• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, November 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

সংঘৰ্ষৰ লগে লগে চিএনজি বাহনখনত অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে সমগ্ৰ গাড়ীখন জুইৰ শিখাই আগুৰি ধৰে। ভিতৰত আবদ্ধ হৈ পৰে যাত্ৰীসকল।

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
November 9, 2026 11:37 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। তীব্ৰবেগী গাড়ী এখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে। সংঘৰ্ষৰ ফলত নিমিষতে গাড়ীখনত জুই লাগি যায়। ভিতৰত থকা যাত্ৰীসকলে ওলাবলৈও কোনো সুযোগেই নাপালে।

এই অগ্নিকাণ্ডত গাড়ীখনত থকা ৬ জন যাত্ৰীৰ মৃত্যু হয়। নিহতসকলৰ ভিতৰত এটা শিশুও আছে। প্ৰাথমিক সূত্ৰ অনুসৰি নিহত আটাইকেইজন হাৰিয়ানাৰ জিন্দ জিলাৰ বাসিন্দা।

জানিব পৰা মতে, সোমবাৰে পুৱা উত্তৰ প্ৰদেশৰ মুজাফ্ফৰনগৰ জিলাৰ পানীপট-খাটিমা ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এই মৰ্মান্তিক দুৰ্ঘটনাটো। আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, জাগাহেৰী অঞ্চলৰ সমীপত হঠাৎ নিয়ন্ত্ৰণ হেৰুৱাই পেলায় গাড়ীখন। ইয়াৰ পিছতে পথৰ কাষৰ এটা বিদ্যুতৰ খুঁটাত খুন্দা মাৰে।

Apply Now

সংঘৰ্ষৰ লগে লগে চিএনজি বাহনখনত অগ্নিকাণ্ড সংঘটিত হয়। নিমিষতে সমগ্ৰ গাড়ীখন জুইৰ শিখাই আগুৰি ধৰে। ভিতৰত আবদ্ধ হৈ পৰে যাত্ৰীসকল। সংবাদ সংস্থাৰ সূত্ৰৰ পৰা জানিব পৰা মতে গাড়ীখনত জীৱন্তে অগ্নিদগ্ধ হৈ মৃত্যু হয় যাত্ৰীকেইজনৰ।

দুৰ্ঘটনাৰ খবৰ পোৱাৰ পিছতে আৰক্ষীয়ে ক্ষিপ্ৰতাৰে সেই স্থানত উপস্থিত হয়। স্থানীয় লোকেও ততাতৈয়াকৈ গৈ সেই স্থানত উপস্থিত হয়। কিন্তু কোনোৱে সহায় কৰাৰ আগতেই সকলো শেষ হৈ গ’ল। আৰক্ষীয়ে জুই নিৰ্বাপন কৰি গাড়ীৰ ভিতৰত থকা ছয়জন লোকৰ মৃতদেহ উদ্ধাৰ কৰে। প্ৰাৰম্ভিক খবৰ অনুসৰি মৃত্যু হোৱা লোকসকলৰ ভিতৰত ১০ৰ পৰা ১২ বছৰ বয়সৰ এটি শিশুও আছে।

আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছে। মৃতকৰ পৰিচয় নিশ্চিত কৰাৰ লগতে তেওঁলোকৰ পৰিয়ালৰ সৈতে যোগাযোগ কৰাৰ প্ৰচেষ্টা অব্যাহত আছে। গাড়ীখনে কেনেকৈ নিয়ন্ত্ৰণ হেৰুৱালে সেয়া তদন্তকাৰীয়ে অনুসন্ধান কৰি আছে। অত্যধিক গতিবেগ, চালকৰ গাফিলতিৰ বাবে নে গাড়ীৰ যান্ত্ৰিক বিজুতিৰ বাবে এই দুৰ্ঘটনা সংঘটিত হৈছে সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

আনহাতে, স্থানীয় একাংশ লোকৰ মতে, গাড়ীখনে ষ্ট্ৰীট লাইটৰ পোষ্টত খুন্দা মৰাৰ পিছত খুঁটাটো গাড়ীৰ ওপৰত পৰি যায়। ইয়াৰ বাবেই গাড়ীখনত অগ্নিকাণ্ড সংঘটিত হয়। আৰক্ষীয়েও এই সম্ভাৱনাৰ তদন্ত অব্যাহত ৰাখিছে। দুৰ্ঘটনাস্থলীৰ আশে-পাশে থকা চিচিটিভি ফুটেজো পৰীক্ষা কৰা হৈছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

November 9, 2026 10:55 am
বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

বিজেপিৰ জয়জয়-ময়ময়! এবছৰত কংগ্ৰেছৰ অনুদান সংগ্ৰহ হ্ৰাস পাইছে ৭৫ শতাংশ

November 9, 2026 9:55 am
উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

উত্তৰ লখিমপুৰৰ ভাড়াঘৰত যুৱ উদ্যোগীৰ মৃতদেহ উদ্ধাৰ; মৃত্যুৰ ৰহস্যক লৈ চলিছে তদন্ত

November 9, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

বিদ্যুতৰ খুঁটাত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; অগ্নিদগ্ধ হৈ মৰ্মান্তিক মৃত্যু ৬ জন যাত্ৰীৰ

November 9, 2026 11:37 am
From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

From APL to IPL! চি এছ কে ট্ৰায়েলৰ বাবে আমন্ত্ৰণ পালে নগাঁও ৰেঞ্জাৰ্ছৰ সুনীল লাচিতে

November 9, 2026 10:55 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd