ৰাজনৈতিক পৰিসৰৰ জনপ্ৰিয় চৰ্চাৰ পৰা বহু দূৰত থকা এক গভীৰ ব্যক্তিগত দুখৰ কথা প্ৰথমবাৰৰ বাবে মুকলিকৈ প্ৰকাশ কৰিছে কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীয়ে। তেওঁৰ সদ্যপ্ৰকাশিত আত্মজীৱনী ‘বিলংগিং: আ জাৰ্নি অৱ লাভ’ত স্থান পাইছে ৰাহুল গান্ধীৰ জন্মৰ পূৰ্বৰ এটি হৃদয়বিদাৰক স্মৃতি। ৰাজীৱ গান্ধী আৰু ছোনীয়া গান্ধীয়ে যে তেওঁলোকৰ প্ৰথম সন্তানটিক জন্মৰ মাত্ৰ এদিনৰ ভিতৰতে চিৰদিনৰ বাবে হেৰুৱাবলগীয়া হৈছিল, সেই কথা এই গ্ৰন্থখনত বিশদভাৱে বৰ্ণনা কৰা হৈছে।
১৯৬৯ চনৰ ১৮ জানুৱাৰীত জন্মগ্ৰহণ কৰা নৱজাতকটিৰ স্বাস্থ্যৰ অৱস্থা জন্মৰ পাছতেই সংকটজনক হৈ পৰিছিল। ইনকিউবেটৰত ৰখা শিশুটিৰ সৰু মুখখন, ক’লা চুলি আৰু দীঘল আঙুলিকেইটা মাতৃ ছোনীয়াৰ মনত আজিও সজীৱ হৈ আছে। কিন্তু দুৰ্ভাগ্যবশতঃ পিছদিনা পুৱা প্ৰায় ছটামান বজাত শিশুটিৰ মৃত্যু হয়। ৰাজীৱ গান্ধীয়ে নিজে ছোনীয়াক এই মৰ্মান্তিক খবৰটো দিছিল। সেই মুহূৰ্তত দুয়ো ইজনে সিজনক সাৱটি ধৰি ভাঙি পৰিছিল।
সন্তানৰ অন্ত্যেষ্টিক্ৰিয়া কেনেদৰে কৰা হ’ব, সেই লৈও পৰিয়ালৰ মাজত আলোচনা চলিছিল। সেই সময়ৰ প্ৰথা অনুসৰি মৃতদেহ নদীত উটুৱাই দিয়াৰ প্ৰস্তাৱ উঠিছিল যদিও ছোনীয়াই তীব্ৰভাৱে বিৰোধিতা কৰিছিল। অৱশেষত, দিল্লীৰ মেহৰৌলিত থকা ফিৰোজ গান্ধীৰ পুৰণি পথাৰখনত, দেৱালৰ কাষৰ গুলপীয়া বগেইনভিলিয়াৰ জোপোহাৰ তলতে সমাধিস্থ কৰা হয় নৱজাতকটিক।
গৰ্ভাৱস্থাৰ দিনবোৰত প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ছোনীয়াৰ খোৱা-বোৱা আৰু স্বাস্থ্যক লৈ বিশেষ যত্ন লৈছিল। কিন্তু হঠাতে নামি অহা সেই শোকৰ বতৰাই সকলো ওলট-পালট কৰি পেলাইছিল। বিদেশ ভ্ৰমণ আধাতে এৰি নিশাই চিকিৎসালয়লৈ দৌৰি আহিছিল ইন্দিৰা গান্ধী।
চিকিৎসালয়ৰ পৰা ঘূৰি অহাৰ পাছতো ছোনীয়াৰ মনত বাৰে বাৰে প্ৰশ্ন আহিছিল— গৰ্ভাৱস্থাত তেওঁৰ কিবা ভুল হৈছিল নেকি? ইফালে, সেই সময়তে একাংশ সংবাদ মাধ্যমে শিশুটিৰ জন্মক লৈ চলোৱা অপপ্ৰচাৰে তেওঁক অধিক মৰ্মাহত কৰিছিল। তেনে পৰিস্থিতিত ৰাজীৱ গান্ধীয়ে তেওঁক বুজাইছিল যে এইবোৰক লৈ চিন্তা কৰাৰ প্ৰয়োজন নাই।
কালক্ৰমে এই গভীৰ শোকৰ পৰা ওলাই আহিবলৈ তেওঁলোকক সহায় কৰিছিল পোহনীয়া কুকুৰ ‘ৰেশমা’ৰ সান্নিধ্য আৰু ইন্দিৰা গান্ধীয়ে লগত লৈ কৰা আফগানিস্তান ভ্ৰমণে। অৱশেষত, প্ৰথম সন্তান হেৰুৱাৰ বেদনা বুকুত বান্ধি ৰাখিয়েই ১৯৭০ চনৰ ১৯ জুনত জন্ম হয় ৰাহুল গান্ধীৰ। এই আত্মজীৱনীত ফুটি উঠিছে এগৰাকী মাতৃৰ সংগ্ৰাম, মৰম আৰু কঠিন সময় অতিক্ৰম কৰি আগবাঢ়ি যোৱাৰ এক কৰুণ কাহিনী।





