বলীউডৰ কেইবাগৰাকীও তাৰকাক ভাবুকি প্ৰদান কৰাৰ লগতে অপৰাধমূলক কাৰ্যকলাপত জড়িত থকা কুখ্যাত গেংষ্টাৰ তথা লৰেন্স বিষ্ণৈ গেংৰ সক্ৰিয় সদস্য হৰিকৃষ্ণ জাট ওৰফে হৰি বক্সাৰক আমেৰিকাৰ কৰ্তৃপক্ষই আটক কৰিছে। দিল্লী আৰক্ষীৰ স্পেচিয়েল চেল আৰু হাৰিয়ানাৰ স্পেচিয়েল টাস্ক ফৰ্চৰ গোপন তথ্যৰ ভিত্তিত যোৱা নিশা কেলিফৰ্নিয়াত গেংষ্টাৰটোক আটক কৰা হয়।
মুম্বাইত বলীউডৰ পৰিচালক ৰোহিত শেট্টীৰ বাসগৃহত সংঘটিত গুলীচালনাৰ ঘটনাৰ পিছৰে পৰা ভাৰতীয় নিৰাপত্তা আৰু চোৰাংচোৱা সংস্থাসমূহে বক্সাৰৰ গতিবিধিৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছিল। চলিত বৰ্ষৰ জানুৱাৰী মাহত সামাজিক মাধ্যমৰ জৰিয়তে জুহুস্থিত শেট্টীৰ বাসগৃহৰ বাহিৰত হোৱা গুলীচালনাৰ দায়িত্ব স্বীকাৰ কৰিছিল বক্সাৰে। বলীউডৰ ছুপাৰষ্টাৰ চলমান খানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগত তেওঁ ৰোহিত শেট্টী, তুষাৰ কাপুৰ আৰু ৰণবীৰ সিঙৰ দৰে তাৰকাকো ভাবুকি প্ৰদান কৰিছিল। ইয়াৰ উপৰি কানাডাত অভিনেতা-কমেডিয়ান কপিল শৰ্মাৰ কেফেত হোৱা গুলীচালনাৰ ঘটনাৰ মূল পৰিকল্পনাকাৰী আছিল এইজন বক্সাৰ।
যোৱা মাহত অভিনেতা টাইগাৰ শ্ৰফক লক্ষ্য কৰি সংঘটিত গুলীচালনাৰ ঘটনাত অস্ত্ৰ যোগান ধৰা চক্ৰটোৰ সৈতেও বক্সাৰ জড়িত থকাৰ অভিযোগ উত্থাপন হৈছিল। মূলতঃ ৰাজস্থানৰ বাসিন্দা বক্সাৰে বিদেশৰ পৰা লৰেন্স বিষ্ণৈ গেংৰ ধনদাবীৰ সমগ্ৰ নেটৱৰ্কটো পৰিচালনা কৰাত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
জয়পুৰত থকা অৱস্থাত বক্সিং শিকাৰ বাবেই তেওঁ ‘বক্সাৰ’ উপনাম লাভ কৰিছিল। প্ৰথম অৱস্থাত সৰু-সুৰা কাজিয়াত লিপ্ত হোৱা বক্সাৰ পৰৱৰ্তী সময়ত ডকাইতি আৰু হত্যাৰ চেষ্টাৰ দৰে গুৰুতৰ অপৰাধত জড়িত হৈ পৰে। ভাৰতৰ জয়পুৰ, আলৱাৰ, ছিকাৰ, ঢোলপুৰ আৰু কৰৌলীৰ দৰে কেইবাখনো জিলাত তেওঁৰ বিৰুদ্ধে ১০টাতকৈও অধিক গোচৰ ৰুজু হৈ আছে। অপৰাধমূলক কাৰ্যকলাপৰ পিছত ২০২২ চনত তেওঁ আমেৰিকালৈ পলায়ন কৰিছিল।
উল্লেখযোগ্য যে, ভাৰতত কেইবাটাও হত্যাকাণ্ড আৰু সংঘবদ্ধ অপৰাধৰ গোচৰত ৱাণ্টেড হৈ থকা হিমাংশু ভাউ আৰু নীৰজ ফৰিদপুৰীয়া নামৰ আন দুজন গেংষ্টাৰকো যোৱা মাহত আমেৰিকাত গ্ৰেপ্তাৰ কৰা হৈছিল।
আমেৰিকাত হৰি বক্সাৰ আটক হোৱাৰ লগে লগে ভাৰতীয় কৰ্তৃপক্ষই তেওঁক দেশলৈ ঘূৰাই অনাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছে। আশা কৰা হৈছে যে কেন্দ্ৰীয় অন্বেষণ ব্যুৰোৰ জৰিয়তে প্ৰয়োজনীয় আইনী প্ৰক্ৰিয়া সম্পূৰ্ণ কৰি অতি সোনকালেই গেংষ্টাৰটোক ভাৰতলৈ প্ৰত্যাৰ্পণ কৰা হ’ব।




