ইৰাণে মিছাইল বা ড্ৰোন ব্যৱহাৰ কৰি ৰাসায়নিক অস্ত্ৰ আক্ৰমণৰ বাবে সাজু হৈছে? ইজৰাইলৰ চোৰাংচোৱা সংস্থাসমূহে এনে চাঞ্চল্যকৰ দাবী কৰিছে। তেওঁলোকে প্ৰদান কৰা তথ্যসমূহ আমেৰিকা আৰু উপসাগৰীয় দেশসমূহৰ সৈতেও শ্বেয়াৰ কৰা হৈছে বুলি দ্য নিউয়ৰ্ক টাইমছত প্ৰকাশ পাইছে।
অৱশ্যে কেইবাজনো আঞ্চলিক বিষয়াই এই দাবীৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। তেওঁলোকৰ সন্দেহ যে বেঞ্জামিন নেতানিয়াহু চৰকাৰে আমেৰিকা আৰু মিত্ৰশক্তিক প্ৰভাৱিত কৰি ইৰাণৰ বিৰুদ্ধে আন এক বৃহৎ সামৰিক অভিযান আৰম্ভ কৰিবলৈ চেষ্টা কৰিছে।
প্ৰতিবেদন অনুসৰি ইজৰাইলৰ চোৰাংচোৱা সংস্থাই দাবী কৰিছে যে তেহৰানে ক্ষেপণাস্ত্ৰৰ জৰিয়তে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰ কৰিব পৰা প্ৰযুক্তি দ্ৰুতগতিত বিকশিত কৰি আছে। ইয়াৰ উপৰিও ইজৰাইলকে ধৰি আন দেশলৈ গোপনে ৰাসায়নিক অস্ত্ৰ সৰবৰাহ কৰি আক্ৰমণ চলোৱাৰ পৰিকল্পনা থাকিব পাৰে। ড্ৰ’নৰ জৰিয়তে ৰাসায়নিক মৌল বিয়পোৱাৰ সম্ভাৱনাকো নুই কৰা নাই ইজৰাইলে।
কিন্তু এই চোৰাংচোৱা তথ্য সন্দৰ্ভত আমেৰিকা প্ৰশাসনৰ ভিতৰত মতানৈক্য আছে। একাংশৰ মতে বিষয়টো গুৰুত্বসহকাৰে চোৱাৰ প্ৰয়োজন আছে। আন কিছুমানে সন্দেহ কৰে যে এই তথ্য প্ৰকাশৰ উদ্দেশ্য ৰাজনৈতিক আৰু সামৰিক চাপ সৃষ্টি কৰাও হ’ব পাৰে।
নিউয়ৰ্ক টাইমছৰ বাতৰি অনুসৰি বিগত দুসপ্তাহত ইজৰাইলৰ প্ৰতিনিধিয়ে আমেৰিকাৰ চোৰাংচোৱা সংস্থা আৰু প্ৰশাসনৰ বিষয়াৰ সৈতে হোৱা কেইবাবাৰো আলোচনা কৰি ইৰাণৰ ৰাসায়নিক অস্ত্ৰৰ সম্ভাৱ্য ভাবুকিক অধিক গুৰুত্ব দিছে। তেওঁলোকে দাবী কৰে যে ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীৰ সমান্তৰালকৈ ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ কাৰিকৰী প্ৰস্তুতিও দ্ৰুতগতিত আগবাঢ়িছে।
ইৰাণে বেলিষ্টিক মিছাইলৰ জৰিয়তে ৰাসায়নিক মৌল প্ৰেৰণ কৰিব পৰা প্ৰযুক্তি বিকশিত কৰিব পাৰে বুলি আশংকা কৰিছে ইজৰাইলে। ইয়াৰ উপৰিও গোপন অভিযানৰ জৰিয়তে আন দেশলৈ ৰাসায়নিক অস্ত্ৰ যোগান ধৰাৰ পৰিকল্পনাও হ’ব পাৰে।
আমেৰিকাৰ একাংশ বিষয়াৰ মতে, ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ প্ৰশাসনক ইৰাণৰ বিৰুদ্ধে বৃহৎ সামৰিক ব্যৱস্থা ল’বলৈ বাধ্য কৰাবলৈ নেতানিয়াহু চৰকাৰৰ এই চাপ কৌশল হ’ব পাৰে। অৱশ্যে ইৰাণৰ শেহতীয়া সামৰিক প্ৰস্তুতি আৰু আমেৰিকাৰ স্বাৰ্থত আক্ৰমণৰ ভাবুকিৰ পৰিপ্ৰেক্ষিতত এই চোৰাংচোৱা তথ্য পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ বুলি সকীয়াই দিছে আন বিষয়াসকলে।
ইৰাণে অৱশ্যে ৰাসায়নিক অস্ত্ৰ থকাৰ অভিযোগ ৰাজহুৱাভাৱে অস্বীকাৰ কৰিছে। ইয়াৰ পূৰ্বেও তেহৰানে এনে অভিযোগক ইজৰাইল আৰু নেতানিয়াহুৱে চলোৱা মনস্ত্বাত্তিক যুদ্ধ বুলি অভিহিত কৰিছিল।
আনহাতে, ইজৰাইলে উপসাগৰীয় দেশসমূহৰ সৈতেও নিজৰ চোৰাংচোৱাৰ মূল্যায়ন শ্বেয়াৰ কৰিছে। কিন্তু প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে তাত কেইবাখনো চৰকাৰে এই দাবীক বিশেষভাৱে বিশ্বাসযোগ্য বুলি নাভাবে।
এজন আঞ্চলিক বিষয়াই দ্য নিউয়ৰ্ক টাইমছক জনোৱা মতে, ইজৰাইলৰ প্ৰতিনিধিয়ে তেওঁলোকৰ মূল্যায়ন শ্বেয়াৰ কৰিছে যদিও ইয়াৰ সমৰ্থনত কোনো প্ৰমাণ আগবঢ়োৱা নাই। ফলত উপসাগৰীয় অঞ্চলৰ বিষয়াসকলে ইৰানে সঁচাকৈয়ে ৰাসায়নিক অস্ত্ৰ ব্যৱহাৰৰ পৰিকল্পনা কৰিছেনে তাকলৈ প্ৰশ্ন উত্থাপন কৰিছে।
অৰ্থাৎ ইৰাণৰ সম্ভাৱ্য ৰাসায়নিক অস্ত্ৰ কাৰ্যসূচী সন্দৰ্ভত চোৰাংচোৱা সমাজত এতিয়াও কোনো একমত হোৱা নাই। ইজৰাইলৰ এই সতৰ্কবাণীৰ গুৰুত্ব বৃদ্ধি পোৱাৰ লগে লগে ইয়াৰ আঁৰৰ ৰাজনৈতিক উদ্দেশ্যৰ সম্ভাৱনাও ফহিয়াই চোৱা হৈছে।
আনকি চোৰাংচোৱাৰ তথ্য সম্পৰ্কে অৱগত একাংশ বিষয়াৰ মাজতো ইৰাণৰ সম্ভাৱ্য সামৰ্থ্যক লৈ মতানৈক্যৰ সৃষ্টি হৈছে। আমেৰিকাৰ একাংশ বিষয়া আৰু অস্ত্ৰ বিশেষজ্ঞৰ মতে বেলিষ্টিক মিছাইলত ৰাসায়নিক অস্ত্ৰ স্থাপন কৰাটো কাৰিকৰীভাৱে কঠিন নহ’বও পাৰে।
কিন্তু প্ৰকৃত প্ৰত্যাহ্বানটো হ’ল মিছাইলৰ পৰা ৰাসায়নিক মৌলবোৰ এনেদৰে বিয়পাই দিয়া যাতে ই ফলপ্ৰসূভাৱে নিজৰ লক্ষ্যত উপনীত হ’ব পাৰে। এই কামত বিশেষ প্ৰযুক্তি আৰু নিৰ্দিষ্ট চৰ্তৰ প্ৰয়োজন। আনহাতে, আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ ওপৰেৰে গোপনে ৰাসায়নিক বোমা সৰবৰাহ কৰিলেও নিৰাপত্তা আৰু কাৰ্য্যকৰী ক্ষেত্ৰত ডাঙৰ প্ৰত্যাহ্বানৰ সৃষ্টি হ’ব।
প্ৰতিবেদন অনুসৰি আমেৰিকাৰ চোৰাংচোৱা সংস্থাই বহু বছৰ ধৰি ইৰাণৰ ৰাসায়নিক অস্ত্ৰৰ কাৰ্যকলাপ নিৰীক্ষণ কৰি আহিছে। মন কৰিবলগীয়া যে আন্তঃৰাষ্ট্ৰীয় আইনৰ অধীনত ৰাসায়নিক অস্ত্ৰ নিষিদ্ধ।
এই চোৰাংচোৱা তথ্য প্ৰকাশ পোৱাৰ সময়ত আঠ মাহজোৰা যুদ্ধৰ অন্তত আমেৰিকা আৰু ইৰাণৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। এফালে দুয়োখন দেশে কূটনৈতিক সমাধানৰ সম্ভাৱনাৰ সন্ধান কৰি আছে, আনফালে নতুন সামৰিক সংঘাতৰ আশংকাও নুই কৰিব নোৱাৰি।
ইয়াৰ মাজতে ইজৰাইলৰ ঘৰুৱা ৰাজনীতিতো চাপত পৰিছে নেতানিয়াহু। যোৱা সপ্তাহৰ নির্বাচনৰ পাছতো তেওঁ চৰকাৰ গঠনৰ স্পষ্ট পথ সৃষ্টি কৰিব পৰা নাই৷ ফলত ইৰাণক কেন্দ্ৰ কৰি সামৰিক আৰু কূটনৈতিক অনিশ্চয়তাৰ উপৰিও নিজৰ ৰাজনৈতিক ভৱিষ্যতক লৈও চাপত পৰিছে ইজৰাইলৰ প্ৰধানমন্ত্ৰী।





