• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, November 17, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 17, 2026 6:29 pm
8
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিজেপিৰ বিৰুদ্ধে বিৰোধীৰ যুঁজ শক্তিশালী কৰাৰ পৰিৱৰ্তে আঞ্চলিক দল আৰু স্বতন্ত্ৰ জনআন্দোলনসমূহক দুৰ্বল কৰাতহে কংগ্ৰেছ অধিক ব্যস্ত বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে। অসমত কংগ্ৰেছে ৰাইজৰ দলৰ সৈতে ৰাজনৈতিক সম্পৰ্ক ছেদ কৰাৰ দুমাহৰ পাছতে এইবাৰ কংগ্ৰেছৰ নেতৃত্বৰ বিৰুদ্ধে মুকলিকৈ সৰৱ হৈ পৰিছে গগৈ।

মঙলবাৰে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ লিখা এখন পত্ৰত অখিল গগৈয়ে অভিযোগ কৰে যে কংগ্ৰেছে সমান্তৰাল প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰি ‘ককৰোচ জনতা পাৰ্টি’ৰ আন্দোলন দুৰ্বল কৰি পেলাইছিল। তেওঁৰ মতে, প্ৰকৃত জনপ্ৰতিবাদৰ সৈতে একেলগে থিয় দিয়াৰ পৰিৱৰ্তে পৃথক পৃথক প্ৰতিবাদৰ আয়োজন কৰি কংগ্ৰেছে প্ৰতিবাদৰ শক্তি বিভাজন কৰিছিল। ইয়াৰ ফলত শাসকীয় পক্ষই আন্দোলন দমন কৰাৰ সুযোগ লাভ কৰাৰ লগতে চৰকাৰৰ বিৰুদ্ধে নিৰ্ণায়ক যুঁজ দিয়াৰ এক বৃহৎ সুযোগো নষ্ট হ’ল।

Apply Now

২০২৯ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক পৰাস্ত কৰিবলৈ হ’লে স্বতন্ত্ৰ জনআন্দোলনসমূহক বিৰোধী শক্তিয়ে সমৰ্থন জনোৱাটো অত্যন্ত জৰুৰী বুলিও মত প্ৰকাশ কৰিছে অখিল গগৈয়ে। চিজেপি বা ইয়াৰ নেতৃত্বৰ প্ৰতি কংগ্ৰেছৰ আপত্তি থাকিলেও ৰাহুল গান্ধীয়ে সকলো বিৰোধী দলক এনে জনআন্দোলনৰ পক্ষত একত্ৰিত কৰিবলৈ চেষ্টা কৰা উচিত বুলি তেওঁ আহ্বান জনায়।

ৰাজনৈতিক কৰ্মী যোগেন্দ্ৰ যাদৱলৈ লিখা আন এখন পত্ৰতো কংগ্ৰেছৰ বিৰুদ্ধে একেধৰণৰ অভিযোগ উত্থাপন কৰিছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। তেওঁৰ অভিযোগ, ভাৰতীয় জাতীয় কংগ্ৰেছে বিজেপিক নিজৰ আদৰ্শগত প্ৰতিদ্বন্দ্বী বুলি প্ৰকাশ কৰিলেও আঞ্চলিক সহযোগী দল আৰু তৃণমূল পৰ্যায়ৰ স্বতন্ত্ৰ জনআন্দোলনসমূহক দুৰ্বল কৰাৰ চেষ্টা চলাই আহিছে।

যোৱা ১ নৱেম্বৰত দিল্লীৰ ৰামলীলা ময়দানত ইণ্ডিয়া মিত্ৰজোঁটে আয়োজন কৰা প্ৰতিবাদী সমাৱেশকো তীব্ৰ সমালোচনা কৰিছে অখিল গগৈয়ে। ভোটাৰ তালিকাৰ বিশেষ নিবিড় সংশোধনক লৈ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰক পদৰ পৰা অপসাৰণৰ দাবীত অনুষ্ঠিত এই সমাৱেশক তেওঁ ‘ঐতিহাসিক ভুল’ বুলি অভিহিত কৰে। যোগেন্দ্ৰ যাদৱ, সদৌ ভাৰত ছাত্ৰ সন্থাৰ সভানেত্ৰী নেহা বৰা আৰু বাওঁপন্থী নেতাসকলক কংগ্ৰেছে নিজৰ ৰাজনৈতিক স্বাৰ্থত ব্যৱহাৰ কৰিবলৈ দিয়াৰো অভিযোগ তোলে গগৈয়ে।

উল্লেখ্য যে চিজেপিয়ে পৃথকে পৃথকে জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। সংগঠনটোৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে বিৰোধীৰ সমাৱেশক সমৰ্থন জনালেও সংগঠনটোৰ স্বতন্ত্ৰ পৰিচয় অক্ষুণ্ণ ৰখাৰ স্বাৰ্থত চিজেপিয়ে এই কাৰ্যসূচীৰ পৰা আঁতৰি থকাৰ কথা প্ৰকাশ কৰিছিল।

অখিল গগৈয়ে লগতে অভিযোগ কৰে যে বিৰোধী ঐক্য গঢ়ি তোলাৰ পৰিৱৰ্তে কংগ্ৰেছে ৰাহুল গান্ধীক একমাত্ৰ প্ৰধানমন্ত্ৰীৰ মুখ হিচাপে প্ৰতিষ্ঠা কৰাত অধিক গুৰুত্ব দিছে। বিৰোধী মিত্ৰজোঁটত কংগ্ৰেছে প্ৰভাৱশালী অভিভাৱকৰ ভূমিকা লোৱাৰ পৰিৱৰ্তে আন দলসমূহৰ সৈতে সমান মৰ্যাদাৰে কাম কৰা উচিত বুলিও তেওঁ মন্তব্য কৰে।

আনহাতে, কংগ্ৰেছৰ নেতাসকলক নিৰ্বাচনী সমষ্টিসমূহ ভ্ৰমণ কৰি বুথ পৰ্যায়ৰ সাংগঠনিক সমিতি শক্তিশালী কৰাৰ লগতে যুৱ নেতৃত্বাধীন প্ৰতিবাদী আন্দোলনক প্ৰয়োজনীয় সহযোগিতা আগবঢ়াবলৈ আহ্বান জনাইছে ৰাইজৰ দলৰ সভাপতিগৰাকীয়ে। পৰৱৰ্তী লোকসভা নিৰ্বাচনৰ কমেও এবছৰ পূৰ্বেই মিত্ৰদলসমূহৰ মাজত আসন বুজাবুজি সম্পূৰ্ণ কৰাৰো পৰামৰ্শ দিয়ে তেওঁ।

উল্লেখ্য যে যোৱা ৩ ছেপ্টেম্বৰত অসম প্ৰদেশ কংগ্ৰেছে মিত্ৰতাৰ নীতি-নিয়ম উলংঘা কৰাৰ অভিযোগ তুলি ৰাইজৰ দলৰ সৈতে সকলো ৰাজনৈতিক সম্পৰ্ক ছেদ কৰাৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে এপ্ৰিল মাহৰ বিধানসভা নিৰ্বাচনৰ মাত্ৰ তিনি সপ্তাহমান আগতে দুয়োটা দলে আসন বুজাবুজিত উপনীত হৈছিল।

নিৰ্বাচনত ৰাইজৰ দলে প্ৰতিদ্বন্দ্বিতা কৰা ১৩খন আসনৰ ভিতৰত দুখন আসন—ধিং আৰু শিৱসাগৰত জয়লাভ কৰিবলৈ সক্ষম হৈছিল। আনহাতে, কংগ্ৰেছে লাভ কৰিছিল ১৯খন আসন। ১২৬খন আসনবিশিষ্ট অসম বিধানসভাত বিজেপি নেতৃত্বাধীন মিত্ৰজোঁটে লাভ কৰিছিল ১০২খন আসন।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

November 17, 2026 6:29 pm
কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

November 17, 2026 5:25 pm
দুলীয়াজানৰ তিনি হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ! কলকাতালৈ পলায়নৰ চেষ্টা কৰোঁতেই ৰে’ল ষ্টেচনত আটক দুই সন্দেহযুক্ত ব্যক্তি

দুলীয়াজানৰ তিনি হত্যাকাণ্ডৰ তদন্তত নতুন মোৰ! কলকাতালৈ পলায়নৰ চেষ্টা কৰোঁতেই ৰে’ল ষ্টেচনত আটক দুই সন্দেহযুক্ত ব্যক্তি

November 17, 2026 3:59 pm
পুনৰ নিৰাপত্তাহীনতাত বিলকিছ বানু! দুজন দোষীক জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত

পুনৰ নিৰাপত্তাহীনতাত বিলকিছ বানু! দুজন দোষীক জামিনৰ নিৰ্দেশক প্ৰত্যাহ্বান জনোৱাৰ সিদ্ধান্ত

November 17, 2026 2:57 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

বিজেপিক নহয়, আঞ্চলিক দল আৰু জনআন্দোলনকহে দুৰ্বল কৰাত ব্যস্ত কংগ্ৰেছ! ৰাহুল গান্ধীলৈ পত্ৰ অখিল গগৈৰ

November 17, 2026 6:29 pm
কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

কোকৰাঝাৰত পকছোৰ দুটা পৃথক গোচৰত দুজনক আজীৱন কাৰাদণ্ড! পাঁচ বছৰীয়া শিশুৰ পৰা ১৬ ‎বছৰীয়া কিশোৰীলৈ নিৰ্যাতনৰ অভিযোগ

November 17, 2026 5:25 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd