পৈতৃক সম্পত্তিত অধিকাৰ সাব্যস্ত কৰাক লৈ উচ্চতম ন্যায়ালয়ে এক গুৰুত্বপূৰ্ণ ৰায়দান প্ৰদান কৰিছে। ককাৰ সম্পত্তিত নাতিৰ দাবী কিমান দূৰ গ্ৰহণযোগ্য, সেই সন্দৰ্ভত এক গোচৰৰ শুনানি গ্ৰহণ কৰি শীৰ্ষ আদালতখনে স্পষ্ট কৰিছে যে হিন্দু উত্তৰাধিকাৰী আইনৰ অধীনত পিতৃ জীৱিত থকা অৱস্থাত নাতিয়ে ককাৰ সম্পত্তিত কোনো ভাগ দাবী কৰিব নোৱাৰে। ন্যায়াধীশ আগাষ্টিন জৰ্জ মচীহ আৰু ন্যায়াধীশ সুনীতা আগৰৱালৰ বিচাৰপীঠে এই ৰায়দানত স্পষ্ট কৰে যে এজন ব্যক্তি নিজৰ পিতৃৰ পৰা পোৱা পৈতৃক বা স্ব-উপাৰ্জিত সম্পত্তিৰ সম্পূৰ্ণ মালিক হৈ পৰে আৰু তেওঁ বিচাৰিলে এই সম্পত্তিৰ পৰা নিজৰ পুত্ৰকো বঞ্চিত কৰিব পাৰে।
উল্লেখ্য যে, ১৯৯৭ চনত এজন পুত্ৰই পিতৃৰ সম্পত্তিৰ ভাগ বিচাৰি এটা গোচৰ ৰুজু কৰিছিল। তেওঁ দাবী কৰিছিল যে সেই সম্পত্তিটো পৈতৃক বা যুটীয়া পৰিয়ালৰ সম্পত্তি। কিন্তু ২৯ বছৰ ধৰি চলা এই দীঘলীয়া আইনী যুঁজৰ অন্তত উচ্চতম ন্যায়ালয়ে পুত্ৰৰ এই আবেদন খাৰজ কৰে। আদালতে হিন্দু উত্তৰাধিকাৰী আইনৰ ৮ নং ধাৰাৰ উদ্ধৃতি দি কয় যে, এজন পুত্ৰ নিজৰ পিতৃৰ পৰা উত্তৰাধিকাৰী সূত্ৰে পোৱা সম্পত্তিৰ সম্পূৰ্ণ মালিক হৈ পৰে, কিন্তু সেই সম্পত্তিত পুত্ৰৰ পুত্ৰৰ জন্মগতভাৱে কোনো অধিকাৰ নাথাকে।
আদালতে লগতে স্পষ্ট কৰে যে ‘হিন্দু উত্তৰাধিকাৰী আইন’ৰ অধীনত নাতিয়েকক ‘প্ৰথম শ্ৰেণীৰ’ উত্তৰাধিকাৰী হিচাপে গণ্য কৰা নহয়। অনুসূচীৰ ‘ক্লছ ১’ত উত্তৰাধিকাৰী হিচাপে নাতিৰ কোনো উল্লেখ নাই। সেইবাবেই ককাৰ সম্পত্তিত তেওঁ কোনো আইনী অধিকাৰ দাবী কৰিব নোৱাৰে। প্ৰথম শ্ৰেণীৰ উত্তৰাধিকাৰীসকলে একেলগে সম্পত্তিৰ অধিকাৰ লাভ কৰে আৰু তেওঁলোক জীৱিত থকা অৱস্থাত আন কোনোৱে এই অধিকাৰ দাবী কৰিব নোৱাৰে বুলি আদালতে জানিবলৈ দিয়ে।
উচ্চতম ন্যায়ালয়ে উল্লেখ কৰে যে ১৯৫৬ চনৰ হিন্দু ব্যক্তিগত আইন’ৰ অধীনত, পিতৃ জীৱিত থকা অৱস্থাত নাতিয়েকক ককাৰ সম্পত্তিত ভাগ বিচৰাৰ কোনো অধিকাৰ প্ৰদান কৰা হোৱা নাই। আইনৰ ৮ নং ধাৰাটো এটা স্বতন্ত্ৰ ব্যৱস্থা হিচাপে পঢ়িব লাগে, যিয়ে কোনো ইচ্ছাপত্ৰ বা উইল অবিহনে মৃত্যু হোৱা হিন্দু পুৰুষৰ সম্পত্তিৰ হস্তান্তৰ নিয়ন্ত্ৰণ কৰে বুলি আদালতে স্পষ্ট কৰি দিয়ে।





