২০১২-১৩ চন মানৰ কথা- চাকৰিৰ প্ৰয়োজনীয়তাত শ্বিলংৰ উত্তৰ-পূব বিশ্ববিদ্যালয়ত ২১ দিনীয়া এক কোৰ্চ কৰিবলৈ গৈছিলো। অসমকে আদি কৰি উত্তৰ-পূবৰ সকলো ৰাজ্যৰ কেইবাখনো কলেজ-বিশ্ববিদ্যালয়ৰ শিক্ষকৰ লগতে অন্য ৰাজ্যৰো কিছু শিক্ষকে তাত অংশগ্ৰহণ কৰিছিল। বিভিন্ন সমল ব্যক্তিয়ে দিয়া ভাষণবোৰত প্ৰায়ে উত্তৰ-পূবৰ উন্নয়ন, উত্তৰ-পূবৰ ৰাজনীতি, জনজাতীয় ৰাজনীতি, সমস্যা আদিবোৰ বিষয়ে ঠাই পাইছিল। মনত পেলাওক সেই সময়ৰ অসমৰ ৰাজনীতি। অখিল গগৈ নামৰ বৰ্তমানৰ শিৱসাগৰৰ বিধায়কজন তেতিয়া অসমৰ মিডিয়াত এজন ছুপাৰহিট ব্যক্তি- আনকাট অখিল নামেৰে তেওঁৰ প্ৰেছমিটৰ পোনপটীয়া প্ৰচাৰ চলে। ত্ৰিশৰ দশকত থাকি আমিও অখিল গগৈৰ বিপ্লৱ, সম্ভাৱনা তথা নতুন সমাজৰ সপোন দেখো। সেই সময়ত নামনি সোৱণশিৰিত নিৰ্মীয়মান বৃহৎ নদীবান্ধৰ বিৰুদ্ধে অখিল গগৈ আৰু তেওঁৰ সংগঠনৰ গণ আন্দোলন, নদীবান্ধলৈ কঢ়িওৱা সামগ্ৰিক বাধা প্ৰদান ইত্যাদিবোৰ বাতৰি-কাকত, টিভিৰ আলোচনাৰ বিষয়বস্তু। অৱশ্যে সদৌ অসম ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু গণ শক্তি নামৰ ৰাজনৈতিক দল (গণ শক্তিৰ মুখ্য নেতাবোৰ যেনে ৰণোজ পেগু, ভূৱন পেগু আদিবোৰে পিছলৈ বিজেপিত যোগদান কৰে) আদিবোৰেও অৰুণাচল প্ৰদেশত হ’ব লগা বৃহৎ নদীবান্ধৰ বিৰুদ্ধে ব্যাপক প্ৰতিবাদ চলাই আছিল। অখিল গগৈয়ে এখন কিতাপেই লিখি পেলালে – “মৰুভূমি আহে লাহে লাহে”। তেওঁৰ ভাষণ, প্ৰতিবাদ, প্ৰেছমিট আদিৰ জৰিয়তে মধ্যবিত্তীয় জাতি নামৰ ধাৰণাটোক অতি সুন্দৰভাৱে বৃহৎ নদীবান্ধে পৰিৱেশলৈ আনিব পৰা ক্ষতি যিটো এক পাৰিপাৰ্শ্বিক সমস্যা তাৰ লগত সংযোজিত কৰিলে। আটাইতকৈ জনপ্ৰিয় আৰু সকলোকে বিশেষকৈ অসমীয়া মধ্যবিত্তক চুই যাব পৰা এটা তেওঁ লাইন ললে- নামনি সোৱণশিৰি প্ৰকল্পই অসমীয়া জাতিক শেষ কৰি পেলাব। অৰুণাচলত বান্ধ হোৱাৰ কথা আছিল প্ৰায় ১৬৮ টা- তাৰ প্ৰতিবাদ অৰুণাচলত হোৱা নাছিল – হৈছিল অসমত- নেতৃত্ব দিছিল অখিল, সমুজ্জল, ভূৱন, ৰণোজ পেগু আদিয়ে – আৰু তাৰ জংগী নেতৃত্বত আছিল বৰ্তমানৰ শিৱসাগৰৰ বিধায়কজন। কিমান সাধাৰণভাৱে তেওঁলোকে অসমৰ ৰাইজক বুজাইছিল বৃহৎ নদীবান্ধৰ কু-প্ৰভাৱৰ কথা। অখিলৰ আমৰণ অনশনক নৈতিক সমৰ্থন দিবলৈ আমিও গুৱাহাটী পাইছিলোহি। তাতেই কোনো বক্তা এজনে কোৱা কথা এষাৰ মনত আছে- “অৰুণাচলত জোৰকে প্ৰস্ৰাৱ কৰাটোও এতিয়া মুশকিল- কেন্দ্ৰীয় চৰকাৰে নদীবান্ধ বনাবলৈ MoU লৈ আহি যায়”।
NEHU-ত মোৰ কোৰ্চটোৰ সময়ত উত্তৰ-পূবৰ উন্নয়ন বিষয়ক হোৱা আলোচনা আৰু বিতৰ্কবোৰত অৰুণাচলৰ পৰা অহা অংশগ্ৰহণকাৰীসকলে অৰুণাচলৰ উন্নয়ন প্ৰসংগত অখিল গগৈকে মুখ্য হেঙাৰ বুলি বাৰে বাৰে কয়- কাৰণ তেওঁ আৰু তেওঁৰ সংগঠনে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পটো হ’বলৈ দিয়া নাছিল। অখিল যিদৰে অসমীয়া মিডিয়াৰ বা অসমৰ একাংশৰ মূল নায়ক আছিল- অৰুণাচলত একাংশৰ বাবে তেওঁ আছিল খলনায়ক। কাৰণ অৰুণাচলৰ ভূগোল আৰু প্ৰকৃতিয়ে আনি দিব পৰা অপাৰ সম্ভাৱনাপূৰ্ণ উন্নয়নেই আছিল তেওঁলোকৰ সেই সময়ৰ বাকধাৰা। আমিও পাৰ্যমানে বৃহৎ নদীবান্ধ কিয় বেয়া তাৰ কু-প্ৰভাৱ আদিবোৰ লৈ তেওঁলোকৰ লগত বিতৰ্ক কৰি তেওঁলোকক পতিয়ন নিয়াবলৈ যত্ন কৰিছিলো। কোন কিমান পতিয়ন গ’ল সেয়া পিছৰ কথা যিহেতু একাডেমিক আলোচনাই বৃহৎ পৰিবৰ্তন আনিব নোৱাৰে; কিন্তু বৃহৎ নদীবান্ধৰ বাবে হ’ব লগা কু-প্ৰভাৱ, পৰিৱেশ আৰু পাৰিপাৰ্শ্বিকতালৈ আহিব পৰা ক্ষতি তথা লখিমপুৰ-ধেমাজিৰ সাধাৰণ জনগণক সজাগ কৰি ৰাজপথলৈ উলিয়াই আনি যি বৃহৎ প্ৰতিবাদ বহুদিন ধৰি চলিছিল তাৰ কৃতিত্ব অখিল, ভূৱন, ৰণোজ পেগু আদিবোৰক দিবলৈ অসমীয়া জাতিয়ে কৃপণালি নিশ্চয় নকৰে।
সময়ৰ লগে লগে লুইতে সুতি সলালে- অসমত ৰাজনীতিৰ পৰিৱৰ্তন হ’ল-বৃহৎ নদীবান্ধৰ ইছ্যুতো তল পৰিল -অখিলেও সেয়া সামৰি সুতৰি অসমীয়া জাতিৰ বাবে অন্য বিষয়ত মনোনিৱেশ কৰিলে। কালক্ৰমত অখিল বিধায়ক হ’ল, ভূৱন পুনৰাই বিধায়ক, ৰণোজ পেগু মন্ত্ৰী। তেওঁলোকৰ এই সাফল্যত আমি আনন্দিত।
শেহতীয়াকৈ অৰুণাচলৰ পাছিঘাটত প্ৰস্তাৱিত ১১২০০ মেগাৱাট ছিয়াং আপাৰ মাল্টিপাৰ্পজ নদীবান্ধ (SUMP) লৈ অৰুণাচলৰ জনসাধাৰণে ব্যাপক প্ৰতিবাদ আৰম্ভ কৰিছে। চৰকাৰে কোনোপ্ৰকাৰে প্ৰতিবাদকাৰীক সৈমান কৰিব পৰা নাই। নদীৰ লগত তাৰ থলুৱা জনসাধাৰণৰ সম্পৰ্ক, বিস্থাপন, কৃষি তথা জীৱনলৈ আহিব পৰা ভাবুকি আদিবোৰ প্ৰসংগৰে তেওঁলোকে যোৱা এমাহ ধৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। উল্লেখ্য যে পাছিঘাট অসমৰ সীমাতে লাগি থকা অৰুণাচলৰ এখন নগৰ। জোনাইৰ পৰা পাছিঘাটলৈ দূৰত্ব ৪০ কিলমিটাৰো নহয়। সামাজিক মাধ্যম খুলিলেই অৰুণাচলত হৈ থকা প্ৰতিবাদ আৰু তাৰ বান্ধটো কিয় নালাগে তাৰ বিভিন্ন ৰিলবোৰ দেখা পাওঁ। অসমত ২০১১-১২ চনত বৃহৎ নদীবান্ধ লৈ যিবোৰ কথা-বতৰা বা বিতৰ্ক চলিছিল সেই একেধৰণৰ বিতৰ্ক এতিয়া অৰুণাচলত চলি আছে। নামনি সোৱণশিৰি প্ৰকল্প লৈ অখিল-সমুজ্জল হতে অসমৰ ৰাইজক যে বুজাইছিল কিদৰে ই অসমীয়া জাতিক ধ্বংস কৰিব- বান্ধ ভাঙিলে মাজুলী-গহপুৰ পৰ্যন্ত শেষ হৈ যাব- হয়তো সময়ৰ লগে লগে সেই শেষ হৈ যোৱাৰ কাহিনীটোও শেষ হ’ল। সেয়া আজি বুজি উঠিছে পাছিঘাটৰ আদি জনগোষ্ঠীৰ লোকসকলে- সমৰ্থন দিছে অৰুণাচলৰ অন্য জনগোষ্ঠীবোৰেও। কিন্তু নদীবান্ধ আমাৰ বাবে পুৰণা ইছ্যু হ’ল- এক নচলা টকা। সেয়ে অসমত তাৰ ব্যাপক প্ৰতিবাদ নাই- অৰুণাচললৈ ব্যাপক জনসমৰ্থনো দিয়া নাই (অৱশ্যে মুষ্টিমেয় দুই এক সংগঠন, ব্যক্তিৰ সৰু-সৰু সমৰ্থন দেখা গৈছে)। দুৰ্ভাগ্যজনকভাৱে আজি পৰ্যন্ত আমি অখিল গগৈকে হওক বা তেওঁৰ পিতৃ সংগঠন কৃষক মুক্তি সংগ্ৰাম সমিতিৰ পৰা SUMP ৰ পৰা অসমলৈ আহিব পৰা বিপদ (অৰুণাচলত হ’ব পৰা ক্ষয়-ক্ষতিৰ কথা বাদেই দিলো), বা বান্ধটো কিয় ভাল বা বেয়া অসম-অৰুণাচলৰ লাভ নে ক্ষতি হ’ব তাৰ কোনো ধৰণৰ ব্যাপক আলোচনা বাদেই প্ৰতিক্ৰিয়াও দেখা পোৱা নাই। অথচ সেইজন অখিল গগৈ কেৱল নামনি সোৱণশিৰি বান্ধৰ বিৰোধিতাৰে জনগণক সজাগ কৰি সমগ্ৰ অসমতে জনপ্ৰিয় হৈছিল। অৰ্থাৎ, সম্প্ৰতি প্ৰস্তাৱিত উজনি ছিয়াং বহুমুখী বান্ধটো লৈ অখিল গগৈ বা কৃষক মুক্তি, ছাত্ৰ সন্থা, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আদিবোৰ সংগঠনৰ কোনো অৱস্থানেই নাই -আছে কেৱল মৌনতা।
অখিল গগৈ এজন বিধায়ক- তেওঁৰ ব্যস্ততা বহুত- সমষ্টিৰ কাম, দলৰ সংগঠন বঢ়োৱা, হয়তো ইমানবোৰ ব্যস্ততাই তেওঁক নদীবান্ধ, অৰুণাচলৰ প্ৰতিবাদ আদিবোৰত সময় দিবলৈ তেওঁৰ সময়ৰ অভাৱ। কিন্তু নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই যে অসমীয়া জাতিক ধ্বংস কৰিব বুলি তেওঁ সাধাৰণ ৰাইজক পতিয়ন নিয়াইছিল, পুহমহীয়া ঠাণ্ডাত গোগামুখত ৰাইজে কেম্প পাতি জাতি উদ্ধাৰৰ ৰণত নামিছিল, অখিল গগৈয়ে অন্য নহ’লেও লখিমপুৰ-ধেমাজিৰ ৰাইজক এবাৰ বুজাই দিব লাগে কিদৰে অসমৰ গাতে লাগি থকা পাছিঘাটত প্ৰস্তাৱিত বান্ধটোৱে অসমীয়া জাতিক একো ক্ষতি নকৰে বা উদ্ধাৰহে কৰিব।
অৱশ্যে গগৈৰ বিভিন্ন ব্যস্ততাবোৰৰ মাজতো সময় উলিয়াই সপ্তাহে-সপ্তাহে জুবিনৰ সমাধিলৈ গৈ সেৱা কৰি তেওঁ জুবিন হত্যাৰ ন্যায় বিচাৰে – কিধৰণৰ ন্যায় লাগে- কেনেকৈ ন্যায় হ’ব লাগে সেইটো তেওঁ কৈ দিলেই হয়, আৰু কাক কাক কি শাস্তি দিব লাগে সেয়াও ব্যক্ত কৰিব লাগে। সেইবোৰ কৈ দিয়াৰ পিছত তেওঁৰ কিছু ব্যস্ততা কমিব নিশ্চয় আৰু “লাহে লাহে মৰুভূমি” আহিব লগা ঠাইখনলৈ তেওঁ কিছু জীপাল বৰষুণ আনিবলৈ চেষ্টা কৰিব বুলি আশা কৰিব পাৰি। জুবিনৰ মৃত্যু বা হত্যা যিহেতু এক বেলেগ প্ৰসংগ আৰু তাক লৈ তেওঁৰ অৱস্থান সেয়া অন্য স্থানত কথা পাতিব পাৰি। কিন্তু নদীবান্ধলৈ তেওঁৰ মৌনতা জাকতজিলিকা হৈ ৰৈছে। প্ৰসংগক্ৰমে মনত পৰিল জোনাইৰ বৰ্তমানৰ বিধায়ক ভূৱন পেগু।





