ব্ৰিটেইনৰ ৰাজকুমাৰ প্ৰিন্স উইলিয়াম আৰু তেওঁৰ পত্নী কেথেৰিন এলিজাবেথ মিডলটন বৰ্তমান তিনিদিনীয়া ভ্ৰমণসূচীৰে ভাৰতত উপস্থিত হৈছে। ভাৰতীয় সংস্কৃতিৰ সৈতে প্ৰত্যক্ষভাৱে পৰিচিত হোৱাৰ এই সুযোগতে ব্ৰিটিছ ৰাজপৰিয়ালৰ উত্তৰাধিকাৰীগৰাকীৰ বহুচৰ্চিত অথচ ৰহস্যময় ভাৰতীয় বংশগত শিপাক লৈ পুনৰ আলোচনা আৰম্ভ হৈছে। ‘দ্য টেলিগ্ৰাফ’ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি, প্ৰিন্স উইলিয়ামে কেতিয়াও ৰাজহুৱাকৈ উল্লেখ নকৰা এই বংশগত ইতিহাসৰ মূল সূত্ৰডাল মুম্বাইত জন্মগ্ৰহণ কৰা এলিজা ‘বেটছী’ কেৱাৰ্ক নামৰ এগৰাকী ভাৰতীয় বংশোদ্ভৱ মহিলাৰ সৈতে জড়িত।
২০১৩ চনত সম্পন্ন হোৱা এক ডিএনএ পৰীক্ষাই ভৱিষ্যতৰ ব্ৰিটিছ ৰজাগৰাকীৰ সৈতে এলিজা কেৱাৰ্কৰ এই সম্পৰ্ক নিশ্চিত কৰিছিল। ‘চিএনএন’ৰ তথ্য অনুসৰি, ‘ব্ৰিটেইনছডিএনএ’ নামৰ এটা জিনীয় বংশাৱলী পৰীক্ষণ প্ৰতিষ্ঠানে প্ৰিন্সেছ ডায়েনাৰ মাতৃপক্ষৰ দুজন আত্মীয়ৰ ডিএনএ পৰীক্ষা কৰি তাক বিশ্বৰ এক তথ্যভাণ্ডাৰৰ সৈতে মিলাই চাইছিল। এই পৰীক্ষাত কেৱল মাতৃৰ পৰা সন্তানলৈ প্ৰবাহিত হোৱা মাইট’কণ্ড্ৰিয়েল ডিএনএ ডায়েনাৰ শৰীৰত পোৱা গৈছিল, যিয়ে ভাৰতীয় বংশোদ্ভৱৰ সৈতে থকা সংযোগ প্ৰমাণিত কৰে।
‘দ্য টেলিগ্ৰাফ’ৰ প্ৰতিবেদন মতে, ১৭৯০ চনত এগৰাকী আৰ্মেনিয়ান পিতৃ আৰু ভাৰতীয় মাতৃৰ গৰ্ভত মুম্বাইত জন্মগ্ৰহণ কৰা এলিজা কেৱাৰ্ক আছিল প্ৰিন্স উইলিয়ামৰ কেইবাপুৰুষ আগৰ আইতাক। ১৮০৯ চনত ইষ্ট ইণ্ডিয়া কোম্পানীৰ কৰ্মচাৰী তথা এংগাছ আৰু ডগলাছৰ প্ৰভাৱশালী পৰিয়ালৰ সৈতে সম্পৰ্ক থকা থিঅ’ড’ৰ ফৰ্বছ ভাৰতলৈ আহোঁতে কেৱাৰ্কৰ সৈতে পৰিচিত হয় আৰু এটা আৰ্মেনিয়ান গীৰ্জাত দুয়ো বিবাহপাশত আবদ্ধ হয়। পাছত ফৰ্বছৰ কৰ্মসূত্ৰে দুয়ো য়েমেনলৈ যায় যদিও ফৰ্বছে বোম্বাই অৰ্থাৎ বৰ্তমানৰ মুম্বাইলৈ উভতি অহাৰ সময়ত কেৱাৰ্ক য়েমেনতে থাকি যায়। য়েমেনতে প্ৰিন্স উইলিয়ামৰ পূৰ্বপুৰুষ কিটীৰ জন্ম হয় আৰু ইয়াৰ দুবছৰ পাছত কেৱাৰ্কে আলেকজেণ্ডাৰ নামৰ এটি পুত্ৰ সন্তান জন্ম দিয়ে।
প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি, ফৰ্বছে পৰিয়ালটোৰ সৈতে পুনৰ মিলিত হোৱাৰ পৰিকল্পনা কৰিছিল যদিও সেই সময়ৰ শ্ৰেণী ব্যৱস্থাৰ বাবে তেওঁক তেনে নকৰিবলৈ সকীয়াই দিয়া হৈছিল। অৱশেষত তেওঁ কন্যা কিটীক স্কটলেণ্ডলৈ পঠিয়াবলৈ সক্ষম হয়, কিন্তু জীয়েকক লগ কৰিবলৈ জাহাজেৰে যাত্ৰা কৰি থকা অৱস্থাতে ফৰ্বছৰ মৃত্যু ঘটে। তেতিয়াৰে পৰা কেৱাৰ্কে অকলেই জীৱন নিৰ্বাহ কৰিবলগীয়া হয়। পাছত কিটীয়ে জেমছ ক্ৰম্বে নামৰ এগৰাকী ঊণ উৎপাদনকাৰীৰ সৈতে বিবাহপাশত আবদ্ধ হয়। কিটীৰ আজোনাতি ৰূথে আইৰিছ সম্ভ্ৰান্ত ব্যক্তি লৰ্ড ফাৰ্ময় অৰ্থাৎ মৰিছ বাৰ্ক ৰোছক বিয়া কৰায়। তেওঁলোকৰ কন্যা ফ্ৰান্সিছৰ বিবাহ হয় জনী এলথৰ্পৰ সৈতে, যি পাছলৈ আৰ্ল স্পেন্সাৰ হিচাপে পৰিচিত হয় আৰু তেওঁৱেই আছিল প্ৰিন্স উইলিয়ামৰ মাতৃ প্ৰিন্সেছ ডায়েনাৰ পিতৃ।
মুম্বাইসহ ভাৰতৰ বিভিন্ন স্থানত ব্ৰিটিছ ৰাজদম্পতীৰ ভ্ৰমণ চলি থকাৰ সময়তে প্ৰিন্স উইলিয়ামে নিজৰ ভাৰতীয় বংশগত পৰিচয় ৰাজহুৱাকৈ স্বীকাৰ কৰা উচিত বুলি বিভিন্ন মহলত দাবী উত্থাপন হৈছে। এই সন্দৰ্ভত শিক্ষাবিদ তথা শিল্পকলা সংৰক্ষক চুজান হাৰ্ভাৰ্ডে ‘দ্য টেলিগ্ৰাফ’ক কয় যে এতিয়া সেই সময় আহি পৰিছে যেতিয়া প্ৰিন্স উইলিয়ামে নিজৰ ভাৰতীয় বংশোদ্ভৱক লৈ গৌৰৱ অনুভৱ কৰাৰ কথা ঘোষণা কৰা উচিত।




