• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, November 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home বিজ্ঞান-প্ৰযুক্তি

শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 18, 2026 7:54 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শনি গ্ৰহৰ ক্ষুদ্ৰ বৰফাবৃত উপগ্ৰহ এনচেলাডাছক লৈ মহাকাশ বিজ্ঞানীসকলৰ নতুন আৱিষ্কাৰ। এই উপগ্ৰহটোৰ পৰা নিৰ্গত হোৱা বিদ্যুৎ-চুম্বকীয় তৰংগই মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিস্তাৰ লাভ কৰে। নাছা, ইউৰোপীয় মহাকাশ সংস্থা আৰু ইটালীৰ মহাকাশ সংস্থাৰ যৌথ অভিযান কেছিনি মহাকাশযানৰ ১৩ বছৰৰ তথ্য বিশ্লেষণ কৰি আন্তঃৰাষ্ট্ৰীয় গৱেষকৰ এটা দলে এই চাঞ্চল্যকৰ তথ্য পোহৰলৈ আনিছে। গৱেষকসকলৰ মতে, এনচেলাডাছৰ প্ৰকৃত আকাৰ সৰু হ’লেও শনি গ্ৰহৰ মহাকাশীয় পৰিৱেশৰ ওপৰত ইয়াৰ প্ৰভাৱ যথেষ্ট ব্যাপক।

এনচেলাডাছৰ দক্ষিণ মেৰু অঞ্চলৰ পৰা পানীৰ ভাপ আৰু ধূলিকণা নিৰ্গত হৈ থাকে। এই নিৰ্গমনৰ ফলত সৃষ্টি হোৱা কণাবোৰ মহাকাশত বৈদ্যুতিক আধানযুক্ত হৈ পৰে। ইয়াৰ ফলত শনি গ্ৰহৰ শক্তিশালী চুম্বকীয় ক্ষেত্ৰৰ সৈতে উপগ্ৰহটোৰ নিৰন্তৰ পাৰস্পৰিক ক্ৰিয়া চলি থাকে। এই প্ৰক্ৰিয়াৰ ফলতেই এনচেলাডাছৰ পিছফালে বিদ্যুৎ-চুম্বকীয় তৰংগৰ এক বিশাল জালৰ সৃষ্টি হয়। গৱেষকসকলে এই তৰংগৰ গঠনক ক্ৰিছ-ক্ৰছ আৰ্হিৰ জালিকাৰ সৈতে তুলনা কৰিছে।

Apply Now

ফ্ৰান্সৰ লেবৰেটৰি অৱ প্লাজমা ফিজিক্সৰ গৱেষক লিনা হাডিদৰ নেতৃত্বত সম্পন্ন হোৱা এই অধ্যয়ন প্ৰকাশ পাইছে ‘জাৰ্নেল অৱ জিঅ’ফিজিকেল ৰিছাৰ্চ: স্পেচ ফিজিক্স’ নামৰ গৱেষণা পত্ৰিকাত। অধ্যয়নটোত ‘আলফভেন উইং’ নামৰ বিশেষ বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিষয়ে বিতং তথ্য দাঙি ধৰা হৈছে। এই তৰংগবোৰে এনচেলাডাছ আৰু শনি গ্ৰহৰ মেৰু অঞ্চলৰ মাজত থকা চুম্বকীয় ক্ষেত্ৰৰ ৰেখা অনুসৰণ কৰি আগবাঢ়ে। তাঁৰৰ মাজেৰে বিয়পি পৰা কম্পনৰ দৰে এই তৰংগবোৰে শনিৰ আয়নমণ্ডল আৰু এনচেলাডাছৰ কক্ষপথৰ চাৰিওফালে থকা প্লাজমাৰ বলয়ত প্ৰতিফলিত হৈ পুনৰ ঘূৰি আহে। ফলত মহাকাশত অতি জটিল তৰংগ-ব্যৱস্থাৰ সৃষ্টি হয়।

গৱেষণাৰ তথ্য অনুসৰি, এনচেলাডাছৰ পৰা সৃষ্টি হোৱা এই প্ৰভাৱ ৫ লাখ ৪ হাজাৰ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিস্তৃত হৈ আছে। উপগ্ৰহটোৰ ব্যাসাৰ্ধৰ তুলনাত এই দূৰত্ব ২,০০০ গুণতকৈও অধিক। এনচেলাডাছৰ দৰে সৰু উপগ্ৰহ এটাৰ বিদ্যুৎ-চুম্বকীয় প্ৰভাৱ ইমান বৃহৎ অঞ্চললৈ বিয়পি পৰাৰ তথ্যই বিজ্ঞানীসকলকো আচৰিত কৰি তুলিছে।

অধ্যয়নৰ সহঃগৱেষক তথা একেটা প্ৰতিষ্ঠানৰ বিজ্ঞানী থমাছ চুষ্টৰ মতে, এনচেলাডাছৰ বিদ্যুৎ-চুম্বকীয় প্ৰভাৱ ইমান বিশাল দূৰত্বলৈ বিস্তাৰিত হোৱাৰ প্ৰমাণ এয়াই প্ৰথম। তেওঁৰ মতে, ক্ষুদ্ৰ উপগ্ৰহ এটাইও শনিৰ দৰে বৃহৎ গ্ৰহৰ সমান বিস্তৃত অঞ্চলত প্ৰভাৱ পেলাব পৰা শক্তিশালী আলফভেন তৰংগৰ উৎস হিচাপে কাম কৰিব পাৰে।

কেছিনি মহাকাশযানৰ বিভিন্ন বৈজ্ঞানিক সঁজুলিৰ পৰা সংগ্ৰহ কৰা তথ্য বিশ্লেষণ কৰি গৱেষকৰ দলটোৱে এই সিদ্ধান্তত উপনীত হৈছে। এনচেলাডাছৰ ওচৰেৰে যোৱা আৰু উপগ্ৰহটোৰ পৰা আঁতৰত থকা বিভিন্ন কক্ষপথৰ তথ্যও ইয়াৰ বাবে পৰীক্ষা কৰা হৈছিল। মুঠ ৩৬টা পৃথক পৰ্যবেক্ষণত আলফভেন তৰংগৰ উপস্থিতিৰ প্ৰমাণ লাভ কৰে গৱেষকসকলে। বিশেষ কথাটো হ’ল, এই তৰংগৰ প্ৰভাৱ তেওঁলোকে প্ৰথমে আশা কৰাতকৈ বহু বেছি দূৰলৈ বিস্তাৰিত হোৱা দেখা গৈছে।

ইয়াৰ উপৰি গৱেষণাত আলফভেন তৰংগৰ ভিতৰত অতি সূক্ষ্ম সূতাৰ দৰে গঠন আৰু অস্থিৰতাৰো প্ৰমাণ পোৱা গৈছে। এই সূক্ষ্ম গঠনবোৰে তৰংগসমূহক এনচেলাডাছৰ চাৰিওফালে থকা প্লাজমাৰ বলয়ত প্ৰতিফলিত হোৱাত সহায় কৰে। ইয়াৰ ফলত তৰংগবোৰ শনি গ্ৰহৰ উচ্চ অক্ষাংশৰ আয়নমণ্ডললৈকে বিয়পি পৰে। এই অঞ্চলতে এনচেলাডাছৰ সৈতে সম্পৰ্কিত মেৰুপ্ৰভাৰ দৰে পোহৰৰ বিশেষ পৰিঘটনাও দেখা যায়।

গৱেষকসকলৰ মতে, এই আৱিষ্কাৰে কেৱল শনি গ্ৰহ আৰু এনচেলাডাছৰ পাৰস্পৰিক সম্পৰ্কৰ বিষয়ে নতুন তথ্যই দিয়া নাই, ভৱিষ্যতে বৃহস্পতি গ্ৰহৰ বৰফাবৃত উপগ্ৰহ আৰু সৌৰজগতৰ বাহিৰৰ গ্ৰহসমূহৰ চুম্বকীয় পৰিৱেশ অধ্যয়নৰ বাবেও নতুন সম্ভাৱনাৰ দুৱাৰ মুকলি কৰিছে। ২০৪০ৰ দশকত এনচেলাডাছলৈ অভিযান চলোৱাৰ পৰিকল্পনা কৰিছে ইউৰোপীয় মহাকাশ সংস্থাই। সেই অভিযানত উপগ্ৰহটোৰ বিদ্যুৎ-চুম্বকীয় পাৰস্পৰিক ক্ৰিয়া অধিক সূক্ষ্মভাৱে অধ্যয়ন কৰিব পৰাকৈ উন্নত বৈজ্ঞানিক সঁজুলি অন্তৰ্ভুক্ত কৰাৰ প্ৰয়োজনীয়তাৰ কথাও গৱেষকসকলে উল্লেখ কৰিছে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

November 18, 2026 7:54 am
মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

November 18, 2026 7:00 am
শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে  বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

শিৱৰ কোলাত পাৰ্বতী, দ্বাদশ শতিকাৰ ভাস্কৰ্যৰ ছবিৰে বিজেপিক প্ৰত্যুত্তৰ ৰাহুলৰ, লিখিলে ‘সত্যম শিৱম সুন্দৰম’

November 17, 2026 9:45 pm
পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

পঞ্জাবৰ নিৰ্বাচনৰ পূৰ্বে নতুন ৰাজনৈতিক সমীকৰণৰ ইংগিত! ছোনিয়া গান্ধীৰ গ্ৰন্থ উন্মোচনী অনুষ্ঠানত উপস্থিত বিজেপি নেতা অমৰিন্দৰ সিং

November 17, 2026 8:30 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

শনিৰ ক্ষুদ্ৰ উপগ্ৰহ এনচেলাডাছৰ মহাকাশত ৫ লাখ কিলোমিটাৰতকৈও অধিক দূৰলৈ বিয়পি আছে অদৃশ্য বিদ্যুৎ-চুম্বকীয় তৰংগৰ বিশাল জাল!

November 18, 2026 7:54 am
মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

মাতৃগৰ্ভতে ভ্ৰূণৰ মেৰুদণ্ডত জটিল অস্ত্ৰোপচাৰ! দেশত প্ৰথমবাৰৰ বাবে বিৰল সফলতা দিল্লীৰ এইমছৰ

November 18, 2026 7:00 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd