• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

পোহৰলৈ আহিল আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু দাৰ্শনিক, গণিতজ্ঞ কুৰ্ট গ’ডেলৰ নোটবুকৰ ৰহস্য

গ’ডেলে তেওঁৰ জীৱনকালত অতি কম গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। তেওঁৰ হাতত আছিল হাজাৰ হাজাৰ পৃষ্ঠাৰ অপ্ৰকাশিত ৰচনা। তাৰ ভিতৰত ১৯৪০ৰ দশকত লিখা ১৬ খন নোটবুক গৱেষকসকলৰ বাবে এক ডাঙৰ ৰহস্য আছিল।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 15, 2026 12:39 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কুৰ্ট গ’ডেল বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ গণিতজ্ঞ আৰু দাৰ্শনিক আছিল। ১৯৩১ চনত তেওঁৰ দুটা অসম্পূৰ্ণ উপপাদ্যই গণিতৰ জগতখন সলনি কৰি পেলাইছিল।

তেওঁৰ কামৰ পৰা অনুপ্ৰাণিত হৈ এলান টুৰিঙে আধুনিক কম্পিউটাৰ তত্ত্বৰ সূচনা কৰিছিল। নাজীৰ ভয়ত গ’ডেলে ১৯৪০ চনত নিজৰ গৃহ দেশ অষ্ট্ৰিয়া এৰি আমেৰিকালৈ যায় আৰু এলবাৰ্ট আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু হৈ পৰে।

গ’ডেলে তেওঁৰ জীৱনকালত অতি কম গৱেষণা পত্ৰ প্ৰকাশ কৰিছিল। তেওঁৰ হাতত আছিল হাজাৰ হাজাৰ পৃষ্ঠাৰ অপ্ৰকাশিত ৰচনা। তাৰ ভিতৰত ১৯৪০ৰ দশকত লিখা ১৬ খন নোটবুক গৱেষকসকলৰ বাবে এক ডাঙৰ ৰহস্য আছিল। এই ১০৯ পৃষ্ঠাৰ নোটবুকবোৰ ‘গেবেলছবাৰ্গাৰ’ নামৰ এটা অচল জাৰ্মান সংকেতলিপিত লিখা হৈছিল। গ’ডেলে ব্যৱহাৰ কৰাৰ সময়তেই এই লিপিটো প্ৰায় অচল হৈ পৰিছিল।

Apply Now

ফিনলেণ্ডৰ যুক্তিবিদ জান ভন প্লেটোৱে ২০১৭ চনত হেলচিংকি বিশ্ববিদ্যালয়ত এই নোটবুকৰ পাঠ উদ্ধাৰৰ কাম আৰম্ভ কৰিছিল।ইয়াৰ বাবে তেওঁ নিজেই এই বিৰল সংকেতলিপি আয়ত্ত কৰিছিল। পৃথিৱীৰ মাত্ৰ ছয়জন মানুহেহে এইটো পঢ়িব পাৰে, যাৰ ভিতৰত তেওঁৱো এজন। আনকি যেতিয়া দলটোৱে কাম আৰম্ভ কৰিছিল, তেতিয়াও অগ্ৰগতি অতি লেহেমীয়া আছিল; গড়ে প্ৰতি সপ্তাহত মাত্ৰ এটা পৃষ্ঠাহে পঢ়িব পৰা গৈছিল।

অৱশেষত ফ্ৰান্সত অনুষ্ঠিত এখন সন্মিলনত ভন প্লেটোৱে বিজ্ঞানীসকলৰ পৰামৰ্শমতে কৃত্ৰিম বুদ্ধিমত্তা বা এআই মডেল ক্ল’ডৰ সহায় লয়। তেওঁ ক্ল’ডক নোটবুকৰ কপি আৰু গ’ডেলৰ বিষয়ে তেওঁ লিখা ছখন কিতাপ দিলে। তাৰ পিছত এটা অবিশ্বাস্য ঘটনা ঘটিল! মানুহে যিটো কাম কৰিবলৈ কেইবাবছৰ সময় লাগিলহেঁতেন, ক্ল’ডে মাত্ৰ কেইদিনমানৰ ভিতৰতে সমগ্ৰ নথিৰ ৬৫০ পৃষ্ঠাৰ এক বিশদ ব্যাখ্যা প্ৰস্তুত কৰি দিলে।

ইয়াৰ পৰা দেখা যায় যে গ’ডেলে শ শ গাণিতিক উপপাদ্য প্ৰমাণ কৰিছিল যিবোৰ আগতে কোনেও নাজানিছিল। ইতিমধ্যে তেওঁ চল্লিশৰ দশকতেই সত্তৰৰ দশক আৰু আশীৰ দশকত আৱিষ্কাৰ হোৱা বহু গাণিতিক ফলাফলৰ ইংগিত দিছিল। ইয়াৰ উপৰিও তাত যুক্তিবিদ্যাৰ ১৪টা নতুন বিষয় পোৱা গৈছে, যিবোৰৰ ওপৰত আজিলৈকে কোনো গৱেষণা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

পোহৰলৈ আহিল আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু দাৰ্শনিক, গণিতজ্ঞ কুৰ্ট গ’ডেলৰ নোটবুকৰ ৰহস্য

পোহৰলৈ আহিল আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু দাৰ্শনিক, গণিতজ্ঞ কুৰ্ট গ’ডেলৰ নোটবুকৰ ৰহস্য

November 15, 2026 12:39 pm
‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

November 15, 2026 10:46 am
‘ভাৰত আৰু গণতান্ত্ৰিক দেশ নহয়’, কেন্দ্ৰক আক্ৰমণ ৰাহুলৰ, ইটালীৰ নেতাৰ ‘ভোট চোৰ’ শ্লোগান! কি বিতৰ্ক?

‘ভাৰত আৰু গণতান্ত্ৰিক দেশ নহয়’, কেন্দ্ৰক আক্ৰমণ ৰাহুলৰ, ইটালীৰ নেতাৰ ‘ভোট চোৰ’ শ্লোগান! কি বিতৰ্ক?

November 15, 2026 9:59 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 15, 2026 9:11 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

পোহৰলৈ আহিল আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু দাৰ্শনিক, গণিতজ্ঞ কুৰ্ট গ’ডেলৰ নোটবুকৰ ৰহস্য

পোহৰলৈ আহিল আইনষ্টাইনৰ ঘনিষ্ঠ বন্ধু দাৰ্শনিক, গণিতজ্ঞ কুৰ্ট গ’ডেলৰ নোটবুকৰ ৰহস্য

November 15, 2026 12:39 pm
‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

‘মূল বিষয়বস্তুৰ পৰা আঁতৰি যোৱাটো মুখ্যমন্ত্ৰীৰ স্বভাৱসুলভ ৰাজনীতি’—অখিল গগৈ

November 15, 2026 10:46 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd