ভাৰতীয় হকী দলৰ প্ৰাক্তন অধিনায়ক এম এম ছোময়াৰ বেংগালুৰুৰ বাসগৃহত এক বৃহৎ চুৰিকাণ্ড সংঘটিত হৈছে। দুৰ্বৃত্তই তেওঁৰ ঘৰত প্ৰৱেশ কৰি ১৯৮০ চনৰ মস্কো অলিম্পিকত লাভ কৰা ঐতিহাসিক স্বৰ্ণ পদকৰ লগতে অন্যান্য সন্মানীয় আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতাৰ কেইবাটাও পদক আৰু ৩ লাখতকৈ অধিক টকাৰ সামগ্ৰী চুৰি কৰি নিছে।
প্ৰাপ্ত তথ্য অনুসৰি, যোৱা ২৮ অক্টোবৰৰ নিশা এই ঘটনা সংঘটিত হয়। ইয়াৰ দুদিন পূৰ্বে ৬৭ বছৰীয়া প্ৰাক্তন অলিম্পিয়ানগৰাকীয়ে পৰিয়ালৰ সৈতে কৰ্ণাটকৰ কোডাগুলৈ গৈছিল। পিছদিনা পুৱা প্ৰায় ৭:১৫ বজাত তেওঁৰ চুবুৰীয়া নাৰায়ণে ছোময়াৰ ঘৰৰ দুৱাৰ খোলা অৱস্থাত দেখি চুৰিকাণ্ডৰ সন্দেহ কৰে আৰু লগে লগে তেওঁক খবৰ দিয়ে। চুবুৰীয়াৰ ঘৰৰ চিচিটিভি ফুটেজ পৰীক্ষা কৰাত দেখা গৈছে যে নিশা প্ৰায় ২:৩৪ বজাত দুজন অচিনাকি লোকে তেওঁৰ ঘৰত প্ৰৱেশ কৰিছিল। দৃশ্যগ্ৰহণত এজনৰ পিন্ধনত নীলা চাৰ্ট আৰু আনজনৰ পিন্ধনত ৰঙা চাৰ্ট থকা দেখা গৈছে। দুৰ্বৃত্ত দুজনে দুৱাৰ ভাঙি ঘৰৰ ভিতৰত প্ৰৱেশ কৰিছিল বুলি অভিযোগ উত্থাপন হৈছে।
আৰক্ষীৰ ওচৰত দাখিল কৰা এজাহাৰ অনুসৰি, চুৰি হোৱা সামগ্ৰীসমূহৰ ভিতৰত ভাৰতীয় হকী দলৰ হৈ ১৯৮০ চনৰ মস্কো অলিম্পিকত লাভ কৰা স্বৰ্ণ পদকটোৰ উপৰি ১৯৮২ চনৰ নতুন দিল্লী এছিয়ান গেমছৰ ৰূপৰ পদক, ১৯৮৬ চনৰ ছিউল এছিয়ান গেমছৰ ব্ৰঞ্জৰ পদক আৰু ১৯৮২ চনৰ আমষ্টাৰডাম চেম্পিয়ন্স ট্ৰফীৰ ব্ৰঞ্জৰ পদক অন্তৰ্ভুক্ত আছে।
ইয়াৰ উপৰি দুটা ৰূপৰ কাপ – প্ৰতিটোৰ ওজন ৭২ গ্ৰামকৈ মুঠ ১৪৪ গ্ৰাম, ১০ গ্ৰাম ওজনৰ এটা সোণৰ খাৰু, ২০০ গ্ৰামৰ ৬খন ৰূপৰ চামুচ, ৮০ গ্ৰাম ওজনৰ এটা ৰূপৰ পাত্ৰ, ৮ গ্ৰামৰ এটা সোণৰ মুদ্ৰা আৰু ৩০ হাজাৰ টকা নগদ ধন চুৰি হৈছে। ক্ৰীড়া পদকসমূহৰ বাহিৰে চুৰি হোৱা আন সামগ্ৰীৰ মুঠ আনুমানিক মূল্য ৩.৫৩ লাখ টকা বুলি আৰক্ষীৰ অভিযোগত উল্লেখ কৰা হৈছে।
এই সন্দৰ্ভত এম এম ছোময়াই আৰক্ষীক অভিযুক্তক চিনাক্ত কৰি গ্ৰেপ্তাৰ কৰাৰ লগতে চুৰি হোৱা সকলো সামগ্ৰী উদ্ধাৰ কৰি উপযুক্ত আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছে। ঘটনা সন্দৰ্ভত বেংগালুৰুৰ ইন্দিৰানগৰ আৰক্ষী থানাত ‘ভাৰতীয় ন্যায় সংহিতা’ৰ ধাৰা ৩৩১(৪) আৰু ৩০৫-ৰ অধীনত এটা গোচৰ ৰুজু কৰা হৈছে। আৰক্ষী বিষয়াই জানিবলৈ দিয়া মতে, অভিযুক্তক বিচাৰি উলিয়াবলৈ ইতিমধ্যে দুটা বিশেষ আৰক্ষীৰ দল গঠন কৰা হৈছে।





