শিশুৰ বিৰুদ্ধে যৌন অপৰাধৰ দুটা পৃথক গোচৰত দুজন অভিযুক্তক আজীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিলে কোকৰাঝাৰৰ এখন বিশেষ আদালতে। মঙলবাৰে, ১৭ নৱেম্বৰত জিলা আৰু সত্ৰ ন্যায়াধীশ নুৰজামাল হকৰ আদালতে দুয়োটা গোচৰৰ ৰায় ঘোষণা কৰি অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰে। দুয়োটা গোচৰেই কোকৰাঝাৰ জিলাৰ গোঁসাইগাঁও আৰক্ষী থানাত পঞ্জীয়ন হৈছিল।
দোষী সাব্যস্ত হোৱা লোক দুজন হৈছে গোঁসাইগাঁও মহকুমাৰ সৰাবিল বালাপাৰাৰ ৪৫ বছৰীয়া খগেন মুছাহাৰী আৰু একেটা মহকুমাৰ ভোদেয়াগুৰিৰ ৬১ বছৰীয়া আইনাল শ্বেখ।
গোচৰৰ তথ্য অনুসৰি, ২০২৬ চনৰ ১৪ এপ্ৰিলত খগেন মুছাহাৰীয়ে পাঁচ বছৰীয়া এগৰাকী শিশুক যৌন নিৰ্যাতন চলাইছিল। শিশুগৰাকী ঘৰৰ ওচৰত খেলি থকা অৱস্থাত তেওঁ প্ৰলোভন দেখুৱাই নিজৰ ঘৰলৈ লৈ গৈ এটা কোঠাত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছিল। পিছত শিশুগৰাকীয়ে পৰিয়ালৰ লোকক ঘটনাটোৰ বিষয়ে জনোৱাত গোঁসাইগাঁও আৰক্ষী থানাত পকছো আইনৰ অধীনত ২৬/২৬ নম্বৰৰ গোচৰ ৰুজু কৰা হয়।
আনটো গোচৰত ৬১ বছৰীয়া আইনাল শ্বেখৰ বিৰুদ্ধে ২০২৫ চনৰ ২২ ছেপ্টেম্বৰত এগৰাকী ১৬ বছৰীয়া কিশোৰীক ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন হৈছিল। আইতাকৰ ঘৰলৈ গৈ থকা অৱস্থাত কিশোৰীগৰাকীক বাটতে আগভেটি ধৰি তেওঁ ওচৰৰ এখন চেগুন বাগিচালৈ লৈ গৈ ধৰ্ষণ কৰা বুলি অভিযোগ কৰা হৈছিল।
দুয়োটা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত আদালতে অভিযুক্ত দুজনক দোষী সাব্যস্ত কৰি আজীৱন কাৰাদণ্ডৰ ৰায় দিয়ে। কোকৰাঝাৰত শিশু আৰু কিশোৰীৰ বিৰুদ্ধে সংঘটিত যৌন অপৰাধৰ দুটা পৃথক গোচৰত আদালতৰ এই ৰায়ক গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা হৈছে।





