• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, November 22, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চন্দ্ৰৰ মাটিত সফল আলু খেতি! কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে বিজ্ঞানীসকলে?

পৰীক্ষাৰ পৰা দেখা গৈছে যে কোনো জৈৱিক সাৰ অবিহনে চন্দ্ৰৰ মাটি অনুকৰণ কৰি তৈয়াৰ কৰা উপাদানত আলু গছৰ প্ৰায় কোনো শিপা গঠন হোৱা নাছিল। কিন্তু মাত্ৰ ৫ শতাংশ ভাৰ্মিকম্পোষ্টৰ সহায়ত উদ্ভিদৰ শিপা আৰু আলু গঠন হ’বলৈ ধৰিলে।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
November 22, 2026 12:40 pm
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মহাকাশ গৱেষণা সংস্থাসমূহে পৃথিৱীৰ পৰা লাখ লাখ কিলোমিটাৰ দূৰত্বত থকা চন্দ্ৰলৈ গৈ তাতেই দীৰ্ঘদিন বসবাসৰ পৰিকল্পনা কৰিছে। কিন্তু মহাকাশচাৰীসকলক কেনেকৈ খাদ্য যোগান ধৰা হ’ব? প্ৰতিবাৰেই পৃথিৱীৰ পৰা খাদ্য নিয়াটো ব্যয়বহুল, আৰু দীৰ্ঘম্যাদী মহাকাশ অভিযানৰ বাবেও ই যথেষ্ট কঠিন। এতিয়া বিজ্ঞানীসকলে সেই সমস্যা সমাধানৰ পথ দেখুৱাইছে। চন্দ্ৰৰ মাটিৰ দৰে কৃত্ৰিম উপাদানত গৱেষকসকলে সফলতাৰে আলু খেতি কৰিছে।

নাছাৰ সমৰ্থিত এই গৱেষণাত দেখা গৈ ছে যে চন্দ্ৰপৃষ্ঠৰ মাটি অনুকৰণত প্ৰস্তুতকৰা উপাদানৰ লগত জৈৱিক সাৰ মিহলাই তাত আলু খেতি কৰা সম্ভৱ। বৃহস্পতিবাৰে এন পি জে মাইক্ৰ’গ্ৰেভিটি নামৰ বিজ্ঞান আলোচনীখনত এই গৱেষণাৰ কথা প্ৰকাশ পাইছে। আমেৰিকাৰ অৰেগন ষ্টেট ইউনিভাৰ্চিটিৰ গৱেষকসকলে এই পৰীক্ষাৰ নেতৃত্ব দিয়ে। তেওঁলোকে ‘মোদক’ নামৰ আগতীয়াকৈ ফল পোৱা আলুৰ জাত ব্যৱহাৰ কৰে।

চন্দ্ৰৰ পৃষ্ঠভাগ মূলতঃ শিলৰ গুড়ি আৰু ধূলিৰ তৰপেৰে আবৃত হৈ থাকে, যাক ‘ৰেগলিথ’ বুলি কোৱা হয়। পৃথিৱীৰ মাটিৰ পৰা ই বহুত বেলেগ। চন্দ্ৰৰ মাটিত কোনো জৈৱিক পদাৰ্থ নাথাকে। ইয়াৰ উপৰিও নাইট্ৰজেনৰ অভাৱ, যিটো উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয়। কেৱল সেয়াই নহয়, চন্দ্ৰৰ মাটিত তামৰ দৰে কিছুমান গধুৰ ধাতু থাকিব পাৰে, যিয়ে উদ্ভিদৰ বৃদ্ধি আৰু শস্যৰ ক্ষতি কৰিব পাৰে।

Apply Now

এই সমস্যা দূৰ কৰিবলৈ গৱেষকসকলে চন্দ্ৰৰ মাটি অনুকৰণ কৰি তৈয়াৰী উপাদানৰ সৈতে ভাৰ্মিকম্পোষ্ট মিহলাই লয়। কেঁচুৰ সহায়ত জৈৱিক আৱৰ্জনা পচি তৈয়াৰ কৰা এই সাৰে উদ্ভিদৰ বৃদ্ধিৰ বাবে প্ৰয়োজনীয় পুষ্টিকৰ উপাদান যোগান ধৰে।

পৰীক্ষাৰ পৰা দেখা গৈছে যে কোনো জৈৱিক সাৰ অবিহনে চন্দ্ৰৰ মাটি অনুকৰণ কৰি তৈয়াৰ কৰা উপাদানত আলু গছৰ প্ৰায় কোনো শিপা গঠন হোৱা নাছিল। কিন্তু মাত্ৰ ৫ শতাংশ ভাৰ্মিকম্পোষ্টৰ সহায়ত উদ্ভিদৰ শিপা আৰু আলু গঠন হ’বলৈ ধৰিলে। আনহাতে, ৩০ শতাংশ ভাৰ্মিকম্পোষ্ট ব্যৱহাৰ কৰিলে পৃথিৱীৰ একে পৰিৱেশতে উৎপাদিত আলুৰ উৎপাদনৰ প্ৰায় সমান হয়।

এই গৱেষণাৰ মুৰব্বী আয়মেৰিক গ’য়াৰে ৰয়টাৰ্ছক জনাইছে যে যিহেতু চন্দ্ৰৰ মাটিত নাইট্ৰ’জেনৰ অভাৱ, গতিকে প্ৰয়োজনীয় পুষ্টিকৰ পদাৰ্থ যোগান ধৰা নহ’লে তাত কোনো শস্যৰ খেতি হ’ব নোৱাৰে।

বিজ্ঞানীসকলে আলুক মহাকাশ অভিযানৰ বাবে অতি আশাব্যঞ্জক শস্য হিচাপে লৈছে। কাৰণ, অলপ ঠাইত আলু খেতি কৰিলে পৰ্যাপ্ত পৰিমাণৰ কেলৰি পোৱা সম্ভৱ। তদুপৰি আলুত পটাছিয়াম আৰু ভিটামিন চি আদি অত্যাৱশ্যকীয় পুষ্টিকৰ উপাদান থাকে।

ফলস্বৰূপে ভৱিষ্যতে যদি মহাকাশচাৰীক চন্দ্ৰলৈ দীৰ্ঘদিনলৈ প্ৰেৰণ কৰা হয়, তেন্তে তাত আলু খেতি কৰি তেওঁলোকক খাদ্যৰ যোগান ধৰিব পৰা যাব। ইয়াৰ ফলত পৃথিৱীৰ পৰা বৃহৎ পৰিমাণৰ খাদ্য কঢ়িয়াই নিয়াৰ প্ৰয়োজনীয়তা হ্ৰাস পাব। এই পদ্ধতিত উৎপাদিত আলুৰ অধিকাংশ পুষ্টিগুণ অক্ষত আছে বুলিও গৱেষণাত দেখা গৈছে।

অৱশ্যে সকলো এতিয়াও সম্পূৰ্ণ নিশ্চিত হোৱা নাই। এই পৰীক্ষাত আলুত প্ৰাকৃতিকভাৱে উপস্থিত থকা দুটা বিষাক্ত মৌলৰ মাত্ৰা বিশেষভাৱে বৃদ্ধি হোৱা দেখা নগ’ল। কিন্তু কেইটামান নমুনাত গধুৰ ধাতুৰ পৰিমাণ অলপ বেছি হোৱা দেখা গৈছিল। গতিকে এই ক্ষেত্ৰত অধিক পৰীক্ষা আৰু পৰ্যবেক্ষণৰ প্ৰয়োজনআছে।

এই গৱেষণাৰ আটাইতকৈ ডাঙৰ সীমাবদ্ধতাটো হ’ল এই পৰীক্ষাটো প্ৰকৃত চন্দ্ৰৰ মাটিত কৰা হোৱা নাছিল। পৃথিৱীৰ এটা সেউজগৃহৰ ভিতৰত চন্দ্ৰৰ মাটি অনুকৰণ কৰি তৈয়াৰ কৰা উপাদান ব্যৱহাৰ কৰি আলুৰ খেতি কৰা হৈছিল। তদুপৰি সৰু সৰু পাত্ৰত খেতি কৰা আলুৰ ওজন সাধাৰণতে ১০ গ্ৰামতকৈও কম আছিল।

গৱেষকসকলৰ মতে, ডাঙৰ পাত্ৰত আলু খেতি কৰি বজাৰত উপলব্ধ সাধাৰণ আলুৰ আকাৰৰ দৰে শস্য উৎপাদন সম্ভৱনে নহয় সেইটো পৰীক্ষা কৰাটো প্ৰয়োজনীয়। তেতিয়াহে আমি এই পদ্ধতিৰ ব্যৱহাৰিক ফলপ্ৰসূতাৰ বিষয়ে অধিক নিশ্চিত হ’ব পাৰিম।

এতিয়ালৈকে গৱেষকসকলে এই পৰীক্ষাত খেতি কৰা আলুৰ সোৱাদ লোৱা নাই। মূলতঃ পৰীক্ষাগাৰত বিভিন্ন ধৰণৰ বিশ্লেষণৰ বাবে ব্যৱহাৰ কৰা হৈছে।

মুঠতে চন্দ্ৰৰ মাটিত আলু খেতি কৰাৰ এই পৰীক্ষা ভৱিষ্যতৰ মহাকাশ অভিযানৰ দিশত এক অতি গুৰুত্বপূৰ্ণ পদক্ষেপ। অৱশ্যে মহাকাশচাৰীসকলে কেতিয়া চন্দ্ৰত নিজৰ খাদ্যৰ খেতি নিজেই কৰিব পাৰিব তাৰ উত্তৰ পাবলৈ আমি এতিয়াও অপেক্ষা কৰিব লাগিব।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চন্দ্ৰৰ মাটিত সফল আলু খেতি! কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে বিজ্ঞানীসকলে?

চন্দ্ৰৰ মাটিত সফল আলু খেতি! কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে বিজ্ঞানীসকলে?

November 22, 2026 12:40 pm
ঋষভ পন্তৰো শতক, ৭২০ ৰানত ইনিংছ ঘোষণা শুভমন বাহিনীৰ! পৰাজয় ৰোধ কৰিবলৈ যুঁজিছে নিউজিলেণ্ডে

ঋষভ পন্তৰো শতক, ৭২০ ৰানত ইনিংছ ঘোষণা শুভমন বাহিনীৰ! পৰাজয় ৰোধ কৰিবলৈ যুঁজিছে নিউজিলেণ্ডে

November 22, 2026 11:45 am
ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; একেটা পৰিয়ালৰে ৯ জন নিহত, আহত ৬ জন

ভয়ংকৰ পথ দুৰ্ঘটনা! ট্ৰাকত খুন্দা মাৰিলে তীব্ৰবেগী গাড়ীয়ে; একেটা পৰিয়ালৰে ৯ জন নিহত, আহত ৬ জন

November 22, 2026 10:26 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

November 22, 2026 9:44 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চন্দ্ৰৰ মাটিত সফল আলু খেতি! কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে বিজ্ঞানীসকলে?

চন্দ্ৰৰ মাটিত সফল আলু খেতি! কেনেকৈ অসম্ভৱক সম্ভৱ কৰি তুলিলে বিজ্ঞানীসকলে?

November 22, 2026 12:40 pm
ঋষভ পন্তৰো শতক, ৭২০ ৰানত ইনিংছ ঘোষণা শুভমন বাহিনীৰ! পৰাজয় ৰোধ কৰিবলৈ যুঁজিছে নিউজিলেণ্ডে

ঋষভ পন্তৰো শতক, ৭২০ ৰানত ইনিংছ ঘোষণা শুভমন বাহিনীৰ! পৰাজয় ৰোধ কৰিবলৈ যুঁজিছে নিউজিলেণ্ডে

November 22, 2026 11:45 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd