গুৱাহাটীৰ এৰিয়াছ ছ’চাইটিৰ সভাকক্ষত আয়োজিত এক অনুষ্ঠানত শুকুৰবাৰে অসম চৰকাৰৰ মীন বিভাগৰ অতিৰিক্ত মুখ্য সচিব কে চি চামৰিয়াই ‘অসম ছাষ্টেইনেবল ৱেটলেণ্ড এণ্ড ইণ্টিগ্ৰেটেড ফিছাৰীজ ট্ৰান্সফৰ্মেশ্যন’ প্ৰকল্পটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। উল্লেখযোগ্য যে যোৱা ২ নৱেম্বৰত ভাৰত চৰকাৰ, অসম চৰকাৰ আৰু এছিয়ান উন্নয়ন বেংকৰ মাজত স্বাক্ষৰিত ৭১.৯ নিযুত আমেৰিকান ডলাৰৰ ঋণ চুক্তিৰ পাছতেই ৰাজ্যৰ কমেও ১০২খন বিলৰ পুনৰুদ্ধাৰ আৰু সমাজকেন্দ্ৰিক ব্যৱস্থাপনাৰ লক্ষ্যৰে এই প্ৰকল্পটো মুকলি কৰা হৈছে।
‘ছুইফ্ট’ প্ৰকল্পটোৱে মৎস্য খণ্ডৰ বিকাশৰ সৈতে অসমৰ জলাশয়সমূহৰ পাৰিপাৰ্শ্বিক স্বাস্থ্যক সংযুক্ত কৰিছে। ইয়াৰ অধীনত প্ৰতিখন বিলৰ নিৰ্দিষ্ট প্ৰয়োজনীয়তা অনুযায়ী পুনৰুদ্ধাৰৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব, যাৰ ভিতৰত পলস আঁতৰোৱা, জলজ অপতৃণ চাফা কৰা আৰু প্ৰচলিত সুঁতিসমূহৰ জৰিয়তে পানীৰ প্ৰবাহ উন্নত কৰাৰ দৰে পদক্ষেপ অন্তৰ্ভুক্ত থাকিব। জলাশয়ৰ পৰিৱেশতন্ত্ৰ উজ্জীৱিত কৰি তোলা আৰু মাছৰ উৎপাদন বৃদ্ধি কৰাই এই ব্যৱস্থাসমূহৰ মূল উদ্দেশ্য।
প্ৰকল্পটোৰ অন্যতম উল্লেখযোগ্য বৈশিষ্ট্য হৈছে জলাশয়ৰ সম্পদসমূহৰ ওপৰত স্থানীয় সমাজৰ নেতৃত্বাধীন ব্যৱস্থাপনা আৰু স্বত্বাধিকাৰক গুৰুত্ব প্ৰদান কৰা। স্থানীয় ৰাইজৰ প্ৰতিনিধি আৰু অন্যান্য অংশীদাৰসকলক লৈ গঠন হ’বলগীয়া বিল উন্নয়ন সমিতিসমূহে প্ৰকল্পৰ পৰিকল্পনা, ব্যৱস্থাপনা আৰু ইয়াৰ ধাৰাবাহিকতা বজাই ৰখাত মুখ্য ভূমিকা পালন কৰিব। লগতে এই প্ৰকল্পই মহিলাৰ অংশগ্ৰহণৰ ওপৰতো বিশেষ গুৰুত্ব আৰোপ কৰিছে, য’ত উক্ত সমিতিসমূহত কমেও ৪০ শতাংশ মহিলা প্ৰতিনিধি থকাটো নিশ্চিত কৰা হ’ব।
এই প্ৰকল্পৰ জৰিয়তে মৎস্যপালক তথা সমবায় সমিতিসমূহক উন্নত সামগ্ৰী, মাছ ধৰা সঁজুলি আৰু আহৰণ কৰা মাছৰ প্ৰক্ৰিয়াকৰণ তথা বিপণনৰ সা-সুবিধা প্ৰদান কৰা হ’ব। ইয়াৰ উপৰি জলবায়ু-সহনশীল মৎস্য আহৰণ পদ্ধতিক উৎসাহিত কৰাৰ লগতে জলাশয়ৰ সম্পদৰ ওপৰত থকা চাপ হ্ৰাস কৰিবলৈ পৰিয়ালসমূহক বিকল্প উপাৰ্জনৰ উৎস সৃষ্টি কৰাতো সহায় আগবঢ়োৱা হ’ব।
উদ্বোধনী অনুষ্ঠানত এৰিয়াছ ছ’চাইটিৰ ৰাজ্যিক প্ৰকল্প সঞ্চালক বীৰেন্দ্ৰ মিত্তালে প্ৰকল্পটোৰ উদ্দেশ্য আৰু ৰূপায়ণৰ ৰূপৰেখা দাঙি ধৰে। আনহাতে, ‘ছুইফ্ট’ প্ৰকল্পৰ বাবে এছিয়ান উন্নয়ন বেংকৰ দলনেত্ৰী ছুনে কিম, অসমৰ মুখ্যমন্ত্ৰীৰ সচিব ড° জীৱন বি আৰু অসমৰ মীন সঞ্চালক গৌৰী শংকৰ দাসে ৰাজ্যৰ মৎস্য খণ্ড তথা জলাশয়-নিৰ্ভৰশীল সমাজৰ বাবে এই প্ৰকল্পৰ গুৰুত্ব সম্পৰ্কে আলোকপাত কৰে।
এই অনুষ্ঠানতে জনসংযোগ শক্তিশালী কৰা, তথ্য প্ৰচাৰ আৰু অংশীদাৰসকলৰ সম্পৃক্ততা বৃদ্ধিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে ‘ছুইফ্ট’ প্ৰকল্পৰ সামাজিক মাধ্যমৰ মঞ্চও মুকলি কৰা হয়। অনুষ্ঠানত উপস্থিত থকা অগ্ৰণী মৎস্যপালক আৰু বিলসমূহৰ স্থানীয় সমাজৰ প্ৰতিনিধিসকলে নিজৰ অভিজ্ঞতা, আকাংক্ষা আৰু প্ৰত্যাশা ব্যক্ত কৰি প্ৰকল্পটোৰ লক্ষ্যত উপনীত হোৱাৰ ক্ষেত্ৰত ৰাইজৰ সক্ৰিয় অংশগ্ৰহণৰ গুৰুত্বৰ কথা দোহাৰে।





