয়াই হত্যা কৰা হৈছিল জনপ্ৰিয় গায়ক সিদ্ধু মুছেৱালাক। ৰাহুল গান্ধীৰ অভিযোগ, দিন-দুপৰতে এনে হত্যাকাণ্ড সংঘটিত কৰাৰ সাহস লাভ কৰা অপৰাধী চক্ৰৰ দৌৰাত্ম্য এতিয়া পঞ্জাবৰ বিভিন্ন প্ৰান্তলৈ বিয়পি পৰিছে।
ইফালে, কংগ্ৰেছ ক্ষমতালৈ আহিলে পঞ্জাবৰ চৰকাৰ দিল্লীৰ পৰা পৰিচালিত নহ’ব বুলিও প্ৰতিশ্ৰুতি দিয়ে ৰাহুল গান্ধীয়ে। তেওঁৰ অভিযোগ, বৰ্তমান অমিত শ্বাহ আৰু আপৰ ৰাষ্ট্ৰীয় আহ্বায়ক অৰবিন্দ কেজৰিৱালৰ নিয়ন্ত্ৰণত চলিছে পঞ্জাবৰ চৰকাৰ। পঞ্জাবৰ জনসাধাৰণৰ ওচৰত দায়বদ্ধ এখন চৰকাৰ ৰাজ্যখনৰ বাবে প্ৰয়োজন বুলি মন্তব্য কৰে তেওঁ।
ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো মুকলি বিতৰ্কলৈ আমন্ত্ৰণ জনায় ৰাহুল গান্ধীয়ে। কৃষকৰ স্বাৰ্থ, উদ্যোগৰ বিকাশ, অৰ্থনীতি আৰু ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিক লৈ যিকোনো স্থানতে প্ৰধানমন্ত্ৰীৰ সৈতে বিতৰ্কত বহিবলৈ সাজু বুলি প্ৰত্যাহ্বান জনায় তেওঁ। একেদৰে কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেও আপ চৰকাৰক সমালোচনা কৰি দলটোক বিজেপিৰ ‘বি-টীম’ বুলি কটাক্ষ কৰে।
উল্লেখযোগ্য যে, চাংগৰুৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ ৰাজনৈতিক কেন্দ্ৰ হিচাপে পৰিচিত। পঞ্জাবৰ মালৱা অঞ্চলত ৰাজ্যখনৰ মুঠ ১১৭টা বিধানসভা সমষ্টিৰ ভিতৰত ৬৯টা সমষ্টি আছে। সেয়েহে ২০২৭ চনৰ বিধানসভা নিৰ্বাচনৰ পূৰ্বে এই অঞ্চলত শক্তি প্ৰদৰ্শন কৰি আম আদমী পাৰ্টিৰ দুৰ্গতে প্ৰত্যাহ্বান জনোৱাৰ কৌশল গ্ৰহণ কৰিছে কংগ্ৰেছে।





