আজি ৰাজ্যজুৰি ২৪ ঘণ্টীয়া বন্ধ পালন কৰিছে পেট্ৰ’লিয়াম ডিলাৰসকলে। তেল কোম্পানীসমূহৰ বিৰুদ্ধে স্বেচ্ছাচাৰী আচৰণ, ব্যৱসায়িক হাৰাশাস্তি আৰু বিভিন্ন অনিয়মৰ অভিযোগ উত্থাপন কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে নৰ্থ ইষ্ট ইণ্ডিয়া পেট্ৰ’লিয়াম ডিলাৰ্ছ এছ’চিয়েচন (NEIPDA)-এ। আজি ১২ নৱেম্বৰৰ পুৱা ৬ বজাৰ পৰা আৰম্ভ হোৱা এই বন্ধ কাইলৈ, ১৩ নৱেম্বৰৰ পুৱা ৬ বজালৈ অব্যাহত থাকিব।
এই সময়ছোৱাত ৰাজ্যৰ পেট্ৰ’ল পাম্পসমূহত পেট্ৰ’ল আৰু ডিজেলৰ ক্ৰয়-বিক্ৰয় সম্পূৰ্ণৰূপে বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে ডিলাৰসকলে। সংগঠনটোৰ এই প্ৰতিবাদৰ ফলত ব্যক্তিগত বাহনৰ গৰাকী, ৰাজহুৱা পৰিবহণ ব্যৱস্থা, বাণিজ্যিক বাহনকে ধৰি ইন্ধনৰ ওপৰত নিৰ্ভৰশীল বিভিন্ন ক্ষেত্ৰত অসুবিধাৰ সৃষ্টি হোৱাৰ আশংকা কৰা হৈছে।
ডিলাৰসকলৰ অভিযোগ অনুসৰি, ইণ্ডিয়ান অইল কৰ্প’ৰেচন (IOC)সহ বিভিন্ন তেল বিপণন কোম্পানীয়ে তেওঁলোকৰ সৈতে স্বেচ্ছাচাৰী ব্যৱহাৰ কৰি আহিছে। কোনো নিৰ্দিষ্ট অনিয়মৰ অভিযোগ উত্থাপন কৰিলেও ডিলাৰসকলক নিজৰ পক্ষৰ কথা প্ৰকাশ কৰাৰ সুযোগ নিদিয়াকৈ পেট্ৰ’ল-ডিজেলৰ যোগান বন্ধ কৰাৰ ভাবুকি প্ৰদান কৰা হৈছে বুলি অভিযোগ তুলিছে সংগঠনটোৱে। ইয়াৰ উপৰি কোনো আগতীয়া জাননী নিদিয়াকৈ টেংকাৰ পৰিবহণৰ চুক্তি বাতিল কৰা আৰু ডিলাৰসকলৰ আৰ্থিক স্বাৰ্থৰ প্ৰতি গুৰুত্ব নিদিয়াৰ অভিযোগো উত্থাপন হৈছে।
কেৱল সেয়াই নহয়, তেল কোম্পানীসমূহে ডিলাৰসকলক গ্ৰাহকৰ মাজত বিশেষ চাহিদা নথকা লুব্ৰিকেণ্টছকে ধৰি বিভিন্ন সামগ্ৰী ক্ৰয় আৰু বিক্ৰী কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ অভিযোগ তুলিছে NEIPDA-ই। সংগঠনটোৰ মতে, গ্ৰাহকে ক্ৰয় নকৰা এনে সামগ্ৰী পেট্ৰ’ল পাম্পত মজুত হৈ থকাৰ ফলত আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰ লগতে সুৰক্ষাজনিত সমস্যাৰো সৃষ্টি হৈছে।
ইফালে, ডিলাৰসকলৰ SAP একাউণ্টৰ পৰা একপক্ষীয়ভাৱে ধন কৰ্তন, পূৰ্বে অনুমোদিত ৰাজসাহায্য আৰু বিভিন্ন খৰচৰ ধন পৰিশোধত পলম কৰাৰ অভিযোগো উত্থাপন কৰিছে সংগঠনটোৱে। আনকি পইণ্ট অৱ ছেল (POS) মেচিন স্থাপন কৰিবলৈ হেঁচা প্ৰয়োগ কৰাৰ লগতে কিছুমান পেট্ৰ’ল পাম্পৰ ইন্ধন লোডিঙৰ সুবিধা বন্ধ কৰি দিয়াৰো অভিযোগ কৰিছে ডিলাৰসকলে।
NEIPDAৰ সাধাৰণ সম্পাদক অৰূপ গোস্বামীয়ে অভিযোগ কৰিছে যে তেল বিপণন কোম্পানীসমূহে কোনো ডিলাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে তেওঁলোকক নিজৰ বক্তব্য দাঙি ধৰাৰ ন্যায্য সুযোগ প্ৰদান কৰা উচিত। এই সমস্যাসমূহ সমাধানৰ বাবে সংশ্লিষ্ট কৰ্তৃপক্ষৰ হস্তক্ষেপ বিচৰাৰ লগতে বাতিল কৰা পৰিবহণ চুক্তি পুনৰ বাহাল কৰা, বিতৰ্কিত ধন কৰ্তন প্ৰত্যাহাৰ, অনাদায় ধন পৰিশোধ আৰু অতিৰিক্ত সামগ্ৰী বিক্ৰীৰ বাবে প্ৰয়োগ কৰা হেঁচা বন্ধ কৰাৰ দাবী জনাইছে সংগঠনটোৱে।
ইয়াৰ মাজতে NEIPDAৰ গ্ৰেটাৰ গুৱাহাটী গোটে তেল কোম্পানীসমূহে দাবীসমূহ পূৰণ নকৰিলে অহা ২৩ নৱেম্বৰৰ পৰা অনিৰ্দিষ্টকালীন বন্ধৰ কাৰ্যসূচী গ্ৰহণ কৰাৰো সকীয়নি প্ৰদান কৰিছে। অৰ্থাৎ, বৰ্তমানৰ ২৪ ঘণ্টীয়া প্ৰতিবাদৰ পাছতো সমস্যা সমাধান নহ’লে ৰাজ্যত ইন্ধন যোগানক লৈ অধিক সংকটৰ সৃষ্টি হোৱাৰ সম্ভাৱনা আছে।
এতিয়া সকলোৰে দৃষ্টি নিবদ্ধ হৈছে তেল বিপণন কোম্পানীসমূহে ডিলাৰসকলৰ এই অভিযোগ আৰু দাবীসমূহৰ প্ৰতি কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰে তাৰ ওপৰত।


