হায়দৰাবাদৰ গাচিবৌলিৰ এছ এল এন টাৰ্মিনাছত অৱস্থিত ‘মেৰিয়েট এক্সিকিউটিভ এপাৰ্টমেণ্টছ’ হোটেলৰ এটা কোঠাৰ পৰা উদ্ধাৰ হৈছে ৪১ বছৰীয়া আমেৰিকান নাগৰিকৰ মৃতদেহ। পেছাত ব্যৱসায়ী ব্যক্তিজনৰ মৃত্যুক লৈ সন্দেহৰ সৃষ্টি হৈছে।
চাইবাৰাবাদ কমিছনাৰেটৰ গাচিবৌলি আৰক্ষীয়ে ‘সন্দেহজনক মৃত্যু’ৰ এটা গোচৰ ৰুজু কৰিছে। মৃত্যুৰ কাৰণ আৰু পৰিস্থিতি জানিবলৈ তদন্ত আৰম্ভ কৰা হৈছে।
মৃত আমেৰিকান নাগৰিকজন কেলিফৰ্ণিয়াৰ বাসিন্দা মিচেল ব্রায়ান লী বুলি চিনাক্ত কৰা হৈছে ৷ ২ নৱেম্বৰত ব্যৱসায়িক সহযোগী ডেভিদৰ সৈতে ব্যৱসায়িক ভ্ৰমণত হায়দৰাবাদলৈ আহি ‘মেৰিয়েট এক্সিকিউটিভ এপাৰ্টমেণ্টছ’ হোটেলত আছিল।
প্ৰাৰম্ভিক তথ্য অনুসৰি হোটেলখনৰ ১২মহলাৰ ১২১৮ নং কোঠাত লী আছিল। ৪ নৱেম্বৰৰ সন্ধিয়াৰ পৰাই তেওঁ ফোন কলৰ কোনো সঁহাৰি দিয়া নাছিল। তেওঁৰ সৈতে বাৰে বাৰে যোগাযোগৰ চেষ্টা বিফল হোৱাৰ বাবে হোটেলৰ কৰ্মীসকলৰ সন্দেহৰ সৃষ্টি হয়।
৫ নৱেম্বৰৰ সন্ধিয়া প্ৰায় ৬:৩০ বজাত হোটেলৰ কৰ্মচাৰীয়ে মাষ্টাৰ চাবি ব্যৱহাৰ কৰি কোঠাটো খুলে আৰু বিচনাত অচেতন অৱস্থাত পৰি থকা লীক উদ্ধাৰ কৰে। তেওঁলোকে ততাতয়াকৈ ১০৮ জৰুৰীকালীন এম্বুলেন্স সেৱালৈ ফোন কৰে।
ঘটনাস্থলীত উপস্থিত হোৱা চিকিৎসা কৰ্মীয়ে লীক পৰীক্ষা কৰি তেওঁৰ মৃত্যু হোৱা বুলি নিশ্চিত কৰে। আৰক্ষীয়ে কয়, “ঘটনাস্থলীত উপস্থিত হোৱা চিকিৎসা কৰ্মীয়ে তেওঁক পৰীক্ষা কৰি ইতিমধ্যে মৃত্যু হোৱা বুলি নিশ্চিত কৰে।”
হোটেল কৰ্তৃপক্ষৰ পৰা তথ্য লাভ কৰাৰ লগে লগে গাচিবৌলি আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিৰীক্ষণ কৰি গোচৰ ৰুজু কৰে।
আৰক্ষীয়ে লীৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত অব্যাহত ৰাখিছে। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনে মৃত্যুৰ কাৰণৰ স্পষ্ট ছবি দাঙি ধৰিব বুলি আশা কৰা হৈছে। ঘটনাৰ তদন্ত চলি আছে।




