ভোটাৰ তালিকাৰ এছআইআৰ প্ৰক্ৰিয়াক লৈ দেশজুৰি চৰ্চা অব্যাহত থকাৰ মাজতে স্বতন্ত্ৰ সংবাদ প্ৰতিষ্ঠান ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ এক শেহতীয়া প্ৰতিবেদনে ২০২৪ চনৰ লোকসভা আৰু তিনিখন ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ ভোটদান প্ৰক্ৰিয়াক লৈ নতুন বিতৰ্কৰ সূচনা কৰিছে। প্ৰতিবেদনখনত দাবী কৰা অনুসৰি, ভোটদানৰ দিনা বিয়লি ৫ বজাৰ পৰা ৬ বজাৰ ভিতৰত একাধিক সমষ্টিত অস্বাভাৱিক হাৰত ভোটদান হৈছিল আৰু এই অন্তিম এঘণ্টাৰ ভোটদানেই বহু প্ৰাৰ্থীৰ জয়-পৰাজয় নিৰ্ণয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল।
প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে যে ২০২৪ চনৰ লোকসভাৰ লগতে মহাৰাষ্ট্ৰ, জম্মু-কাশ্মীৰ আৰু হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনত বিয়লি ৫ বজাৰ পাছত হোৱা ভোটদানৰ বিস্তৃত তথ্য নিৰ্বাচন আয়োগৰ ওচৰত উপলব্ধ নহয় অথবা আয়োগে সেয়া ৰাজহুৱা কৰা নাই। ‘ৰিপ’ৰ্টাৰ্ছ কালেকটিভ’ৰ বিশ্লেষণ অনুসৰি, মহাৰাষ্ট্ৰ বিধানসভাৰ ১১৪টা সমষ্টি, জম্মু-কাশ্মীৰৰ ৯০টাৰ ভিতৰত ৪৪টা সমষ্টি আৰু হাৰিয়ানাৰ ৯০টাৰ ভিতৰত ২২টা সমষ্টিত বিয়লি ৫ বজাৰ পাছত হোৱা ভোটদানৰ কোনো তথ্য পোৱা যোৱা নাই। একেদৰে, লোকসভা নিৰ্বাচনৰ ৫৩০খন আসনৰ ভিতৰত ২৩টা সমষ্টিৰ তথ্যৰ কোনো সন্ধান পোৱা যোৱা নাই বুলি প্ৰতিবেদনত দাবী কৰা হৈছে। ইয়াৰ ভিতৰত মহাৰাষ্ট্ৰৰ ৪৮টাৰ ১৮টা, হাৰিয়ানাৰ ১০টাৰ এটা আৰু জম্মু-কাশ্মীৰৰ ৫টাৰ এটা সংসদীয় সমষ্টি অন্তৰ্ভুক্ত আছে। ইয়াৰ উপৰি লোকসভাৰ ৫১টা সমষ্টিত ভোটদান সাব্যস্ত কৰা ভোটাৰৰ সংখ্যা আৰু ভোটগণনাৰ সংখ্যাৰ মাজত সামঞ্জস্য নথকাৰ কথাও প্ৰতিবেদনখনত আঙুলিয়াই দিয়া হৈছে।
প্ৰতিবেদনখনত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী একনাথ সিন্দেই প্ৰতিদ্বন্দ্বিতা কৰা কোপাৰি-পাছপাখাদি বিধানসভা সমষ্টিৰ এক বিশেষ উদাহৰণ দাঙি ধৰা হৈছে। উল্লেখিত তথ্য অনুসৰি, সমষ্টিটোত বিয়লি ৫ বজাৰ পাছত ৩৬৬টা ভোটকেন্দ্ৰত ৮৯,৮৭৮ গৰাকী ভোটাৰে ভোটদান কৰিছিল। সমষ্টিটোত মুঠ ২.০৩ লাখ ভোটদান হৈছিল, যাৰ ভিতৰত বিয়লি ৫ বজাৰ পূৰ্বে ১.১৩ লাখ ভোট পৰিছিল। উক্ত নিৰ্বাচনত সিন্দেই শিৱসেনাৰ উদ্ধৱ থাকৰে গোটৰ প্ৰাৰ্থী কেদাৰ দীঘেক ১.২০ লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰিছিল। আনহাতে, মহাৰাষ্ট্ৰত ভোটদানৰ দিনা বিয়লি ৫ বজা পৰ্যন্ত মুঠ ভোটদানৰ হাৰ ৫৮.২২ শতাংশ আছিল যদিও পাছদিনা এই হাৰ ৬৬.০৫ শতাংশলৈ বৃদ্ধি পোৱাৰ কথাও প্ৰতিবেদনখনত উল্লেখ কৰা হৈছে।
এই প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতেই বিৰোধী দলসমূহে নিৰ্বাচন আয়োগৰ স্বচ্ছতাক লৈ পুনৰ সৰৱ হৈ পৰিছে। বিৰোধী পক্ষই অভিযোগ কৰিছে যে সাধাৰণতে নিৰ্বাচন আয়োগে প্ৰতি দুঘণ্টাৰ মূৰে মূৰে ভোটদানৰ হাৰ প্ৰকাশ কৰে যদিও শেষ মুহূৰ্তত ভুৱা ভোটাৰৰ প্ৰাদুৰ্ভাৱৰ আশংকা থকাৰ বাবেই আয়োগে বিয়লি ৫ বজাৰ পাছৰ ভোটদানৰ সঠিক তথ্য প্ৰকাশৰ পৰা বিৰত থাকে।
ইফালে, বিয়লি ৫ বজাৰ পাছত হোৱা ভোটদানৰ সংখ্যা কি কাৰণে ৰাজহুৱা কৰা হোৱা নাই বা তথ্যসমূহৰ অমিল সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ফালৰ পৰা এতিয়ালৈকে কোনো আনুষ্ঠানিক ব্যাখ্যা দাঙি ধৰা হোৱা নাই বুলি প্ৰতিবেদনখনত কোৱা হৈছে। এই সমগ্ৰ বিষয়টোৱে বৰ্তমান দেশৰ নিৰ্বাচনী ব্যৱস্থা আৰু তথ্যৰ স্বচ্ছতাক লৈ ৰাজনৈতিক মহলত তীব্ৰ চৰ্চাৰ সৃষ্টি কৰিছে।


