হঠাৎ ভাৰতীয় বিনিয়োগকাৰীৰ পৰা ১০০ কোটি টকা নোহোৱা হৈ গ’ল। সেই অৰ্থত অস্তিত্বহীন চীনা কোম্পানী এটাই অনুমতি অবিহনে আৰু পৰীক্ষণ অবিহনে বিপুল পৰিমাণৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। গোটেই বিষয়টোৰ চৰ্চা আৰম্ভ হোৱাৰ লগে লগে পোহৰলৈ আহিল বিস্ফোৰক তথ্য।
ভাৰতীয়ৰ শ্বেয়াৰ অবৈধভাৱে বিক্ৰী হোৱা কোম্পানীসমূহৰ ভিতৰত অন্যতম এনভিডিয়াৰ চিইঅ’ জেনচেন হুয়াঙে মুখ খুলিলে। চীনৰ এগৰাকী গুপ্তচৰৰ সৈতে পৰকীয়াত জড়িত হৈ পৰিছে বুলি তেওঁ কয়।
এমাহ পূৰ্বে এনভিডিয়া, এপল, এমাজন, টেছলা, আলফাবেটৰ দৰে কোম্পানীত বিনিয়োগ কৰা ভাৰতীয়সকলৰ ১০০ কোটি টকাৰ সম্পত্তি অন্তৰ্ধান হোৱাৰ অভিযোগ উত্থাপন হৈছিল। তেওঁলোকৰ অনুমতি অবিহনে বিক্ৰী কৰা হৈছিল শ্বেয়াৰ। আনকি শ্বেয়াৰ বিক্ৰীৰ বাবে পৰীক্ষণ প্ৰক্ৰিয়াও কৰা নহ’ল।
অভিযোগ অনুসৰি মাত্ৰ ২ৰ পৰা ১৫ মিনিটতে এই শ্বেয়াৰ বিক্ৰী হৈছিল। সমগ্ৰ বিষয়টো বেংগালুৰুস্থিত ফিনটেক কোম্পানী ষ্টকললৈ আঙুলিয়াই দিয়া হৈছিল। ভাৰতীয়সকলে এই কোম্পানীৰ জৰিয়তে আমেৰিকাৰ কোম্পানীসমূহৰ শ্বেয়াৰ ক্ৰয় কৰিছিল। ১০০ কোটি টকা লোকচানৰ পিছত ছেবিকে ধৰি কেইবাটাও স্থানত অভিযোগ দাখিল কৰা হয়।
ইয়াৰ পিছতে আমেৰিকাৰ বিখ্যাত বাতৰি কাকত দ্য নিউয়ৰ্ক টাইমছে জেনচেনৰ পিনে আঙুলিয়াই দিলে। প্ৰতিবেদনত দাবী কৰা হৈছে যে জেনচেনৰ এগৰাকী চীনা মহিলাৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছিল আৰু তেওঁ এনভিডিয়াৰ এআই চিপছ চীনলৈ সৰবৰাহ কৰিছিল।
মহিলাগৰাকী চীনৰ চোৰাংচোৱা সংস্থাৰ সৈতেও জড়িত বুলি জানিব পৰা গৈছে। প্ৰতিবেদনত এই সমগ্ৰ বিষয়টো আমেৰিকাৰ ৰাষ্ট্ৰীয় নিৰাপত্তাৰ বাবে বিপজ্জনক বুলিও দাবী কৰা হৈছে। এনে বিস্ফোৰক অভিযোগ উত্থাপন হোৱাৰ পিছত এনভিডিয়াই জেনচেনৰ বিৰুদ্ধে তদন্ত আৰম্ভ কৰে।
অৱশ্যে তদন্তৰ সময়ত জেনচেনে স্বীকাৰ কৰে যে চীনৰ ব্যৱসায়ী তথা চোৰাংচোৱা এলিছ হুয়াঙৰ সৈতে তেওঁ পৰকীয়া প্ৰেমত লিপ্ত হৈছিল। ৬৩ বছৰীয়া জেনচেনে সকলোৰে ওচৰত ক্ষমা বিচাৰিছে।
তেওঁ লগতে তদন্তত সম্পূৰ্ণ সহযোগিতাৰ বাৰ্তা প্ৰদান কৰে। কিন্তু চোৰাং তথ্য সৰবৰাহৰ অভিযোগ তেওঁ স্বীকাৰ কৰা নাই। ফলত প্ৰশ্ন উত্থাপন হয়, জেনচেনে চীনলৈ কিমান তথ্য সৰবৰাহ কৰিছিল? ইয়াৰ বাবে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তাও ব্যাহত হ’ব পাৰে নেকি?





