• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 12, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কাশ্মীৰত নিৰুদ্দেশ হোৱা দুগৰাকী আৰক্ষীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ! হত্যা কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ

জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ ডাচ্চানৰ অটব্য অৰণ্যত বুধবাৰে সন্ধানহীন হোৱা দুগৰাকী বিশেষ আৰক্ষী বিষয়াৰ (SPO) গুলীবিদ্ধ মৃতদেহ বৃহস্পতিবাৰে পুৱা উদ্ধাৰ কৰা হয়। কৰ্তব্যৰত অৱস্থাত সন্ত্ৰাসবাদীয়ে এই আৰক্ষী দুগৰাকীক আক্ৰমণ কৰাৰ লগতে তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ লুট কৰি নিয়াৰ সন্দেহ প্ৰকাশ কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 12, 2026 11:17 am
7
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জম্মু-কাশ্মীৰত পুনৰবাৰ নিৰাপত্তাৰক্ষীৰ ওপৰত সন্ত্ৰাসবাদীয়ে আক্ৰমণ সংঘটিত কৰিছে। কিস্তৱাৰ জিলাৰ ডাচ্চান-মাৰৱাহৰ দুৰ্গম বনাঞ্চলত বুধবাৰে বিয়লি সন্ধানহীন হোৱা দুগৰাকী আৰক্ষী বিষয়াৰ গুলীবিদ্ধ মৃতদেহ বৃহস্পতিবাৰে পুৱা উদ্ধাৰ হয়। আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰা মতে, মৃতদেহ দুটাৰ পৰা তেওঁলোকৰ চাৰ্ভিচ ৰাইফল দুটা সন্ধানহীন হৈ আছে, যিয়ে ঘটনাটোৰ আঁৰত সন্ত্ৰাসবাদীৰ হাত থকাটো স্পষ্ট কৰি তুলিছে। নিহত আৰক্ষী দুগৰাকীক ৪০ বছৰীয়া ৰছপাল কুমাৰ আৰু ৫৪ বছৰীয়া ববি চান্দ বুলি চিনাক্ত কৰা হৈছে।

 

Apply Now

প্ৰাপ্ত বাতৰি অনুসৰি, ৰছপাল কুমাৰ আৰু ববি চান্দ জম্মু-কাশ্মীৰ আৰক্ষীৰ স্পেচিয়েল অপাৰেচন গ্ৰুপৰ (SOG) অংশ আছিল। তেওঁলোকে কিয়াৰ ডাচ্চানৰ পৰা আন দুজন সতীৰ্থক দায়িত্ব চমজাই দিবলৈ ধেৰনা প’ষ্টলৈ গৈ থকা অৱস্থাতে সন্ত্ৰাসবাদীৰ এক এম্বুশ্বৰ সন্মুখীন হয়। এজন আৰক্ষীৰ মূৰত আৰু আনজনৰ পিঠিত গুলীৰ আঘাত স্পষ্ট হৈ আছে। সন্ত্ৰাসবাদীয়ে তেওঁলোকক হত্যা কৰাৰ পাছত তেওঁলোকৰ হাতত থকা ইণ্ডিয়ান স্মল আৰ্মছ চিষ্টেম (চমুকৈ ইনছাচ) আৰু .৩০৩ ৰাইফলকেইটা লুটি লৈ যায়।

 

বুধবাৰে দুপৰীয়াৰ ভাগত এই দুৰ্গম বনাঞ্চলৰ পৰা গুলীয়াগুলীৰ শব্দ শুনা গৈছিল বুলি সূত্ৰই প্ৰকাশ কৰিছে। প্ৰথম অৱস্থাত তেওঁলোকৰ ম’বাইল ফোন মুকলি আছিল যদিও পাছলৈ দুয়োটা ফোন চুইচ অফ হৈ পৰে। এই অঞ্চলটো ম’বাইল নেটৱৰ্কৰ ‘শ্বেড’ জ’ন’ হোৱাৰ বাবে যোগাযোগত ব্যাঘাত জন্মে আৰু সন্ধিয়াৰ ভাগত আৰক্ষীৰ এটা দলে তেওঁলোকৰ সন্ধানত অভিযান আৰম্ভ কৰে।

 

উল্লেখ্য যে, এই ঘটনাৰ মাত্ৰ কেইঘণ্টামান পূৰ্বে বুধবাৰে কুলগাম জিলাৰ মিৰ বজাৰৰ সমীপত সন্ত্ৰাসবাদীয়ে চিআৰপিএফৰ এটা চেকপ’ইণ্টত আক্ৰমণ চলোৱাৰ ফলত তিনিগৰাকী জোৱান আহত হৈছিল। যোৱা জুলাই মাহৰ পৰা জম্মু-কাশ্মীৰত সংঘটিত এয়া তৃতীয়টো সন্ত্ৰাসবাদী আক্ৰমণ আৰু নিৰাপত্তাৰক্ষীক লক্ষ্য কৰি কৰা দ্বিতীয়টো আক্ৰমণ। প্ৰাথমিক তদন্ত অনুসৰি কুলগামৰ আক্ৰমণত লস্কৰ-ই-তৈবাৰ কমেও তিনিজন সন্ত্ৰাসবাদী জড়িত থকাৰ সন্দেহ কৰা হৈছে আৰু ইয়াৰে দুজন বিদেশী নাগৰিক।

 

কিস্তৱাৰৰ দুৰ্গম বনাঞ্চলত লুকাই থকা সন্ত্ৰাসবাদীক উৎখাত কৰিবলৈ নিৰাপত্তাৰক্ষীয়ে ইতিমধ্যে এলানি যৌথ তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে। ইয়াৰ পূৰ্বে যোৱা ১৬ অক্টোবৰতো কিস্তৱাৰত বছিৰ আহমেদ নামৰ আন এগৰাকী এছপিঅ’ৰ মৃতদেহ তেওঁৰ বাসগৃহৰ সমীপত উদ্ধাৰ হৈছিল। অৱশ্যে, পাছত আৰক্ষীৰ তদন্তত স্পষ্ট হৈছিল যে ভূমি বিবাদৰ বাবে তেওঁক নিজৰ আত্মীয়ই হত্যা কৰিছিল। বৰ্তমানৰ এই ঘটনাত জড়িত সন্ত্ৰাসবাদীক কৰায়ত্ত কৰিবলৈ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

অসমত আজি বন্ধ পেট্ৰ’ল পাম্প! তেল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ’লিয়াম ডিলাৰসকলৰ

অসমত আজি বন্ধ পেট্ৰ’ল পাম্প! তেল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ’লিয়াম ডিলাৰসকলৰ

November 12, 2026 11:32 am
কাশ্মীৰত নিৰুদ্দেশ হোৱা দুগৰাকী আৰক্ষীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ! হত্যা কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ

কাশ্মীৰত নিৰুদ্দেশ হোৱা দুগৰাকী আৰক্ষীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ! হত্যা কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ

November 12, 2026 11:17 am
কেমেৰাত আৱদ্ধ আচৰিত দৃশ্য! হাতীয়ে গচকাৰ পাছৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো

কেমেৰাত আৱদ্ধ আচৰিত দৃশ্য! হাতীয়ে গচকাৰ পাছৰ দৃশ্য দেখিলে চকু কপালত উঠিব আপোনাৰো

November 12, 2026 9:55 am
মেছি-ৰোনাল্ডোৱেও যি সুযোগ পোৱা নাই, সেই সুযোগ পালে সুনীল ছেত্ৰীয়ে! ফিফাত বিশ্বৰ প্ৰথমজন পুৰুষ ফুটবলাৰৰ বিৰল সন্মান

মেছি-ৰোনাল্ডোৱেও যি সুযোগ পোৱা নাই, সেই সুযোগ পালে সুনীল ছেত্ৰীয়ে! ফিফাত বিশ্বৰ প্ৰথমজন পুৰুষ ফুটবলাৰৰ বিৰল সন্মান

November 12, 2026 7:43 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

অসমত আজি বন্ধ পেট্ৰ’ল পাম্প! তেল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ’লিয়াম ডিলাৰসকলৰ

অসমত আজি বন্ধ পেট্ৰ’ল পাম্প! তেল কোম্পানীৰ বিৰুদ্ধে প্ৰতিবাদ পেট্ৰ’লিয়াম ডিলাৰসকলৰ

November 12, 2026 11:32 am
কাশ্মীৰত নিৰুদ্দেশ হোৱা দুগৰাকী আৰক্ষীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ! হত্যা কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ

কাশ্মীৰত নিৰুদ্দেশ হোৱা দুগৰাকী আৰক্ষীৰ গুলীবিদ্ধ মৃতদেহ উদ্ধাৰ! হত্যা কৰি লুটি নিলে অস্ত্ৰ-শস্ত্ৰ

November 12, 2026 11:17 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd