অসমত উদ্বেগজনক হাৰত বৃদ্ধি পাইছে বন্যহস্তীৰ মৃত্যু। বিগত ১৭ বছৰত ৰাজ্যখনত বিভিন্ন মানৱসৃষ্ট কাৰণত মৃত্যু হৈছে ৩৫৬টা বন্যহস্তীৰ। বিদ্যুৎস্পৃষ্ট হোৱা, ৰে’লৰ খুন্দা, চোৰাং চিকাৰ আৰু বিষক্ৰিয়াৰ ফলত মৃত্যু হৈছে এই বৃহৎসংখ্যক হাতীৰ। শেহতীয়াকৈ তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ তথ্যত পোহৰলৈ আহিছে এই ভয়ংকৰ পৰিসংখ্যা।
২০০৯-১০ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে অসমৰ ৩৫৬টা হাতীৰ মৃত্যু হৈছে। এই তালিকাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত আছে অসম। ৩৭১টা হাতীৰ মৃত্যুৰে শীৰ্ষস্থানত আছে ওড়িশা। আনহাতে, ২২৩টা হাতীৰ মৃত্যুৰে তৃতীয় স্থানত আছে কৰ্ণাটক।
তথ্য অনুসৰি, অসমত হাতীৰ মৃত্যুৰ অন্যতম প্ৰধান কাৰণ হৈছে বিদ্যুৎস্পৃষ্ট হোৱা। বিগত ১৭ বছৰত ৰাজ্যখনত ১৯১টা হাতীৰ মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ। আনহাতে, ৰে’লৰ খুন্দাত মৃত্যু হৈছে ৯০টা হাতীৰ। এই ক্ষেত্ৰত দেশৰ ভিতৰতে সৰ্বাধিক মৃত্যুৰ ঘটনা সংঘটিত হৈছে অসমত। পশ্চিমবংগ ৬৮টা মৃত্যুৰে দ্বিতীয় স্থানত আছে।
কেৱল সেয়াই নহয়, হাতীৰ বিষক্ৰিয়াৰ ঘটনাতো দেশৰ ভিতৰতে শীৰ্ষত আছে অসম। ২০০৯-১০ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে ৰাজ্যখনত বিষক্ৰিয়াৰ ফলত মৃত্যু হৈছে ৪৭টা হাতীৰ। দেশত বিষক্ৰিয়াৰ ফলত মৃত্যু হোৱা হাতীৰ প্ৰায় ৫৮ শতাংশই অসমৰ।
ৰাষ্ট্ৰীয় পৰ্যায়তো হাতীৰ মৃত্যুৰ পৰিসংখ্যাই উদ্বেগ বৃদ্ধি কৰিছে। কেন্দ্ৰীয় পৰিৱেশ মন্ত্ৰালয়ৰ তথ্য অনুসৰি, ২০০৯-১০ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষলৈকে সমগ্ৰ দেশতে বিদ্যুৎস্পৃষ্ট, ৰে’লৰ খুন্দা, চোৰাং চিকাৰ আৰু বিষক্ৰিয়াৰ ফলত ১,৭৬০তকৈ অধিক হাতীৰ মৃত্যু হৈছে। ইয়াৰে ১,১৮৫টা হাতীৰ মৃত্যু হৈছে বিদ্যুৎস্পৃষ্ট হৈ। ৰে’লৰ খুন্দাত মৃত্যু হৈছে ২৭৭টা, চোৰাং চিকাৰৰ ফলত ২২২টা আৰু বিষক্ৰিয়াত ৮১টা হাতীৰ মৃত্যু হৈছে।
আনহাতে, দেশত বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যুৰ ঘটনাও ক্ৰমাৎ বৃদ্ধি পাইছে। ২০০৯-১০ৰ পৰা ২০১৩-১৫ৰ ভিতৰত ২৬৭টা হাতীৰ মৃত্যু হোৱাৰ বিপৰীতে ২০২১-২২ৰ পৰা ২০২৫-২৬ বিত্তীয় বৰ্ষৰ ভিতৰত বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হৈছে ৪৪১টা হাতীৰ। অৰ্থাৎ এই সময়ছোৱাত বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যুৰ সংখ্যা ৬৫ শতাংশ বৃদ্ধি পাইছে।
এই সন্দৰ্ভত RTI আবেদন দাখিল কৰা কৰ্মী অমিত গুপ্তাই কয় যে বিদ্যুৎস্পৃষ্ট হৈ হাতীৰ মৃত্যু কেৱল দুৰ্ঘটনা বুলি এৰাই চলিব নোৱাৰি। হাতীৰ বিচৰণস্থলীত অবৈধ বৈদ্যুতিক বেৰ, ওলমি থকা তাঁৰ আৰু সুৰক্ষাহীন বিদ্যুৎ পৰিবাহী তাঁৰে বন্যপ্ৰাণীৰ জীৱনলৈ বিপদ নমাই আনিছে। একেদৰে ৰে’লৰ খুন্দাত হাতীৰ মৃত্যু ৰোধ কৰিবলৈ ৰে’লৰ গতি নিয়ন্ত্ৰণ, আণ্ডাৰপাছ নিৰ্মাণ আৰু হাতীৰ কৰিডৰসমূহ সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো কৰ্তৃপক্ষৰ দায়িত্ব আছে।
বনাঞ্চলৰ সংকোচন, হাতীৰ বিচৰণস্থলীত মানুহৰ আগ্ৰাসন আৰু অবাধ আন্তঃগাঁথনি নিৰ্মাণৰ মাজতে বন্যহস্তীৰ জীৱনলৈ নামি আহিছে গভীৰ সংকট। অসমৰ দৰে হাতীৰ বিচৰণস্থলী থকা ৰাজ্যত এই পৰিসংখ্যাই পুনৰ এবাৰ বন্যপ্ৰাণী সংৰক্ষণ আৰু হাতী-মানুহৰ সংঘাত নিয়ন্ত্ৰণৰ ব্যৱস্থাক লৈ গুৰুতৰ প্ৰশ্ন উত্থাপন কৰিছে।


