তেওঁৰ বয়স ৮১ বছৰ। জীৱনৰ ছয় দশকৰো অধিক সময় তেওঁ লিখি আহিছে। এই বয়সতে তেওঁ এনে এক সন্মান লাভ কৰিলে যিয়ে লেখক হিচাপে তেওঁৰ কেৰিয়াৰক ইতিহাস পৃষ্ঠাত খোদিত কৰিলে। ২০২৬ চনৰ বুকাৰ বঁটা লাভ কৰিছে ব্ৰিটিছ লেখক এম জন হেৰিছনে(M. John Harrison)। তেওঁৰ উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ (The End of Everything) য়ে তেওঁক আনি দিলে এই অনন্য সন্মান।
কেৱল এই বঁটা লাভ কৰাই নহয়, বয়সৰ ক্ষেত্ৰতো তেওঁ এক দৃষ্টান্ত গঢ়ি তুলিছে। বৰ্তমান তেওঁ বুকাৰ বঁটাৰ ইতিহাসৰ আটাইতকৈ বেছি বয়সত বঁটা লাভ কৰা লেখক। সোমবাৰে (৯ নৱেম্বৰ) লণ্ডনৰ ওল্ড বিলিংছগেটত অনুষ্ঠিত হোৱা এক বৰ্ণাঢ্য অনুষ্ঠানত তেওঁক ৫০ হাজাৰ ব্ৰিটিছ পাউণ্ডৰ এই পুৰস্কাৰ প্ৰদান কৰা হয়। ভাৰতীয় মুদ্ৰাত যাৰ মূল্য প্ৰায় ৬২ লাখ ৮০ হাজাৰ টকা।
কিন্তু এম জন হেৰিছন কোন? তেওঁৰ বঁটা বিজয়ী উপন্যাসখনত কি আছে? কেনেকৈ হয় বুকাৰ বঁটাৰ এই প্ৰতিযোগিতা?
হেৰিছনৰ এই ঐতিহাসিক জয় আহিছে তেওঁৰ অতি চৰ্চিত আৰু প্ৰত্যাহ্বানমূলক প’ষ্ট-এপ’কেলিপ্টিক (বিপৰ্যয়ৰ পিছৰ) উপন্যাস ‘দ্য এণ্ড অৱ এভৰিথিং’ৰ বাবে। এই উপন্যাসখন ব্ৰিটিছ সমাজক বিধ্বস্ত কৰা এক ৰহস্যজনক দুৰ্যোগৰ পিছৰ পৰিণতিৰ বিষয়ে লিখা হৈছে। কাহিনীটোৰ কেন্দ্ৰবিন্দুত এজন ব্যক্তি আৰু তেওঁৰ পেহীয়েক। ইংলেণ্ডৰ দক্ষিণ-পূব উপকূলত হোৱা দুৰ্যোগৰ পিছতো তেওঁলোকে জীয়াই থকাৰ যুঁজ অব্যাহত ৰাখিছে। ইয়াৰ মাজতে পৃথিৱীত উপস্থিত হয় ৰহস্যময় ভিন্নগ্ৰহী প্ৰাণী।
ইয়াৰ উপৰিও গ্ৰন্থখনে মানৱ জীৱনৰ বাস্তৱ অভিজ্ঞতা আৰু সকলো হতাশাৰ মাজত আশাৰ আভাস উন্মোচন কৰিছে। বিখ্যাত ধ্ৰুপদী ইতিহাসবিদ তথা এইবাৰৰ জুৰীৰ মুৰব্বী ডেম মেৰী বিয়াৰ্ডে গ্ৰন্থখনৰ প্ৰশংসা কৰি কয় যে উপন্যাসখন পঢ়িবলৈ যথেষ্ট কঠিন। কিন্তু শ্ৰেষ্ঠ সাহিত্যই সদায় পাঠকক প্ৰত্যাহ্বানৰ সন্মুখত উপস্থিত কৰায়। তেওঁৰ ভাষাত কিতাপখনে পাঠকৰ চিনাকি চিন্তাবোৰ উলট-পালট কৰি দিয়ে, তেওঁলোকৰ মুখত হাঁহি বিৰিঙাই ইমান আন্ধাৰৰ মাজতো আশাৰ ইংগিত দিয়ে।
ছয় দশকজোৰা দীঘলীয়া সাহিত্যিক জীৱনত হেৰিছনে ১৩খন উপন্যাস, পাঁচখন চুটিগল্প সংকলন আৰু এখন ব্যতিক্ৰমী আত্মজীৱনী লিখিছে। যদিও তেওঁ নিজে কল্পবিজ্ঞান বা ফেন্টাচিৰ দৰে সাহিত্যিক খিতাপ ভাল নাপায়, তথাপিও তেওঁক ‘লিটাৰেৰি ছায়েঞ্চ ফিকছন টাইটান’ বুলি কোৱা হয়। বুকাৰ বঁটাৰ মুখ্য কাৰ্যবাহী বিষয়া গেবি উডে কয় যে কল্পবিজ্ঞান সাহিত্য ধাৰাটোৰ পৰা সঁচা অৰ্থত ওলাই আহি এই সন্মান লাভ কৰা প্ৰথমজন লেখক এম জন হেৰিছন।
বুকাৰ বঁটা বিশ্ব সাহিত্যৰ অন্যতম সন্মানীয় বঁটা। ১৯৬৯ চনৰ পৰা আৰম্ভ হোৱা এই বঁটা প্ৰতি বছৰে ইংৰাজী ভাষাত লিখা শ্ৰেষ্ঠ উপন্যাসক প্ৰদান কৰা হয়। এই প্ৰতিযোগিতাত বিশ্বৰ বিভিন্ন দেশৰ লেখকে অংশগ্ৰহণ কৰিব পাৰে। কিন্তু তেওঁলোকৰ উপন্যাসসমূহ এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত ব্ৰিটেইন বা আয়াৰলেণ্ডত প্ৰকাশ হ’ব লাগিব।
বঁটাৰ বাবে দাখিল কৰা কিতাপৰ পৰা জুৰীয়ে এখন দীঘলীয়া তালিকা প্ৰস্তুত কৰে। তাৰ পৰা ছখন উপন্যাসৰ সংক্ষিপ্ত তালিকা বাছনি কৰা হয়। ইয়াৰ পিছত বিচাৰকৰ দ্বাৰা আলোচনা আৰু মূল্যায়নৰ জৰিয়তে চূড়ান্ত বিজয়ীক বাছনি কৰা হয়। বিজয়ী লেখকে ৫০ হাজাৰ পাউণ্ড আৰু বাকী সংক্ষিপ্ত তালিকাত থকা লেখকসকলে ২৫০০ পাউণ্ডকৈ লাভ কৰে।
২০২৬ চনৰ বুকাৰ বঁটাৰ বাবে মুঠ ছখন উপন্যাসে সংক্ষিপ্ত তালিকাত (চৰ্টলিষ্ট)স্থান লাভ কৰে। এই তালিকাত পূৰ্বৰ দুজন বুকাৰ বিজয়ী ডগলাছ ষ্টুৱেৰ্ট আৰু মাৰ্লন জেমছকো অন্তৰ্ভুক্ত কৰা হৈছিল। তেওঁলোকৰ লগতে লুক কেনাৰ্ড, ৰেবেকা পেৰী আৰু এলিজাবেথ ষ্ট্ৰাউট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছিল। তেওঁলোকৰ উপন্যাসসমূহ হ’ল ‘দ্য ডিচাপেয়াৰছ’, ‘ব্লেক বেগ’, ‘মে উই ফিড দ্য কিং’, ‘দ্য থিংছ উই নেভাৰ চে’ আৰু ‘জন অৱ জন’।
এই ছখন কিতাপৰ পৰা শ্ৰেষ্ঠ উপন্যাসখন বাছনি কৰাটো বিচাৰকসকলৰ বাবে যথেষ্ট কঠিন আছিল। জুৰীৰ মুৰব্বী মেৰী বিয়াৰ্ডে কয় যে চূড়ান্ত সিদ্ধান্তত উপনীত হোৱাৰ পূৰ্বে দীৰ্ঘদিনীয়া আলোচনা, মতানৈক্য আৰু বিতৰ্ক হৈছিল। কিন্তু শেষত প্ৰতিজন বিচাৰকৰ সন্মতি সাপেক্ষে এম জন হেৰিছনৰ নাম বিজয়ী হিচাপে ঘোষণা কৰা হয়।





