নাছাৰ মহাকাশযান ভয়েজাৰ ১ য়ে মহাকাশ অন্বেষণৰ ইতিহাসত আন এক উল্লেখযোগ্য অধ্যায় সংযোজন কৰিবলৈ ওলাইছে। পৃথিৱীৰ পৰা যাত্ৰা কৰাৰ প্ৰায় ৪৯ বছৰৰ পাছত এই মহাকাশযানখন আমাৰ গ্ৰহৰ পৰা এক আলোক দিৱস (এটা পোহৰৰ দিন) দূৰত্ব অতিক্ৰম কৰা প্ৰথম মানৱসৃষ্ট বস্তু হিচাপে পৰিগণিত হৈছে। ১৮ নৱেম্বৰৰ ভাৰতৰ সময় অনুসৰি বিয়লি ৩:৪৬ বজাত পৃথিৱীৰ পৰা ইয়াৰ দূৰত্ব প্ৰায় ২৫৯০ কোটি কিলোমিটাৰত উপনীত হয়।
আলোক দিৱস মানে পোহৰে ২৪ ঘণ্টাত যাত্ৰা কৰা দূৰত্ব। পোহৰৰ গতি প্ৰতি ছেকেণ্ডত প্ৰায় ৩ লাখ কিলোমিটাৰ। তাৰ তুলনাত প্ৰতি ঘণ্টাত প্ৰায় ৬১ হাজাৰ কিলোমিটাৰ বেগেৰে যাত্ৰা কৰা ভয়েজাৰ ১ বিমানে এই দূৰত্ব লাভ কৰিবলৈ প্ৰায় পাঁচ দশক সময় লাগিছিল।
ফলত পৃথিৱীৰ পৰা প্ৰেৰণ কৰা ৰেডিঅ’ বাৰ্তা মহাকাশযানখনলৈ যাবলৈ প্ৰায় ২৪ ঘণ্টা সময় লাগিব। আকৌ তাৰ পৰা উভতি আহিবলৈ আৰু এদিন লাগিব। অৰ্থাৎ বিজ্ঞানীসকলে বাৰ্তা প্ৰেৰণ কৰাৰ পিছত উত্তৰ পাবলৈ প্ৰায় দুদিন অপেক্ষা কৰিব লাগিব।
১৯৭৭ চনৰ ৫ ছেপ্টেম্বৰত ভয়েজাৰ ১ উৎক্ষেপণ কৰা হৈছিল।তাৰ মাত্ৰ ১৬ দিন আগতে ইয়াৰ যমজ মহাকাশযান ভয়েজাৰ ২ মহাকাশলৈ প্ৰেৰণ কৰা হৈছিল। এই অভিযানৰ এটা লক্ষ্য আছিল বৃহস্পতি আৰু শনিৰ দৰে গ্ৰহৰ বিষয়ে তথ্য সংগ্ৰহ কৰা।
১৯৭৯ চনত বৃহস্পতি আৰু ১৯৮০ চনত শনি গ্ৰহৰ কাষেৰে পাৰ হৈ যোৱা ভয়েজাৰ ১ বিমানখনে পৃথিৱীলৈ গ্ৰহসমূহৰ উপগ্ৰহ আৰু বলয়ৰ বিষয়ে গুৰুত্বপূৰ্ণ ছবি আৰু তথ্য প্ৰেৰণ কৰে। পিছলৈ ২০১২ চনৰ আগষ্ট মাহত এই বাহনখনে সূৰ্য্যৰ প্ৰভাৱ গোলকৰ বাহিৰৰ সীমা হেলিঅ’পজ অতিক্ৰম কৰি আন্তঃনক্ষত্ৰীয় মহাকাশত প্ৰৱেশ কৰে। সেই কৃতিত্ব অৰ্জন কৰা প্ৰথমখন মহাকাশযানো আছিল ভয়েজাৰ ১।
আটাইতকৈ আচৰিত কথাটো হ’ল যে মহাকাশযানখনে আজিও প্ৰায় ডেৰ শতিকা পুৰণি প্ৰযুক্তিৰে পৃথিৱীৰ সৈতে যোগাযোগ কৰি আছে। সৌৰশক্তিৰ পৰিৱৰ্তে ইয়াৰ শক্তিৰ উৎস হৈছে তেজস্ক্রিয় প্লুটনিয়াম-২৩৮ৰ ক্ষয়ৰ ফলত উৎপন্ন হোৱা তাপ। সেই তাপ বিশেষ সঁজুলিৰ সহায়ত বিদ্যুতলৈ ৰূপান্তৰিত হয়।
কিন্তু সময়ৰ লগে লগে বিদ্যুৎ উৎপাদন ক্ষমতা কমি আহিছে। গতিকে শক্তি ৰাহি কৰিবলৈ নাছাৰ বিজ্ঞানীসকলে এটা এটাকৈ কিছুমান যন্ত্ৰ আৰু অপ্ৰয়োজনীয় ব্যৱস্থা বন্ধ কৰি দিছে। তথাপিও পুৰণি কম্পিউটাৰ আৰু মেমৰিৰ সহায়ত বাহনখনে কাম কৰি আছে। নাছাই আশা কৰিছে যে ২০৩০ চনৰ মাজভাগলৈকে ভয়েজাৰ অভিযান অব্যাহত ৰখাটো সম্ভৱ হ’ব।
যদিও ভয়েজাৰ ১ য়ে এটা পোহৰৰ দিন অতিক্ৰম কৰিলে, তথাপিও ই আন কোনো নক্ষত্ৰৰ কাষত উপনীত হোৱা নাই। পৃথিৱীৰ নিকটতম আলফা চেন্টাউৰী নক্ষত্ৰমণ্ডলৰ দূৰত্বই চাৰিটা আলোকবৰ্ষতকৈও অধিক। মহাকাশযানখনে গ্লিজ ৪৪৫ নামৰ নক্ষত্ৰ এটাৰ দিশে আগবাঢ়িছে।প্ৰায় ৪০ হাজাৰ বছৰৰ পিছত ইয়াৰ ওচৰ পাব পাৰে বুলি অনুমান কৰা হৈছে।
বাহনখনৰ লগত আছে ‘গোল্ডেন ৰেকৰ্ড’। পৃথিৱীৰ বিভিন্ন ধ্বনি, সংগীত, শুভেচ্ছা আৰু ছবি সেই অভিলেখত সংৰক্ষিত হৈ থাকে। ভৱিষ্যতে যদি কোনো ভিন্নগ্ৰহৰ বুদ্ধিমান প্ৰাণীয়ে ইয়াক বিচাৰি পায় তেন্তে পৃথিৱীৰ বিষয়ে এটা ধাৰণা লাভ কৰিব পাৰে বুলি চিন্তা কৰিয়েই এই পদক্ষেপ লোৱা হৈছে।





