বাংলাদেশ পুনৰ নতুনকৈ হিংসাত্মক পৰিস্থিতিৰ মাজত আৱদ্ধ হৈ পৰিছে। চুবুৰীয়া দেশৰ পৰা আহিছে ৰাজনৈতিক হিংসা আৰু অগ্নিসংযোগৰ খবৰ। প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাৰ নিষিদ্ধ দল আৱামী লীগৰ লকডাউন বা বন্ধ পালনৰ ঠিক আগতেই সমগ্ৰ দেশতে অস্থিৰতাৰ সৃষ্টি হৈছে। কেইবাখনো জিলাত চলি আছে বোমা বিস্ফোৰণৰ ঘটনা।
বিগত দুদিন ধৰি দেশৰ বিভিন্ন প্ৰান্তত অশান্তি অব্যাহত আছে। চিলেট, ৰাজশাহী, বৰিশাল আৰু ফৰিদপুৰৰ ইউনুছৰ গ্ৰামীণ বেংকৰ কেইবাটাও শাখাত উত্তেজিত ৰাইজে অগ্নিসংযোগ কৰে। কেৱল সেয়াই নহয়, চট্টগ্ৰামৰ পাঞ্চলাইছ অঞ্চলত অন্তৱৰ্তীকালীন চৰকাৰৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী মহম্মদ ইউনুছৰ পৈতৃক ঘৰতো অজ্ঞাত আক্ৰমণকাৰীয়ে জুই লগাই দিয়ে।
কেইবাখনো বাতৰি কাকতৰ বাতৰি অনুসৰি, প্ৰধানমন্ত্ৰী তাৰিক ৰহমানৰ বিএনপিৰ কৰ্মীসকলে ঢাকাত আৱামি লীগৰ দুজন নেতাৰ ঘৰত আক্ৰমণ চলায়। আনকি জুই লগাইও দিয়ে। তেতিয়া পৰিস্থিতি আৰু অধিক উত্তপ্ত হৈ পৰে।
বাতৰি অনুসৰি, দেশৰ ৬৪খন প্ৰশাসনিক জিলাৰ ভিতৰত ২৮খন জিলা অশান্ত হৈ পৰিছে। এই ২৮খন জিলাত হাতেৰে নিৰ্মিত বোমাৰ বিস্ফোৰণ ঘটিছে। ইয়াৰ সমান্তৰালকৈ অসংখ্য বাহনত অগ্নিসংযোগ কৰা হৈছে।
এই হিংসাত এতিয়ালৈকে ৪ জন লোক আহত হৈছে। পশ্চিম নৰাইল জিলাত আৱামী লীগৰ কৰ্মীসকলে বিএনপিৰ শোভাযাত্ৰাত আক্ৰমণ চলাই স্থানীয় শাসকীয় দলৰ দুজন নেতাক হত্যা কৰে। পুনৰ ফৰিদপুৰ আৰু পিৰোজপুৰত বিএনপিৰ এজন নেতা আৰু এজন পৰিবহণ কৰ্মীক হত্যা কৰা হয়।
২০২৪ চনৰ ৫ আগষ্টত বাংলাদেশত ক্ষমতাচ্যুত হোৱাৰ পিছত শ্বেখ হাছিনা ভাৰতলৈ আহিছিল।তাৰ পিছত যোৱা বছৰ মানৱতা বিৰোধী অপৰাধৰ বাবে গঠন কৰা বিশেষ ন্যায়াধিকৰণে তেওঁৰ অনুপস্থিতিত মৃত্যুদণ্ডৰ শাস্তি প্ৰদান কৰিছিল। সেই ৰায়দানৰ এবছৰীয়া বাৰ্ষিকী উপলক্ষে আৱামী লীগে এই লকডাউন বা বন্ধৰ আহ্বান জনাইছে।
ইফালে, হাছিনাই চলিত মাহৰ আৰম্ভণিতে কৈছিল যে মৃত্যুদণ্ডৰ শাস্তি হওক বা নহওক, ডিচেম্বৰ মাহত বাংলাদেশলৈ উভতি আহিব। তেতিয়াৰ পৰাই উত্তেজনা বৃদ্ধি পাইছে।
প্ৰায় ৩০ জন সন্দেহযুক্ত সমৰ্থকক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত মঙলবাৰে টুংগীপাৰাৰ এখন থানা ঘেৰাও কৰে শতাধিক লোকে। ফলত আৰক্ষীয়ে থানাখন খালী কৰিবলৈ বাধ্য হয়।
ইফালে বুধবাৰে নিশা প্ৰধানমন্ত্ৰী তাৰিক ৰহমানে আৱামী লীগক সন্ত্ৰাসবাদী সংগঠন আৰু পৰাজিত ফেচিষ্ট শক্তি বুলি অভিহিত কৰে। লগতে গণতান্ত্ৰিক শক্তিসমূহক একত্ৰিত হ’বলৈও আহ্বান জনায়। মঙলবাৰে নিশা সংসদত দিয়া ভাষণত ৰহমানে কয় যে ২০২৪ চনৰ মনোভাৱেৰে আমি পুনৰ একত্ৰিত হৈছো, যেতিয়া আমি একনায়কত্ববাদী বাহিনীক দেশৰ পৰা বহিষ্কাৰ কৰি চূড়ান্ত পৰাজয় নিশ্চিত কৰিছিলো।
পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে হাছিনাৰ জন্মস্থান গোপালগঞ্জকে ধৰি স্পৰ্শকাতৰ জিলাসমূহত হাজাৰ হাজাৰ অৰ্ধসামৰিক সীমান্তৰক্ষী বাংলাদেশৰ (বিজিবি)সদস্যক মোতায়েন কৰা হৈছে। কেৱল ঢাকাতে আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ৫৬৫জন লোক। ইয়াৰ ভিতৰত আছে হাছিনাৰ কেবিনেটৰ শিক্ষামন্ত্ৰী নুৰুল ইছলাম নাহিদ।





