• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

কাষৰ কোঠাটোত শুই থকা মানসক জগাই তোলাৰ পূৰ্বে তন্ময়ক ওলমি থকা অৱস্থাত লক্ষ্য কৰি পায়েলে পাকঘৰৰ কটাৰী ব্যৱহাৰ কৰি বিচনা চাদৰখন কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

ফাৰহানা আহমেদ, লখিমপুৰ by ফাৰহানা আহমেদ, লখিমপুৰ
November 9, 2026 9:11 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ লখিমপুৰৰ ভাড়াঘৰৰ ভিতৰত শুকুৰবাৰে পুৱা মৃত অৱস্থাত উদ্ধাৰ হোৱা এজন যুৱ উদ্যোগীৰ পৰিয়ালৰ অভিযোগ আৰু বন্ধু-বান্ধৱীৰ সম্ভাৱ্য হত্যাৰ অভিযোগৰ পিছত তেওঁৰ মৃত্যুৰ পৰিস্থিতিৰ তদন্ত কৰিবলৈ আৰক্ষী বাধ্য হয়।

উত্তৰ লখিমপুৰৰ ইউফ’ৰিয়া ইউনিচেক্স চেলুনৰ স্বত্বাধিকাৰী তন্ময় জ্যোতি দত্ত ফুকনক ডিঙিত বিচনা চাদৰৰ এটা অংশ গাঁঠি আৰু আনটো মূৰ ভেণ্টিলেটৰৰ গ্ৰীলত বান্ধি থোৱা অৱস্থাত শোৱা কোঠাৰ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

তন্ময়ৰ সৈতে একেলগে ভাড়াঘৰত থকা ইউফ’ৰিয়াৰ ঘনিষ্ঠ বন্ধু তথা মেনেজাৰ মানস বৈৰাগীয়ে জনোৱা মতে, শুকুৰবাৰে পুৱা প্ৰায় ৫.১৫ বজাত তন্ময়ৰ প্ৰেমিকা পায়েলে তেওঁক জগাই দিছিল আৰু তন্ময়ৰ কিবা এটা হোৱা বুলি জনাইছিল।

Apply Now

মানসে কয় যে তেওঁ লৰালৰিকৈ বেডৰুমলৈ গৈ দেখিলে তন্ময় মজিয়াত পৰি আছে, বিচনা চাদৰখন দুটুকুৰাকৈ কটা। লগে লগে তেওঁ আন এজন বন্ধুৰ সৈতে যোগাযোগ কৰিলে আৰু দুয়ো মিলি তন্ময়ক ওচৰৰ চিকিৎসালয়লৈ লৈ গ’ল, য’ত তেওঁক মৃত বুলি ঘোষণা কৰা হয়।

তন্ময় আৰু মানসে ভাড়াঘৰটোত একেলগে আছিল, য’ত পায়েলেও সঘনাই আহিছিল।

মানসৰ মতে, বৃহস্পতিবাৰৰ নিশালৈকে তন্ময়ক স্বাভাৱিক আৰু সুস্থ যেন দেখা গৈছিল। তিনিওজনে বাসগৃহত ৰান্ধি ৰাতিৰ আহাৰ খাইছিল বুলি জানিব পৰা গৈছে।

মানসে কয়, “মই শেষবাৰৰ বাবে নিশা প্ৰায় ২ বজাত তেওঁৰ সৈতে কথা পাতিছিলো যেতিয়া তেওঁৰ শোৱা কোঠাটো প্ৰেমিকাক এৰি দিছিল তেওঁ মোৰ কোঠাত শুবলৈ আহিছিল। পৰৱৰ্তী সময়ত মই শুইছিলো আৰু ৰাতিপুৱা প্ৰায় ৫:২০ বজাত তেওঁৰ প্ৰেমিকাই মোক জগাই দিছিল, মোক জনাইছিল যে তন্ময়ৰ কিবা এটা হৈছে।”

জানিব পৰা মতে, কাষৰ কোঠাটোত শুই থকা মানসক জগাই তোলাৰ পূৰ্বে তন্ময়ক ওলমি থকা অৱস্থাত লক্ষ্য কৰি পায়েলে পাকঘৰৰ কটাৰী ব্যৱহাৰ কৰি বিচনা চাদৰখন কাটি পেলোৱাৰ অভিযোগ উত্থাপন হৈছে।

এই কাণ্ডৰ পৰিস্থিতিয়ে তন্ময়ৰ বন্ধুসকলৰ মাজত প্ৰশ্নৰ অৱতাৰণা কৰিছে। আগনিশা আলুৰ বাকলি কাটিবলৈ ব্যৱহাৰ কৰাৰ পিছত ৰখা পাকঘৰৰ কটাৰীখনৰ অৱস্থাৰ লগতে বিচনা চাদৰখন মসৃনকৈ কাটিব পৰা ধৰণটোৰ ওপৰতো প্ৰশ্ন উত্থাপন হৈছে।

তন্ময়ৰ মৃতদেহৰ ওচৰত এটা ধাতুৰ পানীৰ বটলও চেপেটা হৈ থকা উদ্ধাৰ হোৱা বুলি জানিব পৰা গৈছে।

আন এটা ভায্ত সঞ্জু নামৰ এজন বন্ধুৱে দাবী কৰিছে যে শুকুৰবাৰে পুৱাৰ ভাগত পায়েলে ঘৰলৈ যোৱাৰ বাবে তেওঁৰ সৈতে যোগাযোগ কৰিছিল।

সঞ্জুৱে কয়, ‘শুকুৰবাৰে পুৱা ৩:০৩ বজাত তাই মোক ফোন কৰি তন্ময়ৰ ভাড়াঘৰৰ পৰা নিবলৈ কৈছিল আৰু ঘৰলৈ থৈ আহিবলৈ কৈছিল।মই নাকচ কৰিছিলোঁ কাৰণ সেই সময়ত তেনে কৰাটো অনুচিত বুলি অনুভৱ কৰিছিলোঁ।’

তন্ময়ৰ পৰিয়ালে দাখিল কৰা অভিযোগৰ পিছতে আৰক্ষীয়ে ৩৫৮/২৬ নম্বৰৰ গোচৰ ৰুজু কৰিছে। তেওঁৰ বন্ধুসকলেও সম্ভাৱ্য হত্যাৰ অভিযোগ উত্থাপন কৰি উত্তৰ লখিমপুৰ আৰক্ষী থানাৰ কাষ চাপিছে আৰু ইয়াৰ সম্যক তদন্ত বিচাৰিছে বুলি জানিব পৰা গৈছে।

আৰক্ষীয়ে পায়েলক দুবাৰকৈ সোধা-পোছাৰ বাবে মাতি অনাৰ লগতে তন্ময়ৰ কেইবাজনো বন্ধু আৰু কৰ্মচাৰীৰ বক্তব্য ৰেকৰ্ড কৰা বুলি জানিব পৰা গৈছে।

তদন্তৰ কথা নিশ্চিত কৰি লখিমপুৰৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক গুনেন্দ্ৰ ডেকাই কয় যে তন্ময়ৰ প্ৰেমিকা আৰু বন্ধু-বান্ধৱীৰ ভায্য লিপিবদ্ধ কৰা হৈছে।

এছ এছ পি ডেকাই কয়, ‘আমি ভুক্তভোগীৰ প্ৰেমিকা আৰু বন্ধু-বান্ধৱীৰ বক্তব্য লিপিবদ্ধ কৰিছো। মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছো। মৃত্যুৰ পৰৱৰ্তী তদন্ত সেই অনুসৰি আগবাঢ়িব।’

ধেমাজি জিলাৰ বৰদলনিৰ বাসিন্দা তন্ময়ে বিগত তিনি বছৰে উত্তৰ লখিমপুৰত নিজৰ ইউনিচেক্স চেলুন চলাই আহিছিল। স্থানীয় অঞ্চলত তেওঁ এজন অভিনেতা আৰু ঢোলবাদত হিচাপেও পৰিচিত আছিল।

ছ’চিয়েল মিডিয়াত তেওঁৰ মৃত্যুত শোক প্ৰকাশ কৰাৰ লগতে স্বচ্ছ তদন্তৰ দাবী উত্থাপন হৈছে।

তেওঁৰ বন্ধুসকলে সম্ভাৱ্য হত্যাৰ সন্দেহ উত্থাপন কৰিলেও তন্ময়ৰ মৃত্যুৰ পৰিস্থিতি এতিয়াও স্পষ্ট নহয়। তদন্ত অব্যাহত থকাৰ সময়তে আৰক্ষীয়ে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনৰ বাবে অপেক্ষা কৰি আছে।

ফাৰহানা আহমেদ, লখিমপুৰ

ফাৰহানা আহমেদ, লখিমপুৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

November 9, 2026 9:11 am
‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

November 9, 2026 8:12 am
বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

বৰদলৈ ট্ৰফীৰ নগাঁও জিলা পৰ্যায়ত টাউন ক্লাবক হৰুৱাই চেম্পিয়ন উদয় ক্লাব! তিনিচুকীয়াত খিতাপৰ যুঁজত কোনে মাৰিব শেষ হাঁহি?

November 8, 2026 9:13 pm
১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

১১,০০০ মেগাৱাটৰ ছিয়াং প্ৰকল্পক লৈ উত্তপ্ত অৰুণাচল! আদি জনগোষ্ঠীৰ কাষত থিয় দিলে নাগালেণ্ডৰ ছাষ্টেইনেবল ডেভেলপমেণ্ট ফৰামে

November 8, 2026 8:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

November 9, 2026 9:11 am
‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

‘ইতিহাসৰ আটাইতকৈ ডাঙৰ পৰাজয়’, নিৰ্বাচনত হাৰিও সম্পূৰ্ণ শক্তিৰে প্ৰত্যাৱৰ্তনৰ অংগীকাৰ ট্ৰাম্পৰ

November 9, 2026 8:12 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd