• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

পত্নীৰ মানসিক অসুস্থতাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছিল স্বামীয়ে! বিবাহৰ  চৰ্ত কি বুজাই দিলে ন্যায়ালয়ে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 5, 2026 9:20 am
16
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

পত্নীৰ মানসিক অসুস্থতা আছে, তেওঁৰ আচৰণো স্বাভাৱিক নহয়! এনে অভিযোগ তুলি বিবাহ বিচ্ছেদ বিচাৰি আদালতৰ কাষ চাপিছিল এজন প্ৰাক্তন চি আই এছ এফ জোৱান। কিন্তু কেৱল অভিযোগ কৰিলেই নহ’ব, তাৰ সমৰ্থনত উপযুক্ত প্ৰমাণো দাখিল কৰিব লাগিব। সেই প্ৰমাণ দিব নোৱাৰিলে স্বামীয়ে। অৱশেষত গোচৰটোৰ সকলো দিশ পৰীক্ষা কৰি তেওঁৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰিলে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ে।

আদালতে স্পষ্ট কৰি দিয়ে যে সুখ-দুখ, অসুস্থতা আৰু জীৱনৰ কঠিন সময়ত ইজনে সিজনৰ কাষত থিয় দিয়াটো বিবাহিত জীৱনৰ অন্যতম দায়িত্ব। পত্নীৰ আচৰণক লৈ অভিযোগ বা মানসিক অসুস্থতাৰ সন্দেহ থাকিলেই বিবাহ বিচ্ছেদৰ অনুমতি দিব নোৱাৰি।

Apply Now

এই গোচৰত ন্যায়াধীশ সুজিত নাৰায়ণ প্ৰসাদ আৰু ন্যায়াধীশ প্ৰদীপ কুমাৰ শ্ৰীবাস্তৱৰ খণ্ড বিচাৰপীঠে চতৰাৰ পাৰিবাৰিক আদালতৰ পূৰ্বৰ ৰায় বাহাল ৰাখে। ২০২৪ চনৰ ৭ ছেপ্টেম্বৰত পাৰিবাৰিক আদালতে প্ৰাক্তন জোৱানজনৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ কৰিছিল। সেই নিৰ্দেশক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল স্বামী।

২০১৬ চনৰ জানুৱাৰী মাহত ঝাৰখণ্ডৰ চতৰা জিলাৰ এই দম্পতীৰ বিবাহ সম্পন্ন হৈছিল। তেওঁলোকৰ এটি পুত্ৰ সন্তানো আছে। স্বামীৰ অভিযোগ অনুসৰি, পত্নীয়ে অকাৰণতে হাঁহিছিল, নিজৰ সৈতে নিজেই কথা পাতিছিল আৰু আত্মীয়-স্বজনৰ সন্মুখতো বহু সময়ত অনুপযুক্ত পোছাক পৰিধান কৰিছিল। আনকি বিবাহৰ পূৰ্বেই পত্নীৰ পৰিয়ালে তেওঁৰ মানসিক অসুস্থতাৰ বিষয়ে গোপনে ৰাখিছিল বুলিও অভিযোগ উত্থাপন কৰিছিল স্বামীয়ে। সেই সময়ত তেওঁ ৰাজস্থানৰ কোটাত কৰ্মৰত আছিল।

ইফালে, স্বামীৰ সকলো অভিযোগ অস্বীকাৰ কৰে পত্নীয়ে। বৰঞ্চ তেওঁৰ অভিযোগ, ৫ লাখ টকা যৌতুক বিচাৰি স্বামী আৰু তেওঁৰ পৰিয়ালে মানসিক তথা শাৰীৰিক নিৰ্যাতন চলাইছিল। ২০২১ চনৰ পৰাই তেওঁ পিতৃগৃহত থাকিবলৈ লৈছিল।

গোচৰটোৰ শুনানিৰ সময়ত উচ্চ ন্যায়ালয়ে লক্ষ্য কৰে যে স্বামী বা তেওঁৰ সাক্ষীসকলে পত্নীৰ বিৰুদ্ধে শাৰীৰিক নিৰ্যাতন, অশালীন ব্যৱহাৰ অথবা হাৰাশাস্তিৰ কোনো নিৰ্দিষ্ট ঘটনাৰ কথা উল্লেখ কৰিব পৰা নাই। আনকি এই অভিযোগসমূহৰ সমৰ্থনত পৰ্যাপ্ত প্ৰমাণো দাখিল কৰিব পৰা নাই স্বামীয়ে। বিবাহৰ পূৰ্বৰে পৰা স্বামীৰ পৰিয়ালৰ লোকসকলে পত্নীক চিনি পাইছিল। গতিকে বিবাহৰ আগতে পত্নীৰ মানসিক অসুস্থতাৰ কথা তেওঁৰ পৰিয়ালে গোপন কৰি ৰখাৰ অভিযোগো আদালতে গ্ৰহণযোগ্য বুলি বিবেচনা নকৰিলে।

হিন্দু বিবাহ আইন অনুসৰি, মানসিক অসুস্থতাৰ আধাৰত বিবাহ বিচ্ছেদ বিচাৰিবলৈ হ’লে ৰোগৰ অৱস্থা ইমানেই গুৰুতৰ হ’ব লাগিব, যাতে স্বামী-স্ত্ৰীৰ একেলগে বসবাস কৰাটো অসম্ভৱ হৈ পৰে। এই ক্ষেত্ৰত চিকিৎসা বিশেষজ্ঞৰ পৰীক্ষা আৰু প্ৰমাণো গুৰুত্বপূৰ্ণ। স্বামীয়ে আদালতত এগৰাকী চিকিৎসকৰ প্ৰতিবেদন দাখিল কৰিছিল। প্ৰতিবেদনত পত্নীৰ স্কিজ’ফ্ৰেনিয়া ৰোগ হোৱাৰ সম্ভাৱনাৰ কথা উল্লেখ কৰা হৈছিল যদিও ৰোগটো নিশ্চিত কৰা হোৱা নাছিল। আনহাতে, ৰাঁচীৰ ৰিনপাছৰ চিকিৎসা পৰিষদে মহিলাগৰাকীক পৰীক্ষা কৰি মানসিক অসুস্থতাৰ কোনো লক্ষণ বিচাৰি পোৱা নাছিল।

আদালতে লগতে উল্লেখ কৰে যে মহিলাগৰাকীয়ে স্বাভাৱিকভাৱে প্ৰশ্নৰ উত্তৰ দিব পাৰিছিল, নিজৰ সন্তানৰ যত্ন লৈছিল আৰু পুনৰ স্বামীৰ সৈতে সংসাৰ কৰিবলৈও সন্মতি প্ৰকাশ কৰিছিল। ইয়াৰ বিপৰীতে স্বামীয়ে আদালতত স্বীকাৰ কৰে যে পত্নী আৰু সন্তানৰ ভৰণ-পোষণৰ বাবে তেওঁ কোনো ধৰণৰ আৰ্থিক সহায় আগবঢ়োৱা নাছিল।

গোচৰটোৰ সকলো দিশ চালি-জাৰি চাই বিবাহ বিচ্ছেদৰ বাবে কোনো আইনী ভিত্তি নাই বুলি ৰায় দিয়ে ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে। ইয়াৰ লগে লগে প্ৰাক্তন জোৱানজনৰ বিবাহ বিচ্ছেদৰ আবেদন খাৰিজ হয়। আদালতৰ এই ৰায়ে পুনৰ স্পষ্ট কৰিলে যে বিবাহ কেৱল সুখৰ সময়ৰ সংগ নহয়, বিপদ-আপদ আৰু অসুস্থতাৰ সময়তো সংগীৰ কাষত থিয় দিয়াৰ এক দায়িত্ব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘পুৱা ১১ বজাতে মুখৰ পৰা ওলাইছিল মদৰ গোন্ধ’, পঞ্জাবৰ মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘পুৱা ১১ বজাতে মুখৰ পৰা ওলাইছিল মদৰ গোন্ধ’, পঞ্জাবৰ মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 5, 2026 9:25 am
পত্নীৰ মানসিক অসুস্থতাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছিল স্বামীয়ে! বিবাহৰ  চৰ্ত কি বুজাই দিলে ন্যায়ালয়ে

পত্নীৰ মানসিক অসুস্থতাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছিল স্বামীয়ে! বিবাহৰ  চৰ্ত কি বুজাই দিলে ন্যায়ালয়ে

November 5, 2026 9:20 am
ট্ৰাম্প যুগৰ অৱসানৰ আৰম্ভণি? বৃহৎ জয়েৰে মাৰ্কিন কংগ্ৰেছ দখল কৰি ইতিহাস ৰচিলে ডেমক্ৰেট দলে

ট্ৰাম্প যুগৰ অৱসানৰ আৰম্ভণি? বৃহৎ জয়েৰে মাৰ্কিন কংগ্ৰেছ দখল কৰি ইতিহাস ৰচিলে ডেমক্ৰেট দলে

November 5, 2026 9:01 am
মোদীৰ গুজৰাটত মুন্নাভাইৰ দল! ১৫ দিনতে ৩৮ জন ভুৱা চিকিৎসক চিনাক্ত, ৩৫ জনৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ

মোদীৰ গুজৰাটত মুন্নাভাইৰ দল! ১৫ দিনতে ৩৮ জন ভুৱা চিকিৎসক চিনাক্ত, ৩৫ জনৰ বিৰুদ্ধে ফৌজদাৰী গোচৰ

November 5, 2026 7:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘পুৱা ১১ বজাতে মুখৰ পৰা ওলাইছিল মদৰ গোন্ধ’, পঞ্জাবৰ মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

‘পুৱা ১১ বজাতে মুখৰ পৰা ওলাইছিল মদৰ গোন্ধ’, পঞ্জাবৰ মুখ্যমন্ত্ৰীক তীব্ৰ আক্ৰমণ ৰাহুল গান্ধীৰ

November 5, 2026 9:25 am
পত্নীৰ মানসিক অসুস্থতাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছিল স্বামীয়ে! বিবাহৰ  চৰ্ত কি বুজাই দিলে ন্যায়ালয়ে

পত্নীৰ মানসিক অসুস্থতাৰ বাবে বিবাহ বিচ্ছেদ বিচাৰিছিল স্বামীয়ে! বিবাহৰ  চৰ্ত কি বুজাই দিলে ন্যায়ালয়ে

November 5, 2026 9:20 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd