ৱেলিংটন টেষ্টত চালকৰ আসনত ভাৰত। ইপিনে পৰাজয়ৰ পৰা হাত সাৰিবলৈ যুঁজি দিছে নিউজিলেণ্ডে। প্ৰথম ইনিংছত নিউজিলেণ্ডৰ ৩৬৮ ৰানৰ প্ৰত্যুত্তৰত ভাৰতে ৯ উইকেটত ৭২০ ৰান সংগ্ৰহ কৰি প্ৰথম ইনিংছ ঘোষণা কৰে।
বেটছমেনসকলে দলটোক ভাল স্থানত উপনীত কৰাইছে। খেলখনত জয়ী কৰোৱাৰ দায়িত্ব এইবাৰ বলাৰসকলৰ ওপৰত। প্ৰথম ইনিংছত ৩৫২ ৰান পিছ পৰি থকাৰ পিছত চতুৰ্থ দিনৰ শেষত কিউইৰ দ্বিতীয় ইনিংছৰ স্ক’ৰ ২ উইকেটত ১১৯ ৰান।
ৱেলিংটনত ২২ গজত ৰানৰ পাহাৰ গঢ়িছে ভাৰতীয় দলটোৱে। শনিবাৰে ৫৫ ৰানত অপৰাজিত থকা ঋষভ পন্তেও শতক অৰ্জন কৰে। তেওঁ এই নৱমটো টেষ্ট শতকত ১০টা চাৰি আৰু ৬টা ছয় মাৰে। অৱশেষত তেওঁ ১৫৩টা বলত ১২৮ ৰান কৰে।
শনিবাৰে শেষৰ দুটা বল খেলিবলৈ ওলাই অহা অংশুল কাম্বোজেও ভাল বেটিং কৰে। তেওঁ ৪২টা বলত ৩৮ ৰান কৰে।
ভাৰতৰ ইনিংছ বিপক্ষৰ হাতৰ মুঠিৰ পৰা উলিয়াই অনাত ধ্ৰুৱ জুৰেলেও অৰিহণা যোগাইছিল। সাত নম্বৰত বেটিং কৰি তেওঁ আক্ৰমণাত্মক মুডত ৭৯টা বলত ৭৮ ৰান সংগ্ৰহ কৰে।
ৱাশ্বিংটন সুন্দৰৰ বেটৰ পৰা আহে ২৬ বলত ২৪ ৰান। আকাশদ্বীপে কৰে ১৩ ৰান। ৭ ৰানত অপৰাজিত হৈ থাকে যশপ্ৰীত বুমৰাহ।
নিউজিলেণ্ডৰ কোনো বলাৰেই চিনাকি পিটচত কোনো প্ৰভাৱ পেলাব নোৱাৰিলে। কিউইৰ আটাইতকৈ সফল বলাৰ আছিল গ্লেন ফিলিপছ। তেওঁ ১৫৪ ৰানত ৩টা উইকেট দখল কৰে।
ৰাচিন ৰবিন্দ্ৰই ৪৪ ৰানত ২ টা উইকেট দখল কৰে। নাথান স্মিথে ৮৪ ৰানত ১ উইকেট দখল কৰে। কাইল জেমিছনে ৮৮ ৰানত ১ উইকেট দখল কৰে। মেট হেনৰীয়েও ৯৪ ৰানত ১ উইকেট দখল কৰে। জেকব ডাফীয়ে ৰান দিয়াৰ ক্ষেত্ৰত ‘ডাবল চেঞ্চুৰী’ কৰিলে। তেওঁ ২০১ ৰান দি ১ টা উইকেট দখল কৰে।





