• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, November 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home আন্ত: ৰাষ্ট্ৰীয়

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

এই চাঞ্চল্যকৰ ঘটনাটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 13, 2026 7:50 am
ফটোঃ সংগ্ৰহীত।

ফটোঃ সংগ্ৰহীত।

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীয়ে গুলীচালনা কৰে। এই ঘটনাত ৱাশ্বিংটন ডিচিৰ লগান চাৰ্কল এলেকাত মুঠ পাঁচজন লোক গুলীবিদ্ধ হৈছে। তাৰে এজনৰ মৃত্যু হৈছে। আনহাতে, এজন সন্দেহযুক্ত বন্দুকধাৰীয়ে নিজকে গুলীয়াই আত্মহত্যাৰ চেষ্টা চলায়।

এই চাঞ্চল্যকৰ ঘটনাটোৱে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ নিৰাপত্তাক লৈ পুনৰ প্ৰশ্ন উত্থাপন কৰিছে। অৱশ্যে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সমগ্ৰ অঞ্চলটোত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। সতৰ্কতামূলক ব্যৱস্থা হিচাপে আৰক্ষীয়ে ভিভিআইপি এলেকাৰ কেইবাটাও পথ বন্ধ কৰি দিছে।

প্ৰথম অৱস্থাত ৱাশ্বিংটন ডিচিৰ ১৫ নং ষ্ট্ৰীট আৰু পি ষ্ট্ৰীটৰ উত্তৰ-পশ্চিম অংশৰ এটা ফিটনেছ চেণ্টাৰৰ বাহিৰত গুলীচালনা কৰা বুলি জানিব পৰা গৈছে। ৫ জন লোকক গুলীয়াই আহত কৰা হয়। পিছত তাৰে এজনৰ মৃত্যু হয়। অৱশ্যে প্ৰত্যুত্তৰ দিবলৈ আৰম্ভ কৰে আৰক্ষীয়ে। এই সময়তে নিৰাপত্তাৰক্ষীসকলক দেখি এজন সন্দেহযুক্ত বন্দুকধাৰীয়ে নিজৰ ওপৰতে গুলী চলায়।

Apply Now

জানিব পৰা মতে, আৰক্ষীৰ অভিযান এতিয়াও অব্যাহত আছে। এনে পৰিস্থিতিত কৰ্তৃপক্ষই স্থানীয় বাসিন্দা আৰু পথচাৰীসকলক ১৫ নং ষ্ট্ৰীটৰ ১৫০০ ব্লকৰ আশে-পাশে থকা অঞ্চলটো এৰাই চলিবলৈ কয়। সমগ্ৰ ব্লকটোৰ এটা বৃহৎ অংশ ঘেৰাও কৰি ৰখা হৈছে। কাষৰীয়া কেইবাটাও ৰাস্তাত যান-বাহন বন্ধ কৰি দিয়া হৈছে।

ৱাশ্বিংটন ডি চি আৰক্ষীয়ে এক বিবৃতিত কয় যে আইন প্ৰয়োগকাৰী বিষয়াসকলে পৰিস্থিতি স্বাভাৱিক কৰাৰ বাবে কাম কৰি আছে। আৰক্ষীয়ে এজনৰ মৃত্যু আৰু চাৰিজন আহত হোৱাৰ খবৰ দিয়ে যদিও আহতসকলৰ শাৰীৰিক অৱস্থা বা তেওঁলোকৰ অৱস্থা সংকটজনক নেকি সেই সম্পৰ্কে কোনো তথ্য প্ৰদান কৰা নাই। আনহাতে, আক্ৰমণকাৰীৰ পৰিচয়, আক্ৰমণৰ উদ্দেশ্য বা কোনো লোকক আটক কৰা হৈছে নে নাই সেয়া স্পষ্ট নহয়। আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ সমীপত এনে ঘটনাই ৰাজধানীৰ গুৰুত্বপূৰ্ণ অঞ্চলসমূহত নিৰাপত্তাজনিত উদ্বেগ বৃদ্ধি কৰিছে। প্ৰশ্ন হয়, এয়া সন্ত্ৰাসবাদী আক্ৰমণ নেকি? এই সন্দৰ্ভত এতিয়াও প্ৰশাসনে কোনো বিবৃতি প্ৰকাশ কৰা নাই।

জনা যায় যে অঞ্চলটোত ‘ভিডা ফিটনেছ’ চেণ্টাৰ বা জিম, ছেইণ্ট লুক এপিস্কোপাল চাৰ্চ আৰু কিছু আৱাসগৃহ আছে। ইয়াৰ উপৰিও ছেক্সনটোৰ ঠিক ওচৰতে ‘হ’ল ফুডছ’ চুপাৰ মাৰ্কেট এখনো আছে। প্ৰাথমিক তদন্তৰ অন্তত তদন্তকাৰীয়ে জনোৱা মতে, অভিযুক্তই প্ৰথমে জিমৰ ভিতৰত গুলীচালনা কৰে। তাৰ পাছত ৰাস্তালৈ ওলাই আহি পুনৰ নিৰ্বিচাৰে গুলীচালনা কৰিবলৈ ধৰে। ইয়াৰ পিছতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী। পৰিস্থিতি নিয়ন্ত্ৰণলৈ অনাৰ ব্যৱস্থা গ্ৰহণ কৰে।

উল্লেখ্য যে যোৱা সোমবাৰে হোৱাইট হাউছৰ বিপৰীতে থকা লাফায়েট স্কোৱাৰত এখন গাড়ীয়ে চাইনবৰ্ডৰ খুঁটাত খুন্দা মাৰিছিল। এই ঘটনা কেৱল দুৰ্ঘটনা আছিল নে নাই আৰক্ষীয়ে তাৰ তদন্ত অব্যাহত ৰাখিছে। ইয়াৰ পিছতে নিৰাপত্তাজনিত কাৰণত আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ আৰু কাষৰীয়া অঞ্চলটো সাময়িকভাৱে লকডাউন কৰা হয়। দুৰ্ঘটনাৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প হোৱাইট হাউছতে আছিল।

তাৰ পিছতে ঘটিল বৃহস্পতিবাৰৰ গুলীচালনাৰ ঘটনা। মুঠতে মধ্যকালীন নিৰ্বাচনত ট্ৰাম্পৰ পৰাজয়ৰ পিছতে সংঘটিত হৈছে ইটোৰ পিছত সিটো কাণ্ড। একেদিনাই নিউয়ৰ্কত এটা ওখ অট্টালিকা ভাঙি ৮ জন লোকৰ মৃত্যু ঘটিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

সন্ত্ৰাসবাদী আক্ৰমণ? হোৱাইট হাউছৰ কাষতে বন্দুকধাৰীৰ নিৰ্বিচাৰ গুলীচালনা! ১ জন নিহত, ৪ জন আহত

November 13, 2026 7:50 am
লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

লক্ষ্য ২০২৯ চনৰ নিৰ্বাচন! মহিলা সংৰক্ষণ বিধেয়ক গৃহীত কৰিবলৈ কেন্দ্ৰৰ বিশেষ অধিৱেশনৰ পৰিকল্পনা

November 12, 2026 8:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd