অৰুণাচল প্ৰদেশৰ আৰক্ষী প্ৰশাসনত গুৰুত্বপূৰ্ণ সালসলনি। ১৯৯৫ বেটচৰ জ্যেষ্ঠ আই পি এছ বিষয়া ৰাজেশ কুমাৰক ৰাজ্যখনৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান (ডি জি পি) হিচাপে নিযুক্তি দিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে। বৰ্তমানৰ আৰক্ষী সঞ্চালক প্ৰধান শিৱ দৰ্শন সিং জামৱালৰ স্থানত দায়িত্ব গ্ৰহণ কৰিব ৰাজেশ কুমাৰে। উল্লেখ্য যে ২০২৬ চনৰ জানুৱাৰী মাহত অৰুণাচল প্ৰদেশৰ আৰক্ষী সঞ্চালক প্ৰধান হিচাপে দায়িত্ব লৈছিল জামৱালে।
ৰাজ্যখনত ১১ হাজাৰ মেগাৱাট শক্তি উৎপাদনক্ষম প্ৰস্তাৱিত ছিয়াং উচ্চ বহুমুখী প্ৰকল্পক লৈ প্ৰতিবাদ আৰু উত্তেজনা অব্যাহত থকাৰ সময়তে এই গুৰুত্বপূৰ্ণ নিযুক্তি দিয়া হৈছে। বিশেষকৈ প্ৰকল্পটোক কেন্দ্ৰ কৰি আদিবাসী আদি জনগোষ্ঠীৰ মাজত সৃষ্টি হোৱা অসন্তুষ্টি আৰু প্ৰতিবাদৰ পৰিপ্ৰেক্ষিতত নতুন আৰক্ষী সঞ্চালক প্ৰধানৰ দায়িত্ব যথেষ্ট প্ৰত্যাহ্বানপূৰ্ণ হোৱাৰ সম্ভাৱনা আছে।
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ)ৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে কাৰ্যনিৰ্বাহ কৰি থকা ৰাজেশ কুমাৰে অৰুণাচল প্ৰদেশৰ আৰক্ষী বাহিনীৰ নেতৃত্ব ল’ব। ২০২৬ চনৰ ৩ নৱেম্বৰত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে জাৰি কৰা নিৰ্দেশ অনুসৰি এই নিযুক্তি তাৎক্ষণিকভাৱে কাৰ্যকৰী হ’ব আৰু পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব।
ৰাজেশ কুমাৰে ইয়াৰ পূৰ্বে চি আৰ পি এফৰ বিশেষ সঞ্চালক প্ৰধান হিচাপে দায়িত্ব পালন কৰিছিল। দেশৰ অন্যতম বৃহৎ কেন্দ্ৰীয় সশস্ত্ৰ আৰক্ষী বাহিনী চি আৰ পি এফে আভ্যন্তৰীণ নিৰাপত্তা, উগ্ৰপন্থী দমন অভিযান আৰু আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। ইয়াৰ উপৰি তেওঁ নিজৰ কৰ্মজীৱনৰ এটা উল্লেখযোগ্য সময় জম্মু-কাশ্মীৰত কটোৱাৰ লগতে কেন্দ্ৰীয়শাসিত অঞ্চলটোত বিভিন্ন গুৰুত্বপূৰ্ণ দায়িত্বও পালন কৰিছিল।
উল্লেখ্য যে ২০১৮ চনৰ মাৰ্চ মাহত আৰক্ষী মহাপৰিদৰ্শক হিচাপে চি আৰ পি এফত কেন্দ্ৰীয় দায়িত্ব গ্ৰহণ কৰিছিল ৰাজেশ কুমাৰে। ইয়াৰ পূৰ্বে ২ নৱেম্বৰত কেন্দ্ৰীয় নিযুক্তি সমিতিয়ে তেওঁক সময়ৰ আগতেই চি আৰ পি এফৰ পৰা নিজা এ জি এম ইউ টি কেডাৰলৈ ঘূৰাই পঠিওৱাৰ অনুমোদন জনাইছিল। ইয়াৰ এদিন পিছতে অৰুণাচল প্ৰদেশৰ নতুন আৰক্ষী সঞ্চালক প্ৰধান হিচাপে তেওঁৰ নিযুক্তিৰ নিৰ্দেশ জাৰি কৰা হয়।
আনহাতে, তেওঁৰ সতীৰ্থ বিষয়া শিৱ দৰ্শন সিং জামৱালক অৰুণাচল প্ৰদেশৰ পৰা দিল্লীলৈ বদলি কৰা হৈছে। ৰাজ্যখনত মাত্ৰ দহ মাহ দায়িত্ব পালনৰ পিছতেই তেওঁক এইদৰে আঁতৰোৱা হৈছে।
ইফালে, নতুন আৰক্ষী সঞ্চালক প্ৰধান ৰাজেশ কুমাৰৰ সন্মুখত আটাইতকৈ ডাঙৰ প্ৰত্যাহ্বান হ’ব পাৰে ছিয়াং প্ৰকল্পক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিবাদ আৰু অসন্তুষ্টিৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰা। ছিয়াং নদীৰ ওপৰত নিৰ্মাণৰ প্ৰস্তাৱ গ্ৰহণ কৰা এই বৃহৎ জলবিদ্যুৎ প্ৰকল্পক লৈ আদি জনগোষ্ঠীৰ লোকসকলৰ মাজত তীব্ৰ আশংকা সৃষ্টি হৈছে। প্ৰকল্পটোৰ ফলত প্ৰায় ১ লাখৰ পৰা ১.৫ লাখ লোক স্থানচ্যুত হ’ব পাৰে বুলি আশংকা প্ৰকাশ কৰা হৈছে। ইয়াৰ উপৰি ২৭খন গাঁও, পূৰ্বপুৰুষৰ পৰা লাভ কৰা মাটি, বনাঞ্চল আৰু জীৱিকাৰ পথ হেৰুৱাবলগীয়া হোৱাৰ আশংকাত ভুগিছে স্থানীয় লোকসকল।
চৰকাৰে জলসম্পদৰ নিৰাপত্তা আৰু জলবিদ্যুৎ উৎপাদনৰ দিশৰ পৰা প্ৰকল্পটোক কৌশলগতভাৱে গুৰুত্বপূৰ্ণ বুলি গণ্য কৰিছে। কিন্তু প্ৰকল্পবিৰোধী লোকসকলৰ দাবী, স্থানীয় জনগোষ্ঠীৰ মতামতক যথোচিত গুৰুত্ব দিয়াৰ লগতে তেওঁলোকৰ ভূমি, অধিকাৰ আৰু জীৱিকাৰ সুৰক্ষা নিশ্চিত কৰিব লাগিব। এনে পৰিস্থিতিত নতুন আৰক্ষী সঞ্চালক প্ৰধান ৰাজেশ কুমাৰে প্ৰতিবাদ আৰু জনসাধাৰণৰ অসন্তুষ্টিৰ মাজত কেনেদৰে আইন-শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰে, সেয়া হ’ব লক্ষণীয়।





