• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, November 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

আজি ৰোহিংগীয়া গণহত্যাক লৈ ঐতিহাসিক ৰায়ৰ সন্মুখীন ম্যানমাৰ; বিশ্বত কিদৰে হৈছিল অন্যান্য গণহত্যাৰ বিচাৰ?

প্ৰায় সাত বছৰৰ পাছত ৰহিংগীয়া জনসাধাৰণৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগত গাম্বিয়াই দাখিল কৰা গোচৰটোৰ চূড়ান্ত ৰায়দান কৰিবলৈ ওলাইছে আদালতে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 19, 2026 1:14 pm
প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

প্ৰতিনিধিত্বমূলক ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০১৭ চনত ৰাখাইনত ৰোহিংগীয়া লোকৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগত ম্যানমাৰৰ বিৰুদ্ধে গোচৰৰ ৰায়দান আজি বৃহস্পতিবাৰে ঘোষণা কৰাৰ কথা। অভিযোগ দাখিল কৰাৰ ৭ বছৰৰ পাছত নেদাৰলেণ্ডৰ হেগস্থিত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে এই ৰায় ঘোষণা কৰিব। বৃহস্পতিবাৰে স্থানীয় সময় অনুসৰি পুৱা ১০ বজাৰ পৰা হেগ পীচ পেলেচত মুকলি অধিবেশনত আৰম্ভ হ’ব এই ৰায়দান। বিবিচিৰ এক প্ৰতিবেদন প্ৰকাশ পাইছে এই গোচৰ সম্পৰ্কীয় সৱিশেষ।

২০১৯ চনৰ নৱেম্বৰ মাহত পশ্চিম আফ্ৰিকাৰ মুছলমান প্ৰধান দেশ গাম্বিয়াই ৰাষ্ট্ৰসংঘৰ সৰ্বোচ্চ আদালত ইন্টাৰনেচনেল কোৰ্ট অফ জাষ্টিচ (আই চি জে)ত  ৰোহিংগীয়াৰ বিৰুদ্ধে ম্যানমাৰৰ গণহত্যাৰ অভিযোগ দাখিল কৰিছিল।

গাম্বিয়াই অভিযোগ দাখিল কৰাৰ এবছৰৰ পিছৰ জানুৱাৰী মাহত আইচিজেয়ে আভ্যন্তৰীণ ৰায়দান কৰিছিল। সেই ৰায়দানত ৰাখাইনত বাকী থকা ৰোহিংগীয়াসকলক সুৰক্ষা প্ৰদানকে ধৰি আন কিছুমান আদেশ দিছিল।

Apply Now

প্ৰায় সাত বছৰৰ পাছত ৰহিংগীয়া জনসাধাৰণৰ বিৰুদ্ধে গণহত্যাৰ অভিযোগত গাম্বিয়াই দাখিল কৰা গোচৰটোৰ চূড়ান্ত ৰায়দান কৰিবলৈ ওলাইছে আদালতে। ৰাষ্ট্ৰসংঘৰ ন্যায়ালয়ৰ ৰায়দান কেৱল ৰহিংগীয়া জনসাধাৰণৰ বাবেই নহয়, বাংলাদেশৰ লগতে বিশ্বৰ অন্যান্য দেশৰ লোকৰ বাবেও আগ্ৰহৰ বিষয়।

কিন্তু আন্তঃৰাষ্ট্ৰীয় আইন বিশ্লেষকসকলৰ মতে ৰোহিংগীয়া গণহত্যাৰ সন্দৰ্ভত আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়ে দিয়া ৰায়দানত প্ৰকৃততে কিমান ন্যায় প্ৰতিষ্ঠা হ’ব সেই লৈ কিছু চিন্তাৰ উদ্ৰেক হৈছে।

ইয়াৰ পূৰ্বেও বিশ্ব ইতিহাসত জাতিগত শোষণ আৰু আন্তঃৰাষ্ট্ৰীয় গণহত্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিচাৰ চলি আহিছে। কিন্তু সকলোকে আন্তঃৰাষ্ট্ৰীয় আদালতত ৰখা বা সকলোকে একে ধৰণে শাস্তি দিয়া হোৱাটো সত্য নহয়।

বিশ্বত এনে কেইবাটাও গণহত্যাৰ গোচৰত বিভিন্ন ধৰণৰ শাস্তি লাভ কৰা হৈছে। আৰু বিভিন্ন আদালতত ৰখা হৈছিল।

১৯৩৩ চনত যেতিয়া জাৰ্মানীত নাজীয়ে ক্ষমতালৈ আহে তেতিয়া তেওঁলোকে ইহুদীসকলক সকলো সম্পত্তি, স্বাধীনতা আৰু আইনী অধিকাৰৰ পৰা বঞ্চিত কৰিবলৈ আৰম্ভ কৰে।

১৯৩৯ চনত জাৰ্মানীয়ে পোলেণ্ড আক্ৰমণ আৰু দখল কৰাৰ পিছত নাজীয়ে ইহুদীসকলক আন জনগোষ্ঠীৰ পৰা পৃথক কৰাৰ উদ্দেশ্যে তৃতীয় ৰাইচৰ পৰা পোলেণ্ডৰ বিভিন্ন ঠাইলৈ স্থানান্তৰিত কৰে।

১৯৪১ চনত জাৰ্মানীয়ে ছোভিয়েট ইউনিয়ন আক্ৰমণৰ লগে লগে নাজীয়ে গণহত্যাৰ অভিযান আৰম্ভ কৰে। নাজীয়ে তেওঁলোকৰ আক্ৰমণক জাৰ্মান আৰু ইহুদীৰ লগতে স্লাভিক জনগোষ্ঠী আৰু ৰোমাৰ বিৰুদ্ধে বৰ্ণবাদী যুঁজ বুলি অভিহিত কৰিছিল।

আইনছাটজগ্ৰুপেন নামৰ জাৰ্মান সৈন্যৰ এটা দলে দখল কৰা পূব ইউৰোপত উপস্থিত হৈ নিৰীহ লোকক হত্যা কৰিবলৈ আৰম্ভ কৰে। ১৯৪১ চনৰ শেষলৈকে তেওঁলোকে ৫ লাখ লোকক হত্যা কৰিছিল আৰু ১৯৪৫ চনলৈকে এই সংখ্যা ২০ লাখ হয়, ইয়াৰে ১৩ লাখ ইহুদী আছিল।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫–১৯৪৬ চনত জাৰ্মানীৰ নুৰেমবাৰ্গত হ’ল’কাষ্টৰ বাবে আন্তঃৰাষ্ট্ৰীয় সামৰিক ন্যায়াধিকৰণ অনুষ্ঠিত হয়। এই ন্যায়াধিকৰণৰ অধ্যক্ষতাত আছিল আমেৰিকা, পূৰ্বৰ ছোভিয়েট ইউনিয়ন, ফ্ৰান্স আৰু ব্ৰিটেইনৰ ন্যায়াধীশ।

নুৰেমবাৰ্গ ন্যায়াধিকৰণত প্ৰায় ২১৮ দিন ধৰি চলিছিল এই বিচাৰ। ২৩৬ জন সাক্ষী, প্ৰায় ৫৫০০ নথি দাখিল কৰা হয়। ইয়াৰ লগত প্ৰায় ২ লাখ সাক্ষ্য থকা লিখিত অভিযোগনামা সংলগ্ন কৰা হৈছিল। নথি-পত্ৰৰ সহায়ত ২৫০০ পৃষ্ঠাৰ এটা প্ৰট’কল উপস্থাপন কৰা হৈছিল।

অৱশেষত ১৯৪৬ চনৰ ১ অক্টোবৰত সেই ঐতিহাসিক দিনটো আহে। সেই দিনটোতে নুৰেমবাৰ্গ ন্যায়াধিকৰণৰ ৰায় ঘোষণা কৰা হয়। শীৰ্ষ সাতজন নাজী প্ৰতিবাদকাৰীক কাৰাদণ্ড, ১২জনক মৃত্যুদণ্ড দিয়া হয়। মাত্ৰ তিনিজনকহে দোষমুক্ত কৰা হয়। মৃত্যুদণ্ডৰ ভিতৰত এজন আছিল হাৰ্মান গ’ৰিং, যিয়ে মৃত্যুদণ্ডৰ শাস্তি প্ৰদানৰ পূৰ্বে নিজৰ কোঠাত চাইনাইড কেপচুল লৈ আত্মহত্যা কৰে।

পিছলৈ নুৰেমবাৰ্গ বিচাৰৰ ফলত আন্তঃৰাষ্ট্ৰীয় সামৰিক ন্যায়াধিকৰণৰ জন্ম হয়।

আনহাতে, কম্বোডিয়াৰ গণহত্যা আধুনিক ইতিহাসৰ অন্যতম ভয়াৱহ গণহত্যা। ১৯৭৫ চনৰ পৰা ১৯৭৯ চনলৈ খেমাৰ ৰুজ নামৰ কমিউনিষ্ট শাসন ব্যৱস্থাই প্ৰায় চাৰি বছৰ দেশখন শাসন কৰিছিল।

কম্বোডিয়াৰ কমিউনিষ্ট দলটোক খেমাৰ ৰুজ বুলি কোৱা হৈছিল। তেওঁলোকৰ নেতা আছিল পল পট।

১৯৭৫ চনৰ পৰা ১৯৭৯ চনলৈ চাৰিটা বছৰত সমগ্ৰ দেশতে অনাহাৰে, নিৰ্যাতন, আৰু ৰাষ্ট্ৰৰ শত্ৰু বুলি চিনাক্ত হোৱা লোকসকলক নিৰ্বিচাৰে হত্যা কৰাৰ আতংকৰ ৰাজত্বৰ সৃষ্টি হৈছিল। খেমাৰ ৰুজৰ ভুক্তভোগীসকলৰ ভিতৰত আছিল বুদ্ধিজীৱী, সংখ্যালঘু, প্ৰাক্তন চৰকাৰী বিষয়া, আৰু তেওঁলোকৰ পৰিয়ালৰ সদস্য।

এই সময়ছোৱাত হত্যা, নিৰ্যাতন, অনাহাৰ, বলপূৰ্বক শ্ৰম, আৰু ৰোগৰ ফলত প্ৰায় ১৫ৰ পৰা ২০ লাখ লোকৰ মৃত্যু হৈছিল। মানুহক বলপূৰ্বক চহৰৰ পৰা আঁতৰাই গ্ৰামাঞ্চলত কৃষক হিচাপে কাম কৰিবলৈ বাধ্য কৰা হৈছিল। অনাহাৰে বা পুষ্টিহীনতাত বহুতৰে মৃত্যু হৈছিল।

১৯৭৯ চনত খেমাৰ ৰুজ চৰকাৰৰ পতনৰ পিছত কম্বোডিয়া চৰকাৰে এই বিচাৰৰ বাবে ৰাষ্ট্ৰসংঘৰ পৰা সহযোগিতা বিচাৰিছিল। খেমাৰ ৰুজ চৰকাৰৰ পতনৰ পিছত বিচাৰ আৰম্ভ হ’বলৈ কেইবাবছৰ সময় লাগিছিল।

১৯৯৯ চনত ৰাষ্ট্ৰসংঘৰ এটা বিশেষজ্ঞ গোটে আন্তঃৰাষ্ট্ৰীয় ন্যায়াধিকৰণ স্থাপনৰ পৰামৰ্শ আগবঢ়ায়। কম্বোডিয়াৰ সংসদে বিশেষ আদালত স্থাপনৰ আইন প্ৰণয়ন কৰে। আদালতৰ ন্যায়াধীশ আৰু অভিযুক্তসকলে কাৰ্যভাৰ গ্ৰহণ কৰে।

সেই গোচৰৰ ৰায়দান ২০১৮ চনত দিয়া হৈছিল। খেমাৰ ৰুজ চৰকাৰৰ মুৰব্বী পল পটৰ দুই নম্বৰ লোক আছিল নৌন চেয়া আৰু ৰাষ্ট্ৰৰ মুৰব্বী আছিল খিউ ছাম্ফান। কম্বোডিয়াৰ এই ৰাষ্ট্ৰসংঘৰ সমৰ্থিত আদালতে গণহত্যাৰ অপৰাধত দুজন শীৰ্ষ খেমাৰ ৰুজৰ নেতাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।

কিন্তু বিচাৰ সম্পূৰ্ণ হোৱাৰ আগতেই ১৯৯৮ চনত খেমাৰ ৰুজৰ শীৰ্ষ নেতা পল পটৰ মৃত্যু হয়।

সেইদৰে, ২৫ বছৰ পূৰ্বে ১৯৯৪ চনত হুটু উগ্ৰপন্থীয়ে মাত্ৰ ১০০ দিনতে ৰুৱাণ্ডাত ৮ লাখ লোকক হত্যা কৰিছিল। তেওঁলোকৰ ভুক্তভোগী আছিল সংখ্যালঘু টুট্সি সম্প্ৰদায়ৰ সদস্য, যিসকল তেওঁলোকৰ ৰাজনৈতিক বিৰোধীও আছিল।

ৰুৱাণ্ডাৰ জনসংখ্যাৰ ৮৫ শতাংশই হুটু, কিন্তু দেশখনত বহুদিনৰ পৰাই টুট্চিসকলে ক্ষমতাত আছিল। ১৯৫৯ চনত হুটুসকলে টুট্সি ৰাজতন্ত্ৰক উফৰাই পেলায়। সেই সময়ত হাজাৰ হাজাৰ টুট্চি উগাণ্ডাকে ধৰি চুবুৰীয়া দেশলৈ পলায়ন কৰিছিল।

১৯৯৪ চনৰ ৮ এপ্ৰিলৰ নিশা তেতিয়াৰ ৰাষ্ট্ৰপতি জুভেনাল হাবিয়াৰিমানা আৰু বুৰুণ্ডিয়াৰ ৰাষ্ট্ৰপতি চাইপ্ৰিয়েন নটাৰিয়ামিনাক (দুয়োজনেই হুতু সম্প্ৰদায়ৰ) কঢ়িয়াই অনা এখন বিমান গুলীয়াই ভূপতিত কৰা হয়। জাহাজত থকা সকলো যাত্ৰী নিহত হয়।

এই কাণ্ডৰ বাবে আৰ পি এফক দোষাৰোপ কৰি হুটু উগ্ৰপন্থীসকলে অতি সোনকালে সুপৰিকল্পিত হত্যাকাণ্ড আৰম্ভ কৰিছিল।

আৰ পি এফে দাবী কৰিছিল যে বিমানখন হুটুৱে গুলীয়াই ভূপতিত কৰিছিল, যাতে তেওঁলোকে গণহত্যাৰ অজুহাত সৃষ্টি কৰিব পাৰে। অতি সাৱধানে বিৰোধী চৰকাৰী বিষয়াৰ তালিকা মিলিচীয়াসকলৰ হাতত তুলি দিয়া হ’ল আৰু তেওঁলোকে গৈ পৰিয়ালকে ধৰি সকলোকে হত্যা কৰিলে।

ৰাষ্ট্ৰপতি জুভেনাল হাব্যাৰিমানাৰ মৃত্যুৰ মাত্ৰ ১০০ দিনৰ ভিতৰতে ৰুৱাণ্ডাত প্ৰায় আঠ লাখ লোকৰ মৃত্যু হয়।

১৯৯৪ চনৰ এপ্ৰিলৰ পৰা জুন মাহলৈকে চলি থকা এই অত্যাচাৰক ‘ৰুৱাণ্ডা গণহত্যা’ বুলি জনা যায়। সেই সময়ত নিহত হোৱা অধিকাংশ লোকেই আছিল দেশৰ টুট্সি সম্প্ৰদায়ৰ লোক। আৰু এই গণহত্যা মূলতঃ হুটু সম্প্ৰদায়ে কৰিছিল।

১৯৯৪ চনৰ অক্টোবৰ মাহত ৰুৱাণ্ডাৰ গণহত্যাৰ গোচৰ চলাবলৈ তাঞ্জানিয়াত ৰুৱাণ্ডাৰ বাবে আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ (ICTR) গঠন কৰা হয়। ১৯৯৫ চনত আইচিটিআৰে ৰুৱাণ্ডাৰ কেইবাজনো উচ্চ পদস্থ বিষয়াক গণহত্যাৰ লগত জড়িত থকাৰ সন্দেহত অভিযোগনামা দাখিল কৰে।

কিন্তু এই বিচাৰটো যথেষ্ট জটিল আছিল। কাৰণ হত্যাকাণ্ডৰ লগত জড়িত বহু লোকৰ সম্পৰ্ক বিতং তথ্য পোৱা নগ’ল। ইয়াৰ পিছত প্ৰায় ১৫ বছৰ ধৰি গণহত্যাৰ বিচাৰ চলি থাকিল। অৱশেষত ২০০৮ চনত ৰুৱাণ্ডাৰ তিনিজন প্ৰাক্তন প্ৰতিৰক্ষা আৰু সেনা বিষয়াক গণহত্যাৰ গোচৰত দোষী সাব্যস্ত কৰি বিচাৰৰ অন্ত পৰে।

আনহাতে, ১৯৯৫ চনৰ জুলাই মাহত, বাল্কন গৃহযুদ্ধৰ সময়ত সংঘটিত হৈছিল স্ৰেব্ৰেনিকা গণহত্যা। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বাহিনীয়ে নিৰাপদ অঞ্চল হিচাপে ঘোষণা কৰা স্ৰেব্ৰেনিকা চহৰ আৰু ইয়াৰ আশে-পাশে থকা অঞ্চল দখল কৰাৰ সময়তে এই ভয়ংকৰ হত্যাকাণ্ড সংঘটিত হয়।

নব্বৈৰ দশকৰ আৰম্ভণিতে যেতিয়া বাল্কন যুদ্ধ আৰম্ভ হৈছিল, তেতিয়া বছনিয়াৰ চাৰাজেভো তিনি বছৰ আঠ মাহ ধৰি ঘেৰি ৰখা হৈছিল।

বছনিয়ান যুদ্ধৰ সময়ত বছনিয়ান ছাৰ্ব বাহিনীয়ে বছনিয়ান মুছলমান জনসাধাৰণক হত্যা আৰু বলপূৰ্বকভাৱে স্থানচ্যুত কৰাৰ অভিযোগ উত্থাপন হৈছিল। ১৯৯৫ চনৰ জুলাই মাহত প্ৰায় ৮,০০০ বছনিয়ান মুছলমান পুৰুষ আৰু কিশোৰক হত্যা কৰা হয়।

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ইউৰোপত ইমান বৃহৎ গণহত্যা হোৱা নাই। অৱশ্যে বছনিয়ান যুদ্ধৰ আন এটা দিশ আছিল। ছাৰ্ব আৰু মুছলমানৰ উপৰিও ক্ৰ’ৱেটসকলো এই ত্ৰিমুখী সংঘাতত জড়িত আছিল। মুছলমান পুৰুষ আৰু ল’ৰাক নিৰ্বাচিতভাৱে হত্যা কৰা হৈছিল, তাৰ পিছত গণকবৰত সমাধিস্থ কৰা হৈছিল।

পিছলৈ এই গোচৰৰ বিচাৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত চলিছিল। আন্তঃৰাষ্ট্ৰীয় অপৰাধ আদালতত ম্লাডিচৰ বিচাৰৰ সময়ত অভিযুক্তসকলে কয় যে জেনেৰেল ম্লাডিচে ছাৰ্বিয়ান সেনাবাহিনীৰ ভি আৰ এছৰ অধিনায়ক হৈ বছনিয়াৰ পৰা বছনিয়ান মুছলমানসকলক জাতিগতভাৱে নিৰ্মূল কৰাৰ জঘন্য পৰিকল্পনা কাৰ্যকৰী কৰাৰ দায়িত্ব লৈছিল।

ছাৰ্বিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি স্লোবোডান মিলোচেভিচৰ বিৰুদ্ধেও বাল্কন যুদ্ধৰ সময়ত গণহত্যা আৰু অন্যান্য যুদ্ধাপৰাধৰ অভিযোগত বিচাৰ চলিছিল। কিন্তু বিচাৰ শেষ হোৱাৰ আগতেই ২০০৬ চনত কাৰাগাৰত তেওঁৰ মৃত্যু হয়।

বিশ্ব ইতিহাসত জাতিগত গণহত্যা আৰু আন্তঃৰাষ্ট্ৰীয় গণহত্যাৰ কেইবাটাও গুৰুত্বপূৰ্ণ বিচাৰ এই বিচাৰসমূহে কেৱল প্ৰত্যক্ষ হত্যাকাৰীক ন্যায়ৰ ওচৰলৈ অনাই নহয়, ৰাষ্ট্ৰৰ মুৰব্বী, সামৰিক সেনাপতি, ৰাজনৈতিক নেতা, সেনা বিষয়া আৰু গণহত্যাৰ পৰিকল্পনা কৰাসকলকো আদালতত হাজিৰ কৰাইছে।

২০১৭ চনত ম্যানমাৰৰ ৰাখাইনত সংঘটিত ৰোহিংগীয়া গণহত্যাৰ সন্দৰ্ভত গাম্বিয়াই আন্তঃৰাষ্ট্ৰীয় আদালতত যি অভিযোগ উত্থাপন কৰিছিল, সেয়া অৰ্গেনাইজেচন অৱ দ্য ইছলামিক কনফাৰেন্স (অ’আইচি)ৰ হৈ উত্থাপন হৈছিল।

অভিযোগত গাম্বিয়াই কয় যে ম্যানমাৰে ১৯৪৮ চনৰ ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ সন্ধি উলংঘা কৰি ৰোহিংগীয়াৰ বিৰুদ্ধে নৃশংস সামৰিক অভিযান চলাইছিল।

বিশ্লেষকসকলে কয় যে ১৯৪৮ চনত ৰাষ্ট্ৰসংঘই গণহত্যাৰ প্ৰতিৰোধ আৰু শাস্তি সম্পৰ্কে গ্ৰহণ কৰা ‘ৰাষ্ট্ৰসংঘৰ গণহত্যাৰ অপৰাধ প্ৰতিৰোধ আৰু শাস্তি সম্পৰ্কীয় সন্ধি’ এই গণহত্যাৰ বিচাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় নথি।

এই গোচৰত ম্যানমাৰক গণহত্যা চুক্তি উলংঘা কৰাৰ বাবে দায়ী কৰি ৰোহিংগীয়াসকলৰ ওপৰত চলি থকা নিৰ্যাতন বন্ধ কৰিবলৈ, ভুক্তভোগীসকলৰ প্ৰতিকাৰ প্ৰদান কৰিবলৈ আৰু ভৱিষ্যতে অনুৰূপ অপৰাধ ৰোধ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

গণহত্যাৰ পুনৰাবৃত্তি ৰোধৰ বাবে ফলপ্ৰসূ ব্যৱস্থা গ্ৰহণৰ বাবে এই দাবী উত্থাপন কৰা হৈছে।

অন্তৱৰ্তীকালীন ৰায়দানৰ প্ৰায় সাড়ে ছয় বছৰৰ পাছত ২০২০ চনত এই দীঘলীয়া আইনী প্ৰক্ৰিয়াৰ অন্ত পৰে। পিছত চলিত বৰ্ষৰ জানুৱাৰী মাহত এই গোচৰৰ মূল শুনানি সমাপ্ত হয়। শুনানিৰ সময়ত গাম্বিয়া আৰু ম্যানমাৰৰ অধিবক্তাই নিজৰ যুক্তি আৰু বিভিন্ন প্ৰমাণ দাঙি ধৰে।

প্ৰশ্ন হৈছে আইচিজে-ই ৰোহিংগীয়া গণহত্যাৰ বাবে এইবাৰ ম্যানমাৰক ন্যায়ৰ ওচৰলৈ আনিব পাৰিবনে?

 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আজি ৰোহিংগীয়া গণহত্যাক লৈ ঐতিহাসিক ৰায়ৰ সন্মুখীন ম্যানমাৰ; বিশ্বত কিদৰে হৈছিল অন্যান্য গণহত্যাৰ বিচাৰ?

আজি ৰোহিংগীয়া গণহত্যাক লৈ ঐতিহাসিক ৰায়ৰ সন্মুখীন ম্যানমাৰ; বিশ্বত কিদৰে হৈছিল অন্যান্য গণহত্যাৰ বিচাৰ?

November 19, 2026 1:14 pm
দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

November 19, 2026 11:57 am
নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

নায়িকাক চুম্বন কৰাৰ আগতে অনুমতি লৈছিল পিতৃৰ! গোপন কথা ফাদিল অভিনেতা প্ৰভাসৰ

November 19, 2026 10:48 am
পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

পুনৰ ৰাজনৈতিক হিংসাত উত্তাল বাংলাদেশ! ইউনুছৰ ঘৰত অগ্নিসংযোগ; বহু স্থানত বিস্ফোৰণ, কি পৰিস্থিতি?

November 19, 2026 8:56 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আজি ৰোহিংগীয়া গণহত্যাক লৈ ঐতিহাসিক ৰায়ৰ সন্মুখীন ম্যানমাৰ; বিশ্বত কিদৰে হৈছিল অন্যান্য গণহত্যাৰ বিচাৰ?

আজি ৰোহিংগীয়া গণহত্যাক লৈ ঐতিহাসিক ৰায়ৰ সন্মুখীন ম্যানমাৰ; বিশ্বত কিদৰে হৈছিল অন্যান্য গণহত্যাৰ বিচাৰ?

November 19, 2026 1:14 pm
দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

দলঙৰ ৰেলিং ভাঙি নদীত পৰিল গাড়ী; ৬ জনৰ সলিল সমাধি, এজনক উদ্ধাৰ স্থানীয় লোকৰ

November 19, 2026 11:57 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd