শিখ বিচ্ছিন্নতাবাদী গুৰপতৱন্ত সিং পান্নুনক হত্যাৰ চেষ্টা চলোৱা নিখিল গুপ্তাক শুকুৰবাৰে আমেৰিকাৰ আদালতে ১৯ বছৰৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। শুকুৰবাৰে ছাউদাৰ্ন ডিষ্ট্ৰিক্ট কোৰ্টত প্ৰায় ৮০ মিনিট ধৰি গোচৰটোৰ শুনানি গ্ৰহণ কৰা হয়। শুনানিৰ পাছত ন্যায়াধীশ ভিক্টৰ মাৰেৰ’ই নিখিল গুপ্তাক দোষী সাব্যস্ত কৰি ২৩৫ মাহৰ অৰ্থাৎ ১৯ বছৰ ৭ মাহৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে।
আদালতৰ সূত্ৰ অনুসৰি নিখিলৰ বিৰুদ্ধে মাৰ্ডাৰ-ফৰ-হায়াৰ, হত্যাৰ ষড়যন্ত্ৰত জড়িত, আৰ্থিক জালিয়াতিৰ লগত জড়িত হোৱাকে ধৰি একাধিক অভিযোগ আছে।
২০২৩ চনৰ মে’ মাহত এই ঘটনাৰ সূত্ৰপাত ঘটিছিল। আদালতৰ সূত্ৰ অনুসৰি ভাৰতৰ কেবিনেট সচিবালয়ৰ অধীনত কৰ্মৰত বিকাশ যাদৱ নামৰ এজন চৰকাৰী কৰ্মচাৰীয়ে নিখিলক নিযুক্তি দিছিল।
অভিযোগ অনুসৰি, ভাড়াতীয়া হত্যাকাৰীৰ দ্বাৰা পান্নুনক হত্যা কৰিবলৈ বিকাশে নিখিলক ‘ছুপাৰি’ দিছিল। আদালতৰ সূত্ৰ অনুসৰি এই কামৰ বাবে বিকাশৰ সৈতে নিখিলৰ এক লাখ ডলাৰৰৰ চুক্তি হৈছিল। ইয়াৰে বিকাশে ১৫ হাজাৰ ডলাৰ এডভান্স হিচাপে দিলে।
নিখিলে প্ৰথমে চিনাকি এজনক পান্নুনক হত্যা কৰাৰ পৰিকল্পনাৰ কথা জনায়। তেওঁৰ জৰিয়তে নিখিলে এজন ভাড়াতীয়া হত্যাকাৰীৰ সৈতে যোগাযোগ কৰে। পিছত গম পোৱা গ’ল যে নিখিলৰ সহযোগী দুজন আচলতে ড্ৰাগছ এনফৰ্চমেণ্ট এজেন্সী অৱ আমেৰিকাৰ সৈতে জড়িত আণ্ডাৰকাভাৰ এজেণ্ট আছিল। পান্নুনক হত্যাৰ ষড়যন্ত্ৰ বিফল কৰিবলৈ তেওঁলোকক নিযুক্তি দিয়া হৈছিল।
এই ঘটনাত ২০২৩ চনৰ ৩০ জুনত চেক গণৰাজ্যৰ পৰা নিখিলক গ্ৰেপ্তাৰ কৰা হয়। ২০২৪ চনৰ জুন মাহত তেওঁক আমেৰিকালৈ প্ৰত্যাৰ্পণ কৰা হয়।
এই ঘটনাত ভাৰত চৰকাৰৰ এজন কৰ্মচাৰী জড়িত বুলি আমেৰিকাই দাবী কৰিছিল। তাৰ পৰিপ্ৰেক্ষিতত ২০২৩ চনৰ নৱেম্বৰ মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতি প্ৰকাশ কৰি কয় যে পান্নুনক হত্যাৰ ষড়যন্ত্ৰত কোনো ভাৰতীয় বিষয়া জড়িত আছে নে নাই তাক তদন্ত কৰিবলৈ অন্তৱৰ্তীকালীন সমিতি গঠন কৰা হ’ব।
২০২৫ চনৰ জানুৱাৰী মাহত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে এক বিবৃতিত কয় যে শেহতীয়াকৈ এজন ভাৰতীয় বিষয়াই অবৈধ আৰু অপৰাধমূলক কাৰ্যকলাপত লিপ্ত হোৱা বুলি ধৰা পৰিছে। তেওঁৰ বিৰুদ্ধে প্ৰয়োজনীয় আইনী ব্যৱস্থা গ্ৰহণ কৰা হ’ব। অৱশ্যে বিবৃতিটোত বিকাশ যাদৱৰ নাম উল্লেখ কৰা হোৱা নাই।
প্ৰসংগক্ৰমে ভাৰতৰ ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভাল আৰু RAW ৰ প্ৰাক্তন মুৰব্বী সামন্ত গোৱেলৰ বিৰুদ্ধে পান্নুনে তেওঁক হত্যাৰ ষড়যন্ত্ৰ কৰাৰ অভিযোগত আমেৰিকাৰ আদালতত গোচৰ ৰুজু কৰিছিল। কিন্তু ভাৰতে এই অভিযোগ ভিত্তিহীন বুলি দাবী কৰিছিল।
উল্লেখ্য যে চলিত বৰ্ষৰ ১৩ নৱেম্বৰৰ এক নিৰ্দেশনাত নিউয়ৰ্কৰ জিলা ন্যায়াধীশে পাটিয়ালা হাউছ কোৰ্ট, দ্বাৰকা আদালত আৰু টিছ হাজাৰী আদালতত চমন আৰু ন্যায়িক নথি-পত্ৰ গ্ৰহণৰ বাবে আবেদন জনাইছিল। সেইবোৰ ডোভাল আৰু গোৱেলক দিয়াৰ কথাও জনায়। অৱশ্যে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে এই দাবীক মিছা আৰু ভুৱা বুলি খাৰিজ কৰে।





