৭১সংখ্যক ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈ ট্ৰফী ২০২৬ৰ তিনিচুকীয়া জিলা পৰ্যায়ৰ প্ৰতিযোগিতাত চেম্পিয়নৰ খিতাপ অৰ্জন কৰিলে পুৰণি মতাপুং এফচিয়ে। ৯ নৱেম্বৰত অনুষ্ঠিত প্ৰতিযোগিতাৰ জিলা পৰ্যায়ৰ চূড়ান্ত খেলখনত পুৰণি মতাপুং এফচিয়ে ৩-২ গ’লৰ ব্যৱধানত পৰাস্ত কৰে গন্ধীয়া এছ এক। এই জয়ৰ লগে লগে তিনিচুকীয়া জিলাৰ চেম্পিয়ন হিচাপে পৰৱৰ্তী পৰ্যায়লৈ উত্তীৰ্ণ হয় দলটো।
পুৰণি মতাপুং এফচিয়ে এতিয়া ক্লাষ্টাৰ-১ ৰাউণ্ডত খেলাৰ যোগ্যতা অৰ্জন কৰিছে। এই ক্লাষ্টাৰত তিনিচুকীয়াৰ লগতে চৰাইদেউ, মাজুলী, যোৰহাট, ডিব্ৰুগড় আৰু শিৱসাগৰ জিলাৰ দলসমূহে অংশগ্ৰহণ কৰিব।
উল্লেখ্য যে গুৱাহাটী ক্ৰীড়া সন্থা আৰু জিলা ক্ৰীড়া সন্থাসমূহৰ উদ্যোগত আয়োজিত এই প্ৰতিযোগিতাখন অসম ক্ৰিকেট সন্থাৰ সহযোগত অনুষ্ঠিত হৈছে। প্ৰতিযোগিতাৰ পৰিচালক পৰেশ চন্দ্ৰ দাসে পুৰণি মতাপুং এফচিৰ এই জয় আৰু পৰৱৰ্তী পৰ্যায়লৈ যোগ্যতা অৰ্জনৰ তথ্য সদৰী কৰিছে।


