ব্যৱসায়ী, উদ্যোগপতি তথা ফিউচাৰ ৰিটেইল লিমিটেড (এফ আৰ এল)ৰ স্বত্বাধিকাৰী কিশোৰ বিয়ানী, ভাতৃ ৰাকেশ বিয়ানীকে ধৰি কেইবাজনো লোকক আৰ্থিক প্ৰৱঞ্চনাৰ অভিযোগত চি বি আইয়ে গ্ৰেপ্তাৰ কৰিছে।
সূত্ৰ অনুসৰি ভাৰতীয় ষ্টেট বেংকৰ অভিযোগৰ ভিত্তিত তেওঁলোকক গ্ৰেপ্তাৰ কৰা হৈছে। জানিব পৰা মতে, অভিযুক্তৰ বিৰুদ্ধে ৯০৪.৩২ কোটি টকাৰ আৰ্থিক জালিয়াতিৰ অভিযোগ উত্থাপন হৈছে।
শুকুৰবাৰে তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ সমান্তৰালকৈ চিবিআইয়ে মুম্বাইৰ কেইবাটাও স্থানত তালাচীও চলায়। জানিব পৰা মতে, তদন্তৰ বাবে প্ৰয়োজনীয় কেইবাখনো নথি-পত্ৰ জব্দও কৰা হৈছে।
সূত্ৰ অনুসৰি মুম্বাইৰ এছ বি আইৰ ষ্ট্ৰেছড এচেটছ মেনেজমেণ্ট ব্ৰাঞ্চে চি বি আইৰ ওচৰত অভিযোগ দাখিল কৰে। সেই অভিযোগত কোৱা হৈছিল যে ফিউচাৰ ৰিটেইল লিমিটেডে বেংকৰ পৰা ৯০৪.৩২ কোটি টকাৰ ঋণ লৈছিল। কোম্পানীটোৱে বেংকক জনাইছে যে এই ঋণ মূলতঃ ব্যৱসায়টোৰ বাবে ৱৰ্কিং কেপিটেল সংগ্ৰহৰ বাবে লোৱা হৈছে।
জানিব পৰা মতে এই ধন বেংকৰ ক্ৰেডিট ফেচিলিটি ব্যৱহাৰ কৰি টাৰ্ম লোন আৰু লেটাৰ অৱ ক্ৰেডিটৰ জৰিয়তে লোৱা হৈছিল। অৱশ্যে এই ধন এফ আৰ এলৰ ৱৰ্কিং কেপিটেল হিচাপে ব্যৱহাৰ কৰা হোৱা নাছিল বুলি চি বি আইৰ দাবী। বৰঞ্চ এই বৃহৎ পৰিমাণৰ ধন কোম্পানীটোৰ বিভিন্ন সহযোগী কোম্পানী আৰু সংযুক্ত প্ৰতিষ্ঠানৰ মাজত বিতৰণ কৰা হৈছিল। ইয়াৰ বাবে বেংকটোৱে বৃহৎ আৰ্থিক লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।
বাতৰি অনুসৰি, এই ঘটনাত পৰিচালন সঞ্চালক, কাৰ্যবাহী সঞ্চালক, গেৰেন্টাৰকে ধৰি আৰু কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে এছ বি আইয়ে গোচৰ ৰুজু কৰিছে। এই ঘটনাত চিবিআইয়ে প্ৰতাৰণা আৰু দুৰ্নীতিৰ দৰে অপৰাধমূলক ধাৰাত গোচৰ ৰুজু কৰিছে।
শুকুৰবাৰে সেই গোচৰৰ তদন্তত কিশোৰ আৰু ৰাকেশকে ধৰি কেইবাজনো ব্যক্তিক গ্ৰেপ্তাৰ কৰা হয়। আৰক্ষীয়ে মুম্বাইত কোম্পানীটোৰ সৈতে জড়িত কেইবাজনো ব্যক্তিৰ ঘৰত তালাচী চলাই বহু নথি-পত্ৰ জব্দ কৰিছে।
চিবিআইয়ে ঘটনাৰ তদন্ত অব্যাহত থকা বুলি অৱগত কৰিছে। জব্দ কৰা নথি-পত্ৰ পৰীক্ষা কৰাৰ উপৰিও ধৃত অভিযুক্তক জেৰা কৰা হ’ব। ইয়াৰ উপৰিও চিবিআইয়ে বেংকৰ পৰা ঋণ লোৱা ধন কোন কোম্পানীৰ একাউণ্টত জমা হৈছিল সেই বিষয়েও তদন্ত অব্যাহত ৰাখিছে। এই ঘটনাত কিশোৰ বিয়ানী আৰু ৰাকেশ বিয়ানীৰ ভূমিকা কি সেয়াও চিবিআইয়ে তদন্ত কৰি আছে।
উল্লেখ্য যে ফিউচাৰ ৰিটেইল লিমিটেড হৈছে ফিউচাৰ গ্ৰুপৰ এটা সংস্থা। Big Bazaar, fbb (Fashion at Big Bazaar), Foodhall, Nilgiris আদি কেইবাটাও সংস্থা এই সংস্থাৰ অধীনত আছে।





