অসমত অবৈধ কয়লা ছিণ্ডিকেটক কেন্দ্ৰ কৰি পুনৰ সৰৱ হৈ পৰিছে শিৱসাগৰৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈ। মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে ৰাজ্যত বৃহৎ ছিণ্ডিকেট চক্ৰ চলোৱাৰ বিস্ফোৰক অভিযোগ উত্থাপন কৰিছে বিধায়কগৰাকীয়ে। তেওঁৰ অভিযোগ, বৰ্তমান অসমত গণতান্ত্ৰিক শাসন ব্যৱস্থাৰ পৰিৱৰ্তে ছিণ্ডিকেট চক্ৰৰ প্ৰভাৱ বৃদ্ধি পাইছে। কয়লা, চুপাৰি আৰু গৰুৰ অবৈধ সৰবৰাহৰ জৰিয়তে হাজাৰ হাজাৰ কোটি টকাৰ ক’লা বেহা চলি থকাৰ অভিযোগ তুলি অখিল গগৈয়ে মুখ্যমন্ত্ৰীক ‘মাফিয়াৰ চৰ্দাৰ’ আখ্যা দিছে।
এক সংবাদমেলত অখিল গগৈয়ে অভিযোগ কৰে যে অসমৰ কয়লা ছিণ্ডিকেটৰ আঁৰত আছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভূমিকা। তেওঁৰ দাবী অনুসৰি, অসমলৈ অহা আৰু অসমৰ পৰা বাহিৰলৈ যোৱা কয়লা, চুপাৰি আনকি গৰু কঢ়িওৱা ট্ৰাকৰ পৰাও অবৈধভাৱে ধন সংগ্ৰহ কৰা হৈছে। হিন্দুত্ববাদৰ কথা কোৱা শাসকীয় পক্ষৰ বিৰুদ্ধে গৰুৰ অবৈধ সৰবৰাহৰ পৰাও ছিণ্ডিকেটৰ ধন লোৱাৰ অভিযোগ উত্থাপন কৰি অখিল গগৈয়ে কয় যে এই ঘটনাই চৰকাৰৰ প্ৰকৃত চৰিত্ৰ উদঙাই দিছে।
অখিল গগৈৰ অভিযোগৰ কেন্দ্ৰবিন্দু হৈ পৰিছে গোলাঘাট জিলাৰ দেৰগাঁৱৰ শেহতীয়া ঘটনা। বিধায়কগৰাকীৰ ভাষ্য অনুসৰি, মেঘালয়ৰ পৰা অহা ৪০ৰ পৰা ৪২খন অবৈধ কয়লা কঢ়িওৱা ট্ৰাক দেৰগাঁৱত স্থানীয় ৰাইজ আৰু সাংবাদিকে হাতে-লোটে ধৰা পেলাইছিল। কিন্তু ইমানৰ পিছতো আৰক্ষীয়ে ট্ৰাকসমূহ জব্দ কৰাৰ পৰিৱৰ্তে দেৰগাঁও আৰু বোকাখাতৰ আৰক্ষীয়ে নিৰাপত্তা দি সেই ট্ৰাকসমূহ পুনৰ মেঘালয়লৈ উভতাই পঠিওৱাৰ অভিযোগ উত্থাপন কৰিছে তেওঁ। এই ঘটনাক লৈ আৰক্ষীৰ ভূমিকাৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে বিধায়কগৰাকীয়ে।
তেওঁৰ দাবী, এই ঘটনাৰ পিছত মুখ্যমন্ত্ৰী, মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, আৰক্ষী সঞ্চালকপ্ৰধান, অতিৰিক্ত আৰক্ষী সঞ্চালকপ্ৰধান হিৰেন নাথৰ লগতে সংশ্লিষ্ট জিলাকেইখনৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকক ফোন আৰু বাৰ্তা প্ৰেৰণ কৰিছিল। কিন্তু তাৰ পিছতো এখন অবৈধ কয়লাৰ ট্ৰাকো জব্দ কৰাব নোৱাৰিলে বুলি অভিযোগ কৰে অখিল গগৈয়ে। ছিণ্ডিকেট চক্ৰৰ বিৰুদ্ধে ব্যৱস্থা লোৱাত আৰক্ষীৰ ব্যৰ্থতা আৰু চৰকাৰৰ ভূমিকা সন্দেহৰ আৱৰ্তত বুলি মন্তব্য কৰি তেওঁ অসম আৰক্ষীক ‘নিধিৰাম চৰ্দাৰ’ৰ সৈতে তুলনা কৰে।
আনহাতে, অসম-পশ্চিমবংগ সীমান্তত প্ৰায় ২৫০খন কয়লাৰ ট্ৰাক আবদ্ধ হৈ থকাৰ কথাও সংবাদমেলত উল্লেখ কৰে অখিল গগৈয়ে। তেওঁৰ অভিযোগ অনুসৰি, কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ হস্তক্ষেপৰ পিছতে অসমৰ পৰা পশ্চিমবংগলৈ যোৱা কয়লা, চুপাৰি আৰু গৰুৰ অবৈধ সৰবৰাহত বাধাৰ সৃষ্টি হৈছে। সীমান্তত অবৈধ সৰবৰাহৰ পথ বন্ধ হোৱাৰ পিছত ছিণ্ডিকেট চক্ৰই বিকল্প পথ বিচাৰিবলৈ চেষ্টা চলোৱাৰ অভিযোগো উত্থাপন কৰে বিধায়কগৰাকীয়ে।
অখিল গগৈৰ অভিযোগ অনুসৰি, পশ্চিমবংগ সীমান্তত বাধাৰ সন্মুখীন হোৱাৰ পিছত মেঘালয়ৰ পৰা অহা অবৈধ কয়লা গুৱাহাটী, নগাঁও, কাজিৰঙা আৰু দেৰগাঁও হৈ উজনি অসমৰ লাকুৱা অথবা নাগালেণ্ডৰ তুলি ৰে’ল ষ্টেচনৰ জৰিয়তে সৰবৰাহৰ পৰিকল্পনা কৰা হৈছিল। এই পৰিকল্পনাৰ আঁৰত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ ভূমিকা থকা বুলিও তেওঁ অভিযোগ কৰে। অৱশ্যে এই দাবীসমূহৰ সমৰ্থনত তেওঁ দাঙি ধৰা তথ্য আৰু সংশ্লিষ্ট পক্ষৰ প্ৰতিক্ৰিয়াৰ বিষয়ে অধিক স্পষ্টতা প্ৰয়োজন।
ইপিনে, দেৰগাঁৱত কয়লা কঢ়িওৱা ট্ৰাক ধৰা পৰাৰ পিছত স্থানীয় ৰাইজেও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। স্থানীয় লোকৰ অভিযোগ, শাসকীয় পক্ষৰ প্ৰত্যক্ষ বা পৰোক্ষ আশীৰ্বাদ অবিহনে কোনো নথি-পত্ৰ আৰু চালান নথকা কয়লাৰ ট্ৰাক মেঘালয়ৰ পৰা অসমলৈ ইমান সহজে আহিব নোৱাৰে। চৰকাৰৰ পৃষ্ঠপোষকতা অবিহনে এনে অবৈধ বেহা চলা সম্ভৱ নহয় বুলিও তেওঁলোকে প্ৰশ্ন উত্থাপন কৰিছে।
কয়লা ছিণ্ডিকেটৰ পৰা গৰুৰ অবৈধ সৰবৰাহলৈকে উত্থাপিত এই অভিযোগসমূহে পুনৰ ৰাজ্যৰ প্ৰশাসন আৰু আৰক্ষীৰ ভূমিকাক লৈ প্ৰশ্নৰ সৃষ্টি কৰিছে। অসমক ‘মাফিয়া ৰাজ্য’ আৰু ‘জংঘল ৰাজ’লৈ পৰিণত কৰাৰ অভিযোগ তুলি চৰকাৰক কঠোৰ ভাষাৰে সমালোচনা কৰিছে অখিল গগৈয়ে।


