মোডীৰ শাসনকালত ভাৰত এতিয়া আৰু গণতান্ত্ৰিক দেশ নহয়। বিজেপিক লক্ষ্য কৰিএই মন্তব্য লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ। তেওঁ কয় যে ২০১৪ চনত দেশৰ গণতান্ত্ৰিক ব্যৱস্থাক ধ্বংস কৰা হৈছিল। এটা দশকৰ ভিতৰত দেশৰ ৰাজনৈতিক আৰু নিৰ্বাচনৰ পৰিৱেশ যিদৰে সলনি হৈছে সেয়া দেখি বিৰোধী দলসমূহো আচৰিত হৈ পৰিছে।
শনিবাৰে হায়দৰাবাদত অনুষ্ঠিত ভাৰত ছামিটত ভাষণ দি তেওঁ দেশৰ সামগ্ৰিক পৰিস্থিতিৰ বাবে মোডী চৰকাৰক কাঠগৰাত তোলে। তেওঁ কয় যে ২০১৪ চনৰ নিৰ্বাচনত বিদেশৰ পৰা কোটি কোটি ডলাৰ ঢালি দিয়া হৈছিল। সম্পূৰ্ণ নতুন ধৰণৰ প্ৰচাৰ, ৰাজনৈতিক নাটক দেখিলোঁ। যিটো আগতে কেতিয়াও হোৱা নাই।
ইয়াৰ পিছতে কংগ্ৰেছৰ সাংসদগৰাকীয়ে ভোট চুৰিৰ বিষয়টো উত্থাপন কৰে। তেওঁ দাবী কৰে যে কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহে নিৰ্বাচনৰ ফলাফল পুনৰীক্ষণ কৰিছে। মহাৰাষ্ট্ৰৰ ক্ষেত্ৰত বিৰোধীয়ে শাসকীয় দলৰ সমানেই ভোট লাভ কৰিছিল। অৱশ্যে আসনৰ ক্ষেত্ৰত বৃহৎ পাৰ্থক্য। একেই ছবি দেখা গৈছে লোকসভা আৰু বিধানসভা নিৰ্বাচনতো।
ৰাহুলে কয় যে দুয়োটা নিৰ্বাচনত তালিকাত ৭০ লাখ নতুন ভোটাৰ সংযোজন কৰা হৈছিল। আন ৰাজ্যতো এনে ঘটনাৰ পুনৰাবৃত্তি হোৱা বুলি দাবী কৰে ৰাহুলে। তেওঁ লগতে কয় যে এই সকলোবোৰ দেখাৰ পিছত ভাৰত যে এতিয়া গণতান্ত্ৰিক দেশ নহয় তাৰ প্ৰমাণ পোৱা গৈছে। কেন্দ্ৰৰ শাসকীয় দল বিজেপিক ফেচিষ্ট বুলিও অভিহিত কৰে ৰাহুলে। তেওঁৰ মতে, ইতিহাস তাৰ সাক্ষী যে ৰাষ্ট্ৰ ব্যৱস্থাৰ পতন ঘটিলে ফেচিষ্টৰ উত্থান ঘটে।
কংগ্ৰেছে অভিযোগ কৰে যে কেন্দ্ৰই বহু বিদেশী অতিথিক ৰাহুলৰ অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ দিয়া নাই। সাংসদ শশী থাৰুৰে জনায় যে ৩১৫ গৰাকী বক্তাক আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে মাত্ৰ ১১৫ জনকহে অনুমতি দিছিল। বাকীসকলক ভাৰতলৈ অহাৰ অনুমতি দিয়া নাই মোডী চৰকাৰে, অথবা তেওঁলোকৰ ভিছা বাতিল কৰা হৈছে ।
ইফালে, ভাৰত ছামিটৰ মঞ্চৰ পৰাই ইটালীৰ এগৰাকী নেতাৰ ‘ভোট চোৰ, গড্ডি চোৰ’ শ্লোগানক লৈ গেৰুৱা শিবিৰ সৰৱ হৈ পৰিছে। জানিব পৰা মতে ইটালীৰ ইউৰোপীয় ছচিয়েলিষ্ট পাৰ্টিৰ সাধাৰণ সম্পাদক জিয়াকোমো ফিলিবেকে সেই শ্লোগান দিছিল। সেই কথা শুনি ৰাহুলক হাঁহি থকা দেখা গৈছে। ইয়াকৈ লৈ কংগ্ৰেছ নেতাগৰাকীয়ে অৰাজকতা সৃষ্টি কৰিবলৈ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে।
গেৰুৱা শিবিৰৰ দাবী, ৰাহুলে দেশৰ সাংবিধানিক প্ৰতিষ্ঠানসমূহক বদনাম কৰিবলৈ চেষ্টা কৰিছে। ইয়াৰ সমান্তৰালকৈ বিজেপিয়ে ইকুৱেডৰৰ প্ৰাক্তন বৈদেশিক মন্ত্ৰী গুইলম লঙৰ আমন্ত্ৰণক লৈও প্ৰশ্ন উত্থাপন কৰিছে। গেৰুৱা শিবিৰে দাবী কৰে যে লং জৰ্জ ছ’ৰছৰ পুঁজিৰে চলি থকা অ’পেন ছ’চাইটি পলিচি চেণ্টাৰৰ জ্যেষ্ঠ গৱেষক। ২০২৫ চনত বেংগালুৰুৰ সেই সংস্থাটোৰ বিৰুদ্ধে বলবৎকাৰী সঞ্চালকালয়ে তালাচী চলাইছিল।





