অপাৰেচন সিন্দুৰৰ সময়ত চীনে পাকিস্তানক কিয় সহায় কৰিছিল? ইয়াৰ আঁৰত কেৱল পাকিস্তানৰ সৈতে বন্ধুত্ব নে আন ডাঙৰ কৌশল? আমেৰিকাৰ কংগ্ৰেছৰ এটা পেনেলে শেহতীয়াকৈ এক প্ৰতিবেদনত এই সকলোবোৰ প্ৰশ্নৰ উত্তৰ দিবলৈ চেষ্টা কৰিছে।
প্রতিবেদনত দাবী কৰা হৈছে যে অপাৰেচন সিন্দুৰৰ সময়ত চীনে পাকিস্তানক সামৰিক সাহায্য প্রদান কৰি ভাৰতৰ বর্ধিত প্রভাৱ ৰোধ কৰিব বিচাৰিছিল৷ কিন্তু বেইজিঙৰ কৌশল কেৱল সামৰিক সাহায্যৰ মাজতে সীমাবদ্ধ নহয়। সীমান্তত চাপ সৃষ্টি কৰাৰ উপৰি অৰ্থনৈতিক ক্ষেত্ৰতো ভাৰতক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে।
আমেৰিকাৰ পেনেলৰ বাৰ্ষিক প্ৰতিবেদনত কোৱা হৈছে যে এছিয়াত ভাৰতৰ ক্ৰমবৰ্ধমান শক্তিক চীনে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে গণ্য কৰে। সেইবাবেই বেইজিঙে কেতবোৰ ক্ষেত্ৰত ভাৰতৰ অগ্ৰগতি ৰোধ কৰিবলৈ চেষ্টা কৰিছে। প্ৰতিৰক্ষা, চোৰাংচোৱা বিনিময়, সামুদ্ৰিক নিৰাপত্তা আৰু বাণিজ্যৰ ক্ষেত্ৰত ভাৰত আৰু আমেৰিকাৰ মাজত সহযোগিতা আৰু অধিক বৃদ্ধি কৰাৰ প্ৰয়োজনীয়তাও প্ৰতিবেদনত উল্লেখ কৰা হৈছে।
আমেৰিকাৰ পেনেলে দাবী কৰিছে যে ২০২৫ চনৰ মে’ মাহত ভাৰত আৰু পাকিস্তানৰ মাজত তিনিদিনীয়া সংঘাতৰ ফলত চীনৰ কৌশল স্পষ্ট হৈ পৰিছিল। বেইজিঙে পোনপটীয়াকৈ যুদ্ধত অংশ লোৱা নাছিল যদিও সংকটৰ সময়ত পাকিস্তানক শক্তিশালী কৰাত সহায় কৰিছিল। প্ৰতিবেদনত কোৱা হৈছে যে চীন আৰু পাকিস্তানৰ মাজত ক্ৰমবৰ্ধমান সামৰিক সহযোগিতাই দুই পক্ষৰ পৰা ভাৰতৰ বাবে যুদ্ধৰ প্ৰত্যাহ্বান আৰু অধিক বৃদ্ধি কৰিব পাৰে।
শেহতীয়াকৈ চীনে প্ৰথমবাৰৰ বাবে ৰাজহুৱাভাৱে স্বীকাৰ কৰিছে যে তেওঁলোকে অপাৰেচন সিন্দুৰৰ সময়ত পাকিস্তানক কাৰিকৰী সহায় আগবঢ়াইছিল। চীনৰ চৰকাৰী সংবাদ মাধ্যমক দিয়া এক সাক্ষাৎকাৰত সেই দেশৰ অভিযন্তা ঝাং হেঙে কয় যে তেওঁ পাকিস্তান বায়ুসেনাক কাৰিকৰী সহায় আগবঢ়োৱা দলটোৰ সদস্য আছিল। ঝাঙৰ মতে, তেওঁলোকৰ দলৰ লক্ষ্য আছিল পাকিস্তান বায়ুসেনাৰ হাতত থকা সামৰিক সঁজুলিসমূহ সৰ্বাধিক কাৰ্যক্ষমতাৰ বাবে ব্যৱহাৰযোগ্য কৰি তোলা। তেওঁ মূলতঃ পাকিস্তানৰ হাতত থকা জে-১০চিই যুদ্ধ বিমানৰ কথা কৈছিল।
ইয়াৰ পূৰ্বে লেফটেনেণ্ট জেনেৰেল ৰাহুল সিঙেও দাবী কৰিছিল যে চীনে পাকিস্তানক সংঘাতৰ সময়ত ভাৰতীয় সৈন্য নিয়োগ সন্দৰ্ভত ৰিয়েল টাইমৰ তথ্য প্ৰদান কৰিছিল।
আমেৰিকাৰ প্ৰতিবেদনত কোৱা হৈছে যে চীনে পাকিস্তানক সহায় কৰাতে থমকি ৰোৱা নাই। ভাৰতৰ সীমান্তৰ সমীপতো সামৰিক শক্তি বৃদ্ধি কৰিছে। অৰুণাচলৰ কেইবাটাও অঞ্চলত চীনা সেনাৰ সৈতে সংঘাত অব্যাহত থকাৰ কথাও প্রতিবেদনত উল্লেখ কৰা হৈছে৷
ভাৰত আৰু চীনে ২০২৪ চনত পূব লাডাখত ৪ বছৰীয়া সামৰিক সংঘাত শেষ কৰিবলৈ সন্মত হয়।ইয়াৰ পিছত দুয়োখন দেশৰ মাজত সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰচেষ্টা চলোৱা হয়। কিন্তু সীমান্তৰ উত্তেজনা এতিয়াও সম্পূৰ্ণৰূপে মাৰ যোৱা নাই।
আমেৰিকাৰ পেনেলে দাবী কৰিছে যে চীনে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখা (এল এ চি)ৰ কাষৰীয়া অঞ্চলসমূহত বিমান ঘাটি, ৰেলৱে আৰু অন্যান্য গুৰুত্বপূৰ্ণ আন্তঃগাঁথনি বৃদ্ধি কৰি আছে। ফলত প্ৰয়োজন হ’লে সীমান্তলৈ সৈন্য আৰু সামৰিক সামগ্ৰী ক্ষিপ্ৰতাৰে পঠিয়াব পাৰিব। বেইজিঙে কেৱল স্থল সীমান্ততে নহয় ভাৰত মহাসাগৰতো নৌসেনাৰ উপস্থিতি আৰু চোৰাংচোৱাগিৰি বৃদ্ধি কৰিছে। ফলত চীনে সামৰিক ক্ষেত্ৰখনত একাধিক দিশৰ পৰা ভাৰতক হেঁচা প্ৰয়োগ কৰাৰ কৌশল গ্ৰহণ কৰিছে বুলি প্ৰতিবেদনত দাবী কৰা হৈছে।
আমেৰিকাৰ প্ৰতিবেদনত আৰু দাবী কৰা হৈছে যে চীনে অৰ্থনৈতিক শক্তি ব্যৱহাৰ কৰিও ভাৰতৰ ওপৰত হেঁচা প্ৰয়োগ কৰিছে। গুৰুত্বপূৰ্ণ ঔদ্যোগিক সামগ্ৰী, প্ৰযুক্তি আৰু উপাদানৰ যোগান নিয়ন্ত্ৰণ কৰি ভাৰতক বিপদত পেলাবলৈ চেষ্টা কৰিছে। ভাৰতলৈ কিছুমান অত্যাৱশ্যকীয় সামগ্ৰী ৰপ্তানি বন্ধ কৰি দিছে চীনে। ইলেক্ট্ৰনিকছ উৎপাদন উদ্যোগৰ সৈতে জড়িত অভিযন্তাসকলকো দেশলৈ ঘূৰাই নিছে। তদুপৰি বিভিন্ন সা-সৰঞ্জামৰ যোগানো বন্ধ কৰি দিয়া হৈছে।
এই প্ৰতিবেদনত ঔষধ নিৰ্মাণত ব্যৱহৃত কেঁচামালৰ বিষয়টোও উল্লেখ কৰা হৈছে। ইয়াত দাবী কৰা হৈছে যে চীনে এনে কেঁচামালৰ দাম বহু পৰিমাণে হ্ৰাস কৰিছে। ফলত ভাৰতীয় কোম্পানীসমূহৰ বাবে এই প্ৰতিযোগিতাত জীয়াই থকাটো কঠিন হৈ পৰিছে। ইয়াৰ উপৰিও বেটাৰী প্ৰযুক্তিৰ ৰপ্তানিৰ ওপৰত চীনৰ নিয়ন্ত্ৰণো ভাৰতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হিচাপে উল্লেখ কৰা হৈছে। ইয়াৰ ফলত দেশৰ পৰিৱেশ অনুকূল শক্তি প্ৰকল্পত প্ৰভাৱ পৰিব পাৰে বুলি প্ৰতিবেদনত আশংকা প্ৰকাশ কৰিছে।
আমেৰিকান পেনেলে স্বীকাৰ কৰিছে যে ভাৰতে সামৰিক শক্তি আৰু ঘৰুৱা উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে চেষ্টা চলাইছে। স্পৰ্শকাতৰ ক্ষেত্ৰত চীনা কোম্পানীসমূহৰ ভূমিকা সীমিত কৰাৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হৈছে। কিন্তু ভাৰতৰ উদ্যোগ খণ্ডৰ এক বৃহৎ অংশ এতিয়াও চীনত নিৰ্মিত বিভিন্ন যন্ত্ৰপাতি আৰু উপাদানৰ ওপৰত নিৰ্ভৰশীল।
প্ৰতিবেদন অনুসৰি ভাৰতক যোগান শৃংখল শক্তিশালী কৰিবলৈ বৃহৎ পৰিমাণৰ বিনিয়োগ, উন্নত প্ৰযুক্তি আৰু সময়ৰ প্ৰয়োজন। সেইবাবেই আমেৰিকান পেনেলে ভাৰতৰ সৈতে সহযোগিতা বৃদ্ধিৰ পৰামৰ্শ আগবঢ়াইছে। কোৱা হৈছে যে প্ৰতিৰক্ষা প্ৰযুক্তি, সামুদ্ৰিক সুৰক্ষা, চোৰাংচোৱা তথ্য বিনিময় আৰু উৎপাদন উদ্যোগ আদি ক্ষেত্ৰত ভাৰত-আমেৰিকাৰ সহযোগিতা আৰু অধিক বৃদ্ধি কৰা উচিত।
প্ৰতিবেদনৰ মূল কথা হ’ল এছিয়াত চীনৰ ক্ৰমবৰ্ধমান প্ৰভাৱ প্ৰতিহত কৰাত ভাৰতৰ ভূমিকা অতি গুৰুত্বপূৰ্ণ। সেইবাবেই বেইজিঙে একাধিক ক্ষেত্ৰত বাধাৰ সৃষ্টি কৰিবলৈ চেষ্টা কৰিছে যাতে ভাৰতৰ সামৰিক আৰু অৰ্থনৈতিক শক্তি আৰু অধিক বৃদ্ধি নহয়।




